• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বকালৰ অভিলেখ : নিৰ্বাচনৰ সময়ত ৰাজ্যত উদ্ধাৰ হৈছে নগদ ১৩ কোটি ৫ লাখ অবৈধ টকা

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
May 19, 2019 11:12 am
cash-liqour

ফটো : ডি এন এৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ নিৰ্বাচনকালীন সময়ছোৱাত অসমত উদ্ধাৰ হোৱা অবৈধ ধনৰ পৰিমানে অতীতৰ সকলো অভিলেখ ভংগ কৰিছে। নিৰ্বাচনৰ দিন ঘোষণাৰ পিছৰে পৰা যোৱা ১৭ মে’লৈকে গোটেই দেশতে উদ্ধাৰ কৰা হৈছে ৮৩৬ কোটি ৭০ লাখ টকা।

উক্ত সময়ছোৱাত অসমত উদ্ধাৰ হোৱা মুঠ টকাৰ পৰিমাণ হৈছে  ১৩ কোটি ৫ লাখ টকা আৰু ইয়াৰে বেআইনী হিচাপে প্ৰমানিত ১ কোটি ৭৭ লাখ টকা বাজেয়াপ্ত কৰা হৈছে। অসমৰ ক্ষেত্ৰত এয়া হৈছে সৰ্বকালৰ অভিলেখ।

Apply Now

এতিয়ালৈকে সমগ্ৰ দেশতে উদ্ধাৰ হোৱা নগদ ধন, সোণ-ৰূপ, মদ, মাদক দ্ৰব্যৰ লগতে বিভিন্ন সামগ্ৰীৰ মুঠ আৰ্থিক মূল্য ৩৪৩৯ কোটি ৩৮ লাখ টকা।

নিৰ্বাচনৰ সময়ত ভোটাৰসকলক প্ৰভাৱিত কৰাৰ বাবে ৰাজনৈতিক দলসমূহে বিভিন্ন প্ৰলোভনৰ আশ্ৰয় লৈ আহিছে। নগদ ধন প্ৰদানৰ উপৰিও প্ৰলোভিত কৰিব পৰা বিভিন্ন সামগ্ৰী প্ৰদানৰ জৰিয়তে ভোট ক্ৰয়ৰ প্ৰচেষ্টা চলাই আহিছে ৰাজনৈতিক দলবোৰে। এইবাৰ নিৰ্বাচনত স্বাভাৱিকভাৱেই এই প্ৰলোভনৰ ৰাজনীতিয়ে অধিক চৰ্চা লাভ কৰা দেখা গৈছে।

নিৰ্বাচন আয়োগৰ প্ৰতিবেদন অনুসৰি অসমৰ পাছতেই অৰুণাচল প্ৰদেশত উদ্ধাৰ হোৱা টকাৰ পৰিমাণ হৈছে ৭ কোটি ৪ লাখ টকা। তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত মদ আৰু মাদক দ্ৰব্য মিলি শীৰ্ষস্থানত আছে মণিপুৰ। নিৰ্বাচনৰ সময়ছোৱাত ৰাজ্যখনত মুঠ ৪৪ লাখ টকাৰ মদ আৰু ৩১ কোটি ৯৬ লাখ টকাৰ মাদক দ্ৰব্য উদ্ধাৰ কৰা হৈছে।

এইক্ষেত্ৰতো অসম দ্বিতীয় স্থানত আছে। অসমত মুঠ ১ লাখ ৭৭ হাজাৰ লিটাৰ মদ জব্দ কৰা হৈছে। ইয়াৰ বজাৰ মূল্য হৈছে ১ কোটি ৫১ লাখ টকা। তদুপৰি, ১ কোটি ৯ লাখ টকা বজাৰ মূল্যৰ ১১৬৬ কিলোগ্ৰাম মাদক দ্ৰব্য জব্দ কৰা হৈছে। মদ তথা মাদক দ্ৰব্য উদ্ধাৰৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ত্ৰিপুৰা।

বৰ্তমানলৈকে নিৰ্বাচন আয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ পৰা নগদ ধন, মদ, মাদক দ্ৰব্য, অলংকাৰ আদি মিলাই মুঠতে ৭২ কোটি ৯৭ লাখ টকা জব্দ কৰিছে। ইয়াৰ ভিতৰত নগদ ধনৰ পৰিমাণ হৈছে ২৩ কোটি ৬৩ লাখ টকা।

ইপিনে, আয়োগৰ প্ৰতিবেদন মতে তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ পৰা ব্যাপক অবৈধ নগদ ধন উদ্ধাৰ কৰা হৈছে। মদ আৰু মাদক দ্ৰব্য উদ্ধাৰৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে পাঞ্জাৱ। এই ৰাজ্যকেইখনৰ পৰা ২১৮ কোটি ৪৬ লাখ টকাৰ মাদক দ্ৰব্য, ১০ কোটি ৯ লাখ টকাৰ মদ,২২ কোটি ৫৬ লাখ টকাৰ সোণ আৰু ৩২ কোটি ৫৩ লাখ নগদ ধন উদ্ধাৰ কৰা হৈছে।

আনহাতে, অবৈধ মদ আটাইতকৈ বেছি উদ্ধাৰ হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত মুঠতে ৩৯ লাখ ৪৩ হাজাৰ লিটাৰ মদ জব্দ কৰা হৈছে যাৰ বজাৰ মূল্য হৈছে  ৩১ কোটি ১ লাখ টকা। ইয়াৰ পাছতেই মধ্য প্ৰদেশত ৩১ কোটি ২৮ লাখ টকা মূল্যৰ অবৈধ মদ উদ্ধাৰ কৰা হৈছে।

সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পূৰ্বে সমগ্ৰ দেশতে মুঠ নগদ ধন উদ্ধাৰ হৈছে ৮৩৬ কোটি ৭০ লাখ টকা। তদুপৰি, ২৯১ কোটি ১৮ লাখ টকাৰ অবৈধ মদ জব্দ কৰা হৈছে। সেইদৰে উদ্ধাৰ কৰা হৈছে ১২৬৭ কোটি ৭১ লাখ টকাৰ মাদক দ্ৰব্য। ইয়াৰ লগতে আছে ৯৮৫ কোটি ৬৭ লাখ টকাৰ অলংকাৰৰ উপৰি ৫৮ কোটি ১৩ লাখ টকাৰ অন্যান্য সামগ্ৰী।

নিৰ্বাচনকালীন এই সময়ছোৱাত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত উদ্ধাৰ হোৱা অবৈধ নগদ ধনৰ পৰিমান হৈছে এনেধৰণৰঃ- অসমত ১৩ কোটি ৫ লাখ টকা, অৰুণাচল প্ৰদেশত ৭ কোটি ১৪ লাখ টকা, মণিপুৰত ১ কোটি ১৫ লাখ টকা, মেঘালয়ত ৭২ লাখ টকা, নাগালেণ্ডত ৯২ লাখ টকা, ত্ৰিপুৰাত ৪১ লাখ টকা আৰু ছিকিমত ২৪ লাখ টকা।

এনেধৰণৰ বিশাল পৰিমাণৰ ক’লা টকা বা হিচাপ বহিৰ্ভূত ধনৰ দ্বাৰা নিৰ্বাচনক কিদৰে প্ৰভাৱিত কৰিব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে নিৰ্বাচন আয়োগ।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd