NORTHEAST NOW (Assamese)

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ বিৰোধিতা মাওবাদীৰ

October 6, 2018 12:45 pm · সুবীৰ ভোমিক
Updated: October 6, 2018 12:46 pm

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰতি তীব্ৰ বিৰুদ্ধ ভাৱ পোষণ কৰিছে মাওবাদীয়ে। বিজেপিয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত নোহোৱা সকলক বিতাড়িত কৰিব বুলি ভাবুকি দিয়াটো মুঠেই গ্ৰহণোযগ্য নহয় বুলি বৰ্ণনা কৰিছে মাওবাদীসকলে।

এটা সংবাদ বিবৃতিত ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ ইষ্টাৰ্ন ব্যুৰোৰ তৰফৰ পৰা কোৱা হৈছে যে দেশৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ দ্বাৰা নাগৰিক অধিকাৰৰ পৰা সম্পূৰ্ণ বঞ্চিত এচাম শোষণযোগ্য শ্ৰমিকৰ সৃষ্টি কৰাৰ প্ৰচেষ্টাৰ তেওঁলোক বিৰোধী।

বিবৃতিটোত ভেদাভেদ সৃষ্টি কৰা আৰু আতংকৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে বিজোপি চৰকাৰক দোষাৰোপ কৰা হৈছে।

মাওবাদীৰ সংবাদ বিবৃতিটোত কোৱা হৈছে, ‘‘কেবল অসমতেই নহয়, পূ্ৰ্ব ভাৰতত যি যি ৰাজ্যত বিজেপিয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰিব বিচাৰিছে, সেই সেই ৰাজ্যতেই এটা আতংকজনক পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে ২০১১ চনত পশ্চিম বংগৰ ঝড়গ্ৰাম বনাঞ্চলত মাওবাদীৰ সামৰিক শাখাৰ প্ৰধান কোটেশ্বৰ ৰাও ওৰফে কিষেণজীৰ আৰক্ষীৰে সৈতে সংঘৰ্ষত মৃত্যু হোৱাৰ পাছত এই প্ৰথমবাৰৰ বাবে মাওবাদীৰ ইষ্টাৰ্ন ব্যুৰোই প্ৰথমবাৰৰ বাবে বিবৃতি প্ৰকাশ কৰিছে।

ধাৰণা কৰা হয় যে কিষেণজীৰ মৃত্যুৰ পাছত এলেকাটোত মাওবাদীৰ প্ৰভাৱ যথেষ্ট হ্ৰাস পাইছে।

বিজেপিৰ পশ্চিম বংগৰ সভাপতি দিলীপ ঘোষে কৈছে যে মাওবাদীৰ এই বিবৃতিটো ‘তৃণমূল লাইন’ৰ এটা প্ৰতিৰূপ মাথোঁ। এই মন্তব্যটো পশ্চিম বংগৰ শাসনাধিস্থ দলটোৰ পৰা লাভ কৰা প্ৰেৰণাৰ ফল হ’ব পাৰে বুলিও তেওঁ কয়।

আনহাতে তৃণমূলৰ মন্ত্ৰী শুভেন্দু অধিকাৰীয়ে তেওঁৰ দলৰ সৈতে মাওবাদীসকলৰ কোনো সংযোগ থকাৰ কথা অস্বীকাৰ কৰিছে। তেওঁ কৈছে যে তেওঁৰ কাৰ্যকালতেই বিদ্ৰোহীসকলক হত্যা কৰা হৈছিল।

উল্লেখ্য যে কলিকতাত পূৰ্বীয় ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত এখন শেহতীয়া সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে মাওবাদীসকলৰ সাম্ভাব্য উত্থানৰ বিষয়টো উত্থাপন কৰিছিল।

Related News