নামতহে আছে কামত নাইঃ দেশৰ ২৫৩ টা পঞ্জীয়নভুক্ত অস্বীকৃত ৰাজনৈতিক দলক নিষ্ক্ৰিয় ঘোষণা কৰিলে নিৰ্বাচন আয়োগে

নামতহে আছে কামত নাই। বিভিন্ন উদ্দেশ্য লৈ খোলা কেইবাটাও ৰাজনৈতিক দলক নিষ্ক্ৰিয় ঘোষণা কৰিছে নিৰ্বাচন আয়োগে।দেশৰ ২৫৩ টা পঞ্জীয়নভুক্ত অস্বীকৃত ৰাজনৈতিক দলক নিষ্ক্ৰিয় ঘোষণা কৰিছে নিৰ্বাচন আয়োগে।
পঞ্জীয়নভুক্ত অস্বীকৃত ৰাজনৈতিক দলসমূহক (আৰইউপিপি) দ্বাৰা যথাযথ বিধি বলবৎ কৰিবলৈ ২৫ মে, ২০২২ তাৰিখে নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনাৰ আধাৰতে তেনে দলসমূহক নিষ্ক্ৰিয় ঘোষণা কৰা হৈছে বুলি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেই সদৰী কৰিছে।

ভাৰতীয় নিৰ্বাচন আয়োগে  ৮৬ টা অস্তিত্বহীন পঞ্জীয়নভুক্ত অস্বীকৃত ৰাজনৈতিক দলক নতুনকৈ তালিকাৰ পৰা বাদ দিয়ে আৰু অতিৰিক্ত ২৫৩ টা তেনে দলক ‘নিষ্ক্ৰিয় ‘ ঘোষণা কৰে। জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ২৯ ক-ৰ অধীনত প্ৰতিটো ৰাজনৈতিক দলে তাৎক্ষণিকভাবে দলৰ নাম, মুখ্য কাৰ্যালয়, কাৰ্য্যালয়ৰ ঠিকনা, পেন নম্বৰৰ যিকোনো পৰিৱৰ্তন আদি আয়োগক জনাব লাগিব।

সংশ্লিষ্ট মুখ্য নিৰ্বাচনীৰ দ্বাৰা কৰা প্ৰমাণীকৰণৰ পিছত ৮৬ টা পঞ্জীয়নভুক্ত অস্বীকৃত ৰাজনৈতিক দল অস্তিত্বহীন বুলি প্ৰমাণ হৈছে। শেহতীয়াকৈ কৰ্ণাটককে ধৰি দেশৰ সাতখন ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পৰা পোৱা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত লোৱা হৈছে। মহাৰাষ্ট্ৰ, তামিলনাডু, তেলেংগানা আৰু উত্তৰ প্ৰদেশতো এনে বহু নাম গোন্ধহীন দল আছে।

এনে দলসমূহে আয়োগৰ জাননীৰ প্ৰতি কোনো সঁহাৰি দিয়া নাছিল। এনে নাম গোন্ধহীন দলসমূহে বিধান সভা বা সংসদীয় নিৰ্বাচনত ২০১৪ চনৰ পৰা ২০১৯ চনলৈ এটাও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাই।