Karnataka Election Result 2023: পুৱাই ১০০তকৈয়ো অধিক আসনত অগ্ৰগতি! কংগ্ৰেছত আনন্দৰ লহৰ

কৰ্ণাটকৰ ২২৪টা বিধানসভা সমষ্টিত যোৱা ১০ তাৰিখে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। সেই ৰাজ্যত আজি ভোট গণনা কৰা হৈছে। ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত প্ৰায় সকলো নিৰ্বাচনোত্তৰ সমীক্ষাই নিৰ্বাচনত কংগ্ৰেছক আগুৱাই ৰাখিছে। অৱশ্যে সেই সমীক্ষাত ত্ৰিশংকু বিধান সভাৰ আভাসো দেখা গৈছিল।

আজি ভোটগ্ৰহণৰ আৰম্ভণিৰ দিশে ১১৮খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ। ৯২খন আসনত আগবাঢ়ি আছে বিজেপি। আনহাতে, জেডিএছ এতিয়া ২৬খন আসনত আগবাঢ়ি আছে।

ভোটগণনা আৰম্ভ হোৱাৰ প্ৰথম আধা ঘণ্টাত ডাক বেলটত আগবাঢ়ি আছিল বিজেপি। প্ৰায় ৯৫খন আসনত আগবাঢ়ি আছে গেৰুৱা শিবিৰ। কংগ্ৰেছে ৮৩খন আসনত আগবাঢ়ি আছিল। আনহাতে, ২২খন আসনত আগবাঢ়ি আছিল ‘কিংমেকাৰ’ জেডিএছ।

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ আজি ভোটগণনাত দক্ষিণৰ ৰাজ্যখনৰ ২৬১৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ২২৪খন আসনৰ ভোটগণনাৰ পূৰ্বে দিল্লীৰ কংগ্ৰেছ কাৰ্যালয়ত আৰম্ভ হৈছে উদযাপন।

কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াৰ পুত্ৰ যথিন্দ্ৰ সিদ্ধাৰমাইয়াই আজি কয় যে কংগ্ৰেছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি কৰ্ণাটকত চৰকাৰ গঠন কৰিব। আমি নিশ্চিত যে আমি নিজাববীয়াকৈ চৰকাৰ গঠন কৰিম।”

উল্লেখ্য যে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আছিল একক বৃহত্তম দল। দলটো ১০৪খন আসনত জয়ী হয়। কংগ্ৰেছে ৮০খন আসন লাভ কৰে। জেডি(এছ)ই ৩৭খন আসনত জয়লাভ কৰে। নিৰ্দলীয়, বিএছপি আৰু কৰ্ণাটক প্ৰজ্ঞাবন্ত জনতা পাৰ্টিয়ে এখনকৈ আসন লাভ কৰে। অৰ্থাৎ কোনো দলেই ‘মেজিক ফিগাৰ’ (১১৩) পাৰ হ’ব নোৱাৰিলে।

সেই পৰিস্থিতিত কংগ্ৰেছে জেডিএছৰ সৈতে হাত মিলাই চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তাৰ আগতে বিজেপিয়ে চৰকাৰ গঠনৰ দাবী জনাইছিল আৰু চৰকাৰ গঠন কৰিছিল। বি এছ য়েডুৰাপ্পা মুখ্যমন্ত্ৰী হৈছিল। কিন্তু বিজেপি চৰকাৰ মাত্ৰ তিনিদিনহে চলিল। পৰ্যাপ্ত সংখ্যাৰ অভাৱত আস্থা ভোটৰ আগত ঢলি পৰে চৰকাৰ। তাৰ পিছত কংগ্ৰেছে জেডিএছৰ লগত মিলি চৰকাৰ গঠন কৰিছিল। কুমাৰস্বামী মুখ্যমন্ত্ৰী হৈছিল।

কিন্তু সেই মিত্ৰজোঁটৰ চৰকাৰখন বেছি দিন টিকি নাথাকিল। ১৪ মাহৰ ভিতৰতে পতন ঘটিল। নিৰ্দলীয়কে ধৰি ১৭ গৰাকী বিধায়কে পদত্যাগ কৰি বিজেপিত যোগদান কৰে। সেই পৰিস্থিতিত বিজেপিয়ে কৰ্ণাটকৰ সিংহাসন দখল কৰে। ২০১৯ চনত অনুষ্ঠিত উপ-নিৰ্বাচনত গেৰুৱা শিবিৰে ১৫খন আসনৰ ভিতৰত ১২খন আসন লাভ কৰে।

বিজেপিৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৩৮ বছৰীয়া পৰম্পৰা সলনি কৰিবলৈ তৎপৰ হৈ পৰিছে গেৰুৱা শিবিৰ। কাৰণ ১৯৮৫ চনৰ পৰা কৰ্ণাটকত একেৰাহে দুবাৰকৈ কোনো দলে ক্ষমতা দখল কৰা নাই। আজি ইয়াৰ (শনিবাৰে) উত্তৰ পোৱা যাব।

বৰ্তমান কৰ্ণাটক বিধানসভাত ১১৬ জন বিজেপি বিধায়ক আছে। কংগ্ৰেছত আছে ৬৯ জন বিধায়ক। জেডিএছৰ বিধায়কৰ সংখ্যা ২৯ জন। বিএছপিৰ আছে এজন আৰু দুজন নিৰ্দলীয় বিধায়ক। এজন অধ্যক্ষ আছে। এখন আসন খালী।