• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2025 6:30 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা সময় অছিল হৃদৰোগ প্ৰায় বয়সীয়া লোকৰ ক্ষেত্ৰত হে দেখা গৈছিল বা মানুহৰ এটা নিৰ্দষ্ট বয়্সৰ পিছত হে দেখিবলৈ পোৱা গৈছিল। সম্প্ৰতি শিশুৰ পৰা আৰম্ভ কৰি বয়োবৃদ্ধলৈ প্ৰতিটো বয়সৰ লোকৰ মাজত দেখিবলৈ পোৱা গৈছে। প্ৰায়ে কোন খেলুৱৈ খেলি থকা অৱস্থাতে হাৰ্ট এটেক হোৱা বা কোনো শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰি থাকোতে হাৰ্ট এটেকত শিল্পীৰ মৃত্যুৰ খবৰ দেখিবলৈ পোৱা যায়। এনে ঘটনাই হাৰ্ট এটেকৰ বিষয়ে সজাগতাৰ প্ৰয়োজনীয়তাক আলোকপাত কৰিছে। জানো আহক হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায়সমূহৰ বিষয়ে কি কয় চিকিৎসকে…

হাৰ্ট এটেক কি?

Apply Now

চিকিৎসা বিজ্ঞানৰ ভাষাত হাৰ্ট এটেকক মায়োকাৰ্ডিয়াল ইনফাৰ্কচন বোলা হয়। যেতিয়া হৃদযন্ত্ৰৰ ধমনীত বন্ধহৈ পৰাৰ ফলত পৰ্যাপ্ত অক্সিজেন আৰু তেজৰ সৰবৰাহ বন্ধ হৈ যায়, তেতিয়া এই অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ পেশীৰ ক্ষতি হয়, যি মাৰাত্মক হৈ পৰে।

হাৰ্ট এটেকৰ কিছুমান প্ৰধান লক্ষণ:

  • বুকুৰ বিষ বা চাপ: প্ৰায়ে বুকুৰ মাজভাগ বা বাওঁফালে তীব্ৰ বিষ বা চাপ অনুভৱ হয়। এই বিষ বাওঁ হাত, কান্ধ, ডিঙি বা পিঠিলৈ বিয়পিব পাৰে।
  • শ্বাস-প্ৰশ্বাসত কষ্ট: উশাহ লোৱাত অসুবিধা হ’ব পাৰে, আনকি জিৰণিৰ সময়তো এই সমস্যা হ’ব পাৰে।
  • অত্যধিক ঘাম: কাৰণ নোহোৱাকৈ হঠাৎ ঘাম ওলোৱাটো এটা গুৰুতৰ লক্ষণ।
  • দুৰ্বলতা বা মূৰ ঘূৰোৱা: হঠাৎ দুৰ্বলতা, মূৰ ঘূৰোৱা বা অচেতন হোৱাৰ অনুভৱ।
  • অনিয়মিত হৃদস্পন্দন: হৃদস্পন্দন দ্ৰুত বা অনিয়মিত হ’ব পাৰে।
  • ডিঙি বা হাতত বিষ: ডিঙি, পিঠি বা দুয়োখন হাতত বিষ বা জঠৰতা অনুভৱ হ’ব পাৰে।

হৃদযন্ত্ৰৰ বিকলতা (হাৰ্ট ফেইলাৰ) কি?

হাৰ্ট ফেইলাৰ হৈছে এনে এক গুৰুতৰ অৱস্থা, য’ত হৃদযন্ত্ৰই শৰীৰৰ প্ৰয়োজন অনুসৰি তেজ পাম্প কৰিব নোৱাৰে। এই সমস্যা লাহে লাহে বিকশিত হয় আৰু ইয়াৰ লক্ষণসমূহ হ’ল:

  • উশাহ লোৱাত অসুবিধা।
  • ভৰি, গোৰোহা বা পেট ফুলা।
  • সোনকালে ভাগৰুৱা লগা।
  • হঠাৎ ওজন বৃদ্ধি বা কমি যোৱা।
  • সঘনাই কাহ।

কাৰ্ডিয়ক এৰেষ্ট কি?

কাৰ্ডিয়ক এৰেষ্ট হৈছে হৃদযন্ত্ৰৰ বৈদ্যুতিক ব্যৱস্থা বিঘ্নিত হোৱাৰ ফলত হৃদস্পন্দন হঠাৎ বন্ধ হৈ যোৱা অৱস্থা। এই সময়ত ৰোগী অচেতন হৈ পৰে আৰু উশাহ-নিশাহ বন্ধ হৈ যায়। এইটো হাৰ্ট এটেকৰ পৰা পৃথক, কিন্তু দুয়োটাই জীৱনলৈ ভয়াৱহতা মাতি আনে।

হাৰ্ট এটেকৰ মূল কাৰণসমূহ হ’ল:

  • ধমনীত বন্ধ: হৃদযন্ত্ৰৰ ধমনীত চৰ্বি বা প্লেক জমা হৈ তেজৰ সোঁত বন্ধ হৈ যোৱা।
  • উচ্চ ৰক্তচাপ: দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপে হৃদযন্ত্ৰৰ ওপৰত চাপ সৃষ্টি কৰে।
  • কলেষ্টেৰল: উচ্চ কলেষ্টেৰলৰ মাত্ৰাই ধমনীত বন্ধৰ সৃষ্টি কৰে।
  • ডায়েবিটিছ: ডায়েবিটিছৰ ফলত ধমনীৰ ক্ষতি হ’ব পাৰে।
  • মেদবহুলতা: অত্যধিক ওজনে হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত চাপ পেলায়।
  • ধূমপান আৰু মদ্যপান: এই অভ্যাসে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ক্ষতি কৰে।

বিশেষজ্ঞসকলৰ মতে হাৰ্ট এটেক বা হৃদৰোগৰ কোনো লক্ষণ দেখা দিলে তৎক্ষণাৎ চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে। পলম হ’লে পৰিস্থিতি মাৰাত্মক হ’ব পাৰে। জৰুৰী এই সময়ত ৰোগীক কেতিয়াও অকলে এৰি নাযাব।

হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰি:

  • স্বাস্থ্যকৰ খাদ্য: ফলমূল, শাক-পাচলি, গোটা শস্য, কম চৰ্বিযুক্ত গাখীৰ, দৈ, মাছ আৰু শুকান ফলৰ পৰা তৈয়াৰী খাদ্য গ্ৰহণ কৰক।
  • নিয়মিত ব্যায়াম: দৈনিক অন্ততঃ ৩০ মিনিট ব্যায়াম কৰক।
  • ধূমপান আৰু মদ্যপান পৰিহাৰ: এই অভ্যাস সম্পূৰ্ণৰূপে ত্যাগ কৰক।
  • স্বাস্থ্য পৰীক্ষা: নিয়মিতভাৱে ৰক্তচাপ, চেনি আৰু কলেষ্টেৰলৰ মাত্ৰা পৰীক্ষা কৰক।
  • চিকিৎসকৰ পৰামৰ্শ: চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰক।

হাৰ্ট এটেকৰ লক্ষণৰ বিষয়ে সজাগতা আৰু সময়মতে পদক্ষেপ গ্ৰহণে জীৱন ৰক্ষা কৰিব পাৰে। স্বাস্থ্যকৰ জীৱনশৈলী আৰু নিয়মিত চিকিৎসা পৰীক্ষাৰ জৰিয়তে এই ৰোগৰ পৰা হাত সাৰিব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am
পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am
“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd