• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘SIR মানে চৰকাৰে ভোটাৰ বাছনি কৰিছে’, মন্তব্য নিৰ্মলা সীতাৰমণৰ অৰ্থনীতিবিদ স্বামী পৰকলা প্ৰভাকৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2025 7:58 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰ। তেওঁৰ আন এটা পৰিচয় হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ স্বামী। সদায়ে মোডী চৰকাৰৰ তীব্ৰ সমালোচক প্ৰভাকৰে এতিয়া ভোটাৰ তালিকাৰ বিশেষ গভীৰ সংশোধনী বা এছ আই আৰক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁৰ মতে, SIR মানে চৰকাৰে অন্য দিশলৈ যোৱাৰ পৰিৱৰ্তে পোনপটীয়াকৈ ভোটাৰ বাছনি কৰিছে।

কলকাতাত ‘দ্য এডুকেচনিষ্ট’ ফ’ৰামত অনুষ্ঠিত সংবাদমেলত প্ৰভাকৰে অভিযোগ কৰে যে বৰ্তমান চৰকাৰে যিসকলক দেশত থাকিব নালাগে বুলি বিশ্বাস কৰে তেওঁলোকক বহিষ্কাৰ কৰাৰ লক্ষ্যৰে এছ আই আৰ কৰা হৈছে।

Apply Now

মন কৰিবলগীয়া যে পশ্চিম বংগকে ধৰি দেশৰ ১২খন ৰাজ্যত ইতিমধ্যে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে SIR প্ৰক্ৰিয়াৰ কথা ঘোষণা কৰিছে। প্ৰভাকৰে কয় যে এই বিশেষ গভীৰ সংশোধনে “দেশৰ সাংবিধানিক মূল্যবোধ, চেতনা আৰু নৈতিকতাক গুৰুতৰভাৱে প্ৰভাৱিত কৰিব”।

বিশিষ্ট অৰ্থনীতিবিদজনে পোনপটীয়াকৈ মন্তব্য কৰে, “SIR ৰ ক্ষেত্ৰত ভোটাৰে চৰকাৰ বাছি লোৱাৰ পৰিৱৰ্তে চৰকাৰে ভোটাৰক বাছি লৈছে।” তেওঁ লগতে কয় যে এয়া এক প্ৰকাৰৰ ৰিগ্ৰেছন (পশ্চাদপসৰণ)। NRC-CAA ৰ পিছফালৰ দুৱাৰেদি SIR ৰূপত প্ৰৱেশ! যাতে যিসকল লোক দেশত থাকিব নালাগে বুলি ভাবিছে তেওঁলোকক শাসকীয় দলে উৎখাত কৰিব পাৰে।

প্ৰভাকৰে কয়, “যেতিয়া কাৰোবাক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা হয় বা ৰাজনৈতিক সমাজৰ পৰা বহিষ্কাৰ কৰা হয়, তেতিয়া তেওঁলোক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰে।” এইটোৱেই এছ আই আৰৰ লক্ষ্য বুলি বিশিষ্ট অৰ্থনীতিবিদগৰাকীয়ে বিশ্বাস কৰে।

তেওঁ লগতে অভিযোগ কৰে যে এছ আই আৰৰ লক্ষ্য হৈছে প্ৰান্তীয়, নিৰক্ষৰ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া। ইফালে শনিবাৰে উচ্চতম ন্যায়ালয়ত এছ আই আৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হয়। ইতিমধ্যে পশ্চিমবংগ আৰু তামিলনাডুৰ দৰে ৰাজ্য, ৰাজনৈতিক দলসমূহে ইয়াৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। কেৰালা আৰু সেই ৰাজ্যৰ চিপিএমকে ধৰি আন কেইবাটাও দল আদালতলৈ আহিছে।

শুকুৰবাৰে ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ এছ ভি এন ভট্টী আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। এই নতুন আবেদনসমূহ মূলতঃ এছ আই আৰৰ প্ৰক্ৰিয়া আৰু সময়ৰ ওপৰত আপত্তি কৰি দাখিল কৰা হৈছিল। সেই সকলোবোৰ আৱেদনৰ আধাৰত এতিয়া উচ্চতম ন্যায়ালয়ে আয়োগৰ মতামত বিচাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd