মণিপুৰৰ ১১টা বুথত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ; দাবী উত্থাপন কৰিছিল কংগ্ৰেছে

প্ৰতিনিধিত্বমূলক ফটো।

মণিপুৰৰ কমেও ১১টা বুথত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে ভাৰতৰ নিৰ্বাচন আয়োগে। হিংসাত্মক পৰিস্থিতিৰ পিছত কমেও ৪৭টা বুথত কংগ্ৰেছে পুনৰ ভোটগ্ৰহণ বিচাৰিছিল। অৱশ্যে আয়োগে জনাইছে যে মুঠ ১১টা বুথত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিব লাগিব।

কংগ্ৰেছে মণিপুৰৰ কমেও ৪৭টা বুথত পুনৰ ভোটগ্ৰহণ বিচাৰিছিল। সংবাদমেলত তেওঁলোকে বিষয়টোক লৈ সৰৱ হৈছিল। নিৰ্বাচনৰ সময়ত ভয়ংকৰ হিংসাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। ইয়াৰ বাবেই তেওঁলোকে পুনৰ ভোটগ্ৰহণৰ দাবী উত্থাপন কৰে।

লগতে পঢ়কঃ IPL 2024: ট্ৰেভিছৰ ধুমুহাৰে হায়দৰাবাদৰ ৰানৰ পাহাৰ; দুৰ্দান্ত আৰম্ভণি কৰিও আত্মসমৰ্পন দিল্লীৰ

শুকুৰবাৰে কংগ্ৰেছ দলে হিংসা বিধ্বস্ত মণিপুৰৰ ৪৭টা বুথত পুনৰ নিৰ্বাচনৰ দাবী উত্থাপন কৰে। আনহাতে ৰাজ্যৰ সংসদীয় আসন দুখনৰ ইনাৰ মণিপুৰ সমষ্টিৰ আটাইকেইটা বুথ আৰু আউটাৰ মণিপুৰ সমষ্টিৰ একাংশ বুথত শুকুৰবাৰে প্রথম পর্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হয়৷ কংগ্ৰেছে দাবী কৰিছে যে কেইবাটাও স্থানত নিৰ্বাচন সম্পৰ্কীয় হিংসাত্মক ঘটনা সংঘটিত হৈছে। যাৰ বাবে তেওঁলোকে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ দাবী জনায়।

ইপিনে, ২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব আউটাৰ মণিপুৰৰ বাকী অংশত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

লগতে পঢ়কঃ বিয়াঘৰতো আই পি এল!  ব্যতিক্ৰমী ৰূপত জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে চেন্নাই চুপাৰ কিংগছৰ দুই অনুৰাগীয়ে

শুকুৰবাৰে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি কেইশ্বাম মেঘচন্দ্ৰ সিঙে সাংবাদিকৰ আগত কৈছিল যে, ‘আমি ভাৰতৰ নিৰ্বাচন আয়োগ, মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু সংশ্লিষ্ট প্ৰিজাইডিং বিষয়াসকলৰ ওচৰত অনিয়ম আৰু গুৰুতৰ ৰিগিঙৰ অভিযোগ জনাইছো। ইনাৰ মণিপুৰৰ ৩৬টা বুথ আৰু আউটাৰ মণিপুৰৰ ১১টা বুথত পুনৰ ভোটগ্ৰহণৰ বাবে আমি অভিযোগ দিছো।