চীনৰ চাংপো নদীৰ ওচৰত ধাৰাসাৰে বৰষুণ হোৱাৰ বাতৰি অৱগত হোৱাৰ পাছত এই কথা অৰুণাচলৰ ৰাজ্যিক চৰকাৰক ভাৰত চৰকাৰৰ তৰফৰ পৰা জনাই দিছে। তাৰ পাছত অৰুণাচলৰ পূব ছিয়াঙৰ জিলা প্ৰশাসনে নামনি এলেকাসমূহত বাস কৰা লোকসকলক তেওঁলোকে ছিয়াং নদীত মাছ ধৰা, সাঁতোৰা আন কামৰ বাবে নাযায় তাৰ বাবে সতৰ্ক কৰি দিছে।
বুধবাৰে এক বিজ্ঞপ্তিযোগে জিলা প্ৰশাসনে ব্যক্ত কৰিছে যে চাংপো নদী উপচি আহিছে আৰু বুধবাৰে পুৱা প্ৰতি ছেকেণ্ডত ৯০২০ ঘন মিটাৰ পানী বোৱাই আনিছে। এই পৰিমাণ বিগত ৫০ বছৰত সৰ্বাধিক বুলি ব্যক্ত কৰা হৈছে।
অৱশ্যে কেন্দ্ৰীয় জল আয়োগে (CWC) জনাইছে যে আগষ্টৰ ১৪ তাৰিখে চাংপোৱে প্ৰতি ছেকেণ্ডত ৮০৭০ ঘন মিটাৰ পানী বহন কৰিছিল গতিকে অতিৰিক্ত পানীৰ পৰিমাণখনিয়ে কোনো বিশেষ ক্ষতি কৰিব নোৱাৰে, গতিকে শংকাৰ কোনো কাৰণ নাই।
এই ক্ষেত্ৰত মনত পৰে যে বিগত বছৰৰ ডিচেম্বৰৰ প্ৰথম ভাগত ছিয়াং মনদীৰ পানী ঘোলা আৰু ক’লা বৰণীয়া হৈ পৰিছিল এই পানীয়ে ভালেমান বন্যপ্ৰাণী আৰু জলজ প্ৰাণীৰ মৃত্যুৰ কাৰণ হৈ পৰিছিল।বিশাল ছিয়াঙৰ পানী ঘোলা বৰণীয়া হৈ পৰাটোত কেবল আৰুণাচলৰেই নহয়, ছিয়াঙৰ নামনিত বাস কৰা অসমৰ জনসাদাৰণকো শংকিত কৰি তুলিছিল। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ছিয়াঙৰ পানী মানুহে সেৱন কৰাৰ অনুপযোগী হৈ পৰিছিল।
পূব ছিয়াঙৰ সাংসদ, পাছিঘাটৰ স্থায়ী বাসিন্দা নিনং ইৰিঙে এঅই বিষয়টো বাৰে বাবে ভাৰতীয় সংসদৰ মজিয়াত উত্থাপন কৰি আহিছে আৰু কেন্দ্ৰীয় জল আয়োগৰ দ্বাৰা সমস্যাটোৰ এটা বিজ্ঞান সন্মত অধ্যয়নৰ বাবে দাবী তুলিছিল।
উল্লেখ্য যে ছিয়াং নদী হৈছে অৰুণাচলৰ ছিয়াং উপত্যকা আৰু অসমৰ ওজনাই এলেকাত বাস কৰা জনসাধাৰণৰ বাবে জীৱনৰেখা হিচাপে পৰিগণিত।