নিৰ্বাচনী বণ্ডক ‘কেলেংকাৰী’ বুলি অভিহিত কৰিলে অৰ্থনীতিবিদ অমৰ্ত্য সেনে

নোবেল বিজয়ী ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনে ভাৰতৰ নিৰ্বাচনী বণ্ড আঁচনিখনক ‘কেলেংকাৰী’ বুলি অভিহিত কৰিছে।

সোমবাৰে আমেৰিকাৰ মেছাচুচেটছৰ পৰা পিটিআইক দিয়া এক সাক্ষাৎকাৰত এই কথা ব্যক্ত কৰে বিশিষ্ট অৰ্থনীতিবিদগৰাকীয়ে। 

ইয়াৰ লগতে ভাৰতৰ উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড সন্দৰ্ভত দিয়া নিৰ্দেশনাকো তেওঁ আদৰণি জনায়।

অমৰ্ত্য সেনে কয়, “নিৰ্বাচনী বণ্ডটো এটা কেলেংকাৰী আছিল, মই আনন্দিত যে এতিয়া ইয়াক বন্ধ কৰা হৈছে।”

শেহতীয়াকৈ দিয়া এক গুৰুত্বপূৰ্ণ ৰায়দানত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিখনক বাতিল কৰি এই আঁচনিখনে বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ সাংবিধানিক অধিকাৰৰ লগতে তথ্যৰ অধিকাৰ উলংঘা কৰা বুলি উল্লেখ কৰে।

উচ্চতম ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক নিৰ্দেশ দিছে যে এতিয়ালৈকে সকলো ৰাজনৈতিক দলে নিৰ্বাচনী বণ্ডত লাভ কৰা প্ৰতিটো ধনৰ সবিশেষ নিৰ্বাচন আয়োগক প্ৰদান কৰিব লাগে। এই তথ্যত বণ্ড ৰিডেম্পচনৰ তাৰিখ আৰু বণ্ডৰ মূল্য অন্তৰ্ভুক্ত হ’ব লাগে আৰু ৬ মাৰ্চৰ ভিতৰত নিৰ্বাচন আয়োগত দাখিল কৰিব লাগে।

অমৰ্ত্য সেনৰ মতে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাত বৰ্তমানৰ ৰাজনীতিৰ অৱস্থাৰ যথেষ্ট প্ৰভাৱ পৰিছে আৰু তাৰ ফলত সাধাৰণ জনতাৰ কথা শুনাটো কঠিন হৈ পৰিছে।