• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

বৃক্ক বিকল হ’লে শৰীৰে দিয়ে এই সংকেতসমূহ! আওকাণ কৰিলে হ’ব বিপদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2025 6:30 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃক্ক (কিডনী) আমাৰ শৰীৰৰ এক নীৰৱ ৰক্ষক। তেজ পৰিষ্কাৰ কৰা, বেয়া পদাৰ্থ আঁতৰোৱা, শৰীৰৰ জল-লবণৰ ভাৰসাম্য বজাই ৰখা আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ই এক অপৰিহাৰ্য অঙ্গ। কিন্তু এই অঙ্গটোত যদি বিকল হ’বলৈ অৰম্ভ কৰে তেতিয়া শৰীৰে কিছু গুৰুত্বপূৰ্ণ সংকেত দিয়ে—যিবোৰ অধিকাংশ সময়তে আমি উপেক্ষা কৰোঁ।

বিশেষজ্ঞসকলৰ মতে এই সংকেতসমূহ দেখা দিয়াৰ সময়মতে চিনাক্ত কৰিলে চিকিৎসা কৰিলে বহু গভীৰ সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি।

Apply Now

বৃক্ক বিকল হোৱাৰ সম্ভাৱ্য কাৰণসমূহ:

  • ডায়েবেটিছ (চুগাৰ)
  • উচ্চ ৰক্তচাপ
  • সঘনাই প্ৰস্ৰাৱ সংক্রমণ
  • ঔষধৰ দীৰ্ঘম্যাদী সেবন
  • জিনীয় সমস্যাসমূহ
  • বৃক্কত পাথৰ বা আঘাত

কিদৰে চিনিব বৃক্কৰ সমস্যাৰ প্ৰাৰম্ভিক সংকেত?

১. প্ৰস্ৰাৱৰ ধাৰণত পৰিৱৰ্তন
যদি ৰাতিপুৱা বা নিশা সঘন প্ৰস্ৰাৱ  হয়, অথবা হঠাৎ প্ৰস্ৰাৱৰ পৰিমাণ, ৰং, বা গন্ধত পৰিৱৰ্তন দেখা যায়, সেয়া বৃক্কৰ সমস্যা হোৱাৰ ইঙ্গিত হ’ব পাৰে।
বিশেষকৈ—তেজ থকা প্ৰস্ৰাৱ, ক’লা ৰং, বা জ্বলন প্ৰভৃতি লক্ষণক উপেক্ষা নকৰিব।

২. শৰীৰ ফুলা দেখা দিয়া
বৃক্ক সঠিকভাৱে কাম নকৰিলে শৰীৰত পানী আৰু নিমখ জমা হ’বলৈ ধৰিব পাৰে। ফলস্বৰূপে ভৰি, মুখ, চকুৰ তলত বা গোৰোহা ফুলি উঠিব পাৰে।

৩. ক্লান্তি, দুৰ্বলতা আৰু মূৰ ঘূৰোৱা
বিষাক্ত পদাৰ্থ তেজৰ সৈতে জমা হৈ থাকিলে শৰীৰ ভাগৰুৱা লাগে, দম কমি যায়, আৰু কেতিয়াবা হিম’গ্লবিনো হ্ৰাস পায়।

৪. ভোকৰ অভাৱ আৰু খাদ্যৰ ৰুচি হ্ৰাস
শৰীৰত জমা হোৱা বেয়া পদাৰ্থৰ প্ৰভাৱত মুখ তিতা অনুভৱ হ’ব পাৰে, আৰু খাদ্যৰ প্রতি অনীহা দেখা দিয়ে।

৫. ছালত খজুৱতি আৰু শুকান ভাব
কোনো স্পষ্ট কাৰণ নোহোৱাকৈ ছালত খজুৱতি বা শুকান ভাব থাকিলে ই বৃক্কৰ বিকল হোৱাৰ সংকেত হ’ব পাৰে। বিশেষকৈ জ্বলা বা ফোহা উঠা দেখা দিলে চিকিৎসকৰ পৰামৰ্শ কৰা উচিত।

৬. উশাহ লোৱাত অসুবিধা
বৃক্কৰ সমস্যা হ’লে পানী হাওঁফাওঁলৈ গৈ সামান্য পৰিশ্ৰমতো উশাহ-নিশাহত কষ্ট, বুকু টান ধৰা দেখা দিব পাৰে।

৭. নিয়ন্ত্ৰণ নোহোৱা উচ্চ ৰক্তচাপ
যিহেতু বৃক্কই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। যদি কোনো ব্যক্তিৰ বি পি হঠাৎ বাঢ়িবলৈ আৰম্ভ কৰে আৰু ঔষধৰ দ্বাৰাও নিয়ন্ত্ৰণ কৰিব পৰা নাযায়, তেন্তে ই বৃক্ক বিকল হোৱাৰ লক্ষণ হ’ব পাৰে।

কেনেকৈ সাৱধানতা অবলম্বন কৰিব?

  • নিয়মিত ৰক্ত চাপ, চুগাৰ আৰু বৃক্কৰ কাৰ্য ক্ষমতা পৰীক্ষা কৰক।
  • পৰিয়ালত যদি বৃক্কৰ সমস্যা, ডায়েবেটিছ বা উচ্চ ৰক্তচাপ থাকে, তেন্তে বিশেষভাৱে সাৱধান হওক।
  • পৰ্যাপ্ত পৰিমাণত পানী খাব, সুষম আহাৰ গ্ৰহণ কৰক, ধূমপান আৰু মদ্যপান ত্যাগ কৰক।
  • যিকোনো সন্দেহজনক লক্ষণ দেখা দিলে ডাক্তৰৰ পৰামৰ্শ ল’বলৈ অবহেলা নকৰিব।

আপোনাৰ বৃক্ক সুস্থ থাকিলে, শৰীৰো সুস্থ থাকিব।গতিকে সময়ে সময়ে ৰক্তচাপ, চুগাৰ আৰু বৃক্ক সম্পৰ্কীয় পৰীক্ষা কৰি থাকিব। যদি পৰিয়ালৰ কোনো সদস্যৰ উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা বৃক্কৰ সমস্যা আছে, তেন্তে বিশেষভাৱে সাৱধান হওক। পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ লগতে সুষম খাদ্য গ্ৰহণ, ধূমপান আৰু মদ্যপান পৰিহাৰ কৰা উচিত। কোনো লক্ষণক আওকাণ নকৰি  লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে যাতে সময় থাকোতেই সু-চিকিৎসা লাভ কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm
অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd