NORTHEAST NOW (Assamese)

গাখীৰত ডুবাই ৰুটি খোৱাৰ উপকাৰিতা

February 29, 2020 6:08 pm · এন ই নাও নিউজ

গাখীৰত ডুবাই ৰুটি খোৱাৰ আছে বহু উপকাৰিতা

ঠাণ্ডা গাখীৰত ৰুটি ডুবাই খোৱাটো বৰ উপকাৰী। ৰুটি আৰু গাখীৰ ভিটামিন, কেলচিয়াম, আইৰন, প্ৰ’টিন আদিৰে ভৰপূৰ।

বিশেষজ্ঞৰমতে, ঠাণ্ডা গাখীৰত ডুবাই খোৱা ৰুটিয়ে দেহ শীতল ৰাখে। ই ডায়েবিটিজ আৰু ৰক্তচাপ ৰোগীসকলৰ বাবেও ভাল আহাৰ।

আহক জানো, ইয়াৰ আন কিছু উপকাৰিতা–

১) গাখীৰ আৰু ৰুটিত যথেষ্ট পৰিমাণে ভিটামিন, প্ৰ’টিন, কেলচিয়াম, মিনাৰেল, আইৰন, ফছফৰাছ আদি পোৱা যায়। এনেক্ষেত্ৰত গাখীৰত ডুবাই ৰুটি খোৱাটো ডায়েবেটিকৰ বাবে ভাল।

২) এই খাদ্যই ৰক্তচাপ নিয়ন্ত্ৰণৰ লগতে উচ্চ ৰক্তচাপে সৃষ্টি কৰা বহু অসুবিধাও নিয়ন্ত্ৰণত ৰাখে।

৩) এই খাদ্যই পেটৰ বহু সমস্যাৰ পৰাও সকাহ দিয়ে। ই কোষ্ঠকাঠিন্য, ডায়েৰিয়া, এচিডিটি আদিৰ পৰা সকাহ দিয়ে। ই পাচক তন্ত্ৰক শক্তিশালী কৰে।

৪) ই দেহক শীতল ৰখাৰ লগতে পাচক নলীদালক চাপমুক্ত কৰি ৰাখে।

৫) আপুনি যদি খুব ক্ষীণ বা দুৰ্বল, তেন্তে প্ৰতি ৰাতিপুৱা গাখীৰত ডুবাই ৰুটি খাব পাৰে।

Related News