• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইবোলা ভাইৰাছৰ আতংক : আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰীৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিলে ডিজিসিএয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2026 11:39 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰোনা আৰু মাংকিপক্সৰ পাছত এইবাৰ বিশ্বজুৰি ঘাতক ইবোলা ভাইৰাছে নতুনকৈ আতংকৰ সৃষ্টি কৰিছে। ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগো আৰু উগাণ্ডাত ইবোলা ভাইৰাছৰ ভয়াৱহ প্ৰাদুৰ্ভাৱৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য জৰুৰী অৱস্থা হিচাপে ঘোষণা কৰিছে। এই পৰিস্থিতিত ভাৰতত যাতে কোনো কাৰণতে এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ বিয়পিব নোৱাৰে তাৰ বাবে সোমবাৰে দেশৰ অসামৰিক বিমান চলাচল নিয়ন্ত্ৰক সংস্থা ডিজিসিএয়ে সকলো বিমান কোম্পানীৰ বাবে এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনা মানি যোৱা বাইশ মে’ তাৰিখে জাৰি কৰা এক আদেশত কোৱা হৈছে যে কংগো আৰু উগাণ্ডাৰ সীমান্তৱৰ্তী দেশবোৰতো এই ৰোগ বিয়পাৰ আশংকা অতি বেছি। সেয়েহে ভাৰতৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ডিজিসিএৰ নতুন নিৰ্দেশনা অনুসৰি উগাণ্ডা বা কংগোৰ পৰা পোনপটীয়াকৈ বা অন্য দেশৰ মাজেৰে ভাৰতলৈ অহা সকলো বিমানৰ ক্ষেত্ৰত বিশেষ নিয়ম প্ৰযোজ্য হ’ব। সেই আক্ৰান্ত দেশসমূহৰ পৰা অহা সকলো যাত্ৰীয়ে ভাৰতত নমাৰ আগতে বাধ্যতামূলকভাৱে এখন স্ব-ঘোষণা পত্ৰ পূৰণ কৰিব লাগিব। ইয়াৰ লগতে আকাশমাৰ্গত বিমান চলি থকাৰ সময়ত বিমানৰ কৰ্মীসকলক ইবোলাৰ লক্ষণ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে যাত্ৰীসকলক অৱগত কৰিবলৈ বিশেষ ঘোষণা কৰিবলৈ কোৱা হৈছে।

Apply Now

ঘোষণাত যাত্ৰীসকলক জনোৱা হ’ব যে যদি কোনো যাত্ৰীৰ জ্বৰ, অত্যাধিক ভাগৰ, পেশীৰ বিষ, মূৰৰ বিষ, ডিঙিৰ বিষ, বমি, ডায়েৰিয়া বা শৰীৰত ৰেচ ওলোৱা আদি লক্ষণ থাকে তেন্তে তেওঁলোকে লগে লগে বিমানৰ কৰ্মীসকলক জনাব লাগিব। লগতে ভাৰতত উপস্থিত হোৱাৰ একৈশ দিনৰ ভিতৰত যদি কোনো যাত্ৰীৰ দেহত এনে লক্ষণ দেখা যায়, তেন্তে তেওঁক লগে লগে চিকিৎসালয়লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰাবলৈ নিৰ্দেশ দিয়া হৈছে।

যদি কোনো আন্তঃৰাষ্ট্ৰীয় বিমানত যাত্ৰা কৰা অৱস্থাত কোনো যাত্ৰীৰ দেহত ইবোলাৰ লক্ষণ ফুটি উঠে তেন্তে সংক্ৰমণ ৰোধ কৰিবলৈ বিমান কোম্পানীসমূহে নিৰ্দিষ্ট কিছুমান নিয়ম মানি চলিব লাগিব। অসুস্থ যাত্ৰীগৰাকীৰ চোৱাচিতা কৰিবলৈ কেৱল এজন নিৰ্দিষ্ট কৰ্মীক দায়িত্ব দিব লাগিব আৰু আন কোনো তেওঁৰ সংস্পৰ্শলৈ আহিব নোৱাৰিব। আক্ৰান্ত যাত্ৰীগৰাকীক আন যাত্ৰীৰ পৰা আঁতৰাই বিমানৰ একেবাৰে পিছফালৰ শাৰীলৈ লৈ যাব লাগিব। সন্দেহযুক্ত আক্ৰান্ত যাত্ৰীগৰাকীৰ সন্মুখৰ, পিছফালৰ আৰু কাষৰ তিনিখনকৈ আসন পাৰিলে খালী ৰাখিব লাগিব। সেই যাত্ৰীগৰাকীৰ ব্যৱহাৰৰ বাবে বিমানৰ এটা নিৰ্দিষ্ট শৌচাগাৰ আবণ্টন কৰিব লাগিব যিটো আন কোনেও ব্যৱহাৰ নকৰে। আক্ৰান্ত যাত্ৰীগৰাকীক মাস্ক আৰু পিপিই কিট দিব লাগিব আৰু তেওঁৰ ওচৰত বহা যাত্ৰীসকলক উন্নত মানৰ মাস্ক প্ৰদান কৰিব লাগিব। ভাৰতৰ মাটিত বিমানখন অৱতৰণ কৰাৰ লগে লগে গোটেই বিমানখন সম্পূৰ্ণৰূপে বীজাণুমুক্ত কৰিব লাগিব।

বিমান অৱতৰণ কৰাৰ পাছত পাইলট বা কৰ্মীসকলে সেই সন্দেহযুক্ত যাত্ৰীগৰাকীৰ আসন নম্বৰ, লক্ষণ আৰু তেওঁৰ কাষত বহা যাত্ৰীসকলৰ বিৱৰণ বিমানবন্দৰৰ স্বাস্থ্য বিভাগক অৰ্পণ কৰিব লাগিব যাতে পৰৱৰ্তী একৈশ দিন তেওঁলোকৰ ওপৰত নজৰ ৰাখিব পৰা যায়। সকলো আন্তঃৰাষ্ট্ৰীয় বিমানতে পৰ্যাপ্ত পৰিমাণৰ প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী, পিপিই কিট, মাস্ক আৰু ছেনিটাইজাৰ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। ইপিনে এই আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংকটৰ মাজত ভাৰতৰ বাবে সকাহৰ খবৰ এয়াই যে দেশত এতিয়ালৈকে ইবোলা ভাইৰাছত আক্ৰান্ত কোনো ৰোগী পোৱা হোৱা নাই। সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই দেশৰ সামগ্ৰিক প্ৰস্তুতি আৰু নিৰীক্ষণ ব্যৱস্থাৰ এক পৰ্যালোচনা বৈঠক সম্পন্ন কৰে। চৰকাৰী সূত্ৰই জনোৱা মতে ভাৰতৰ সকলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু বন্দৰত যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে আৰু আফ্ৰিকাৰ পৰা অহা যাত্ৰীসকলৰ ওপৰত বিশেষ নজৰ ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd