• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 4, 2023 7:53 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) সাৰদা চিটফাণ্ড কেলেংকাৰীৰ সন্দৰ্ভত অসমৰ প্ৰাক্তন কংগ্ৰেছ নেতা প্ৰয়াত অঞ্জন দত্ত, পশ্চিমবংগৰ চিপিআই(এম)ৰ প্ৰাক্তন বিধায়ক দেবেন বিশ্বাস, ইষ্টবেংগলৰ কৰ্মকৰ্তা দেবব্ৰত সৰকাৰ আৰু পি চিদাম্বৰমৰ পত্নী নলিনী চিদাম্বৰমকে ধৰি কেইবাজনো “হিতাধিকাৰী”ৰ সম্পত্তি জব্দ কৰিছে। জব্দ কৰা সম্পত্তিৰ মুঠ মূল্য ৬ কোটি টকাতকৈও অধিক হ’ব।

এক বিবৃতিত ইডিয়ে কয় যে পিএমএলএ আইন অনুসৰি, আদালতে ৩.৩ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৩ কোটি টকাৰ অস্থাৱৰ সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ দিছিল। সেই অনুসৰি সম্পত্তিবোৰ জব্দ কৰা হৈছে।

সম্পত্তি জব্দ হোৱা সকলৰ ভিতৰত আছে কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমৰ পত্নী নলিনী চিদাম্বৰম, অসমৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰয়াত অঞ্জন দত্ত, পশ্চিমবংগৰ চিপিআই(এম)ৰ প্ৰাক্তন বিধায়ক দেৱেন বিশ্বাস আৰু ইষ্ট বেংগল ক্লাবৰ অন্যতম কৰ্মকৰ্তা দেৱব্ৰত সৰকাৰ।

Apply Now

ইডিৰ বিবৃতিত লগতে কোৱা হৈছে যে সাৰদা গোটে বজাৰৰ পৰা ২,৪৫৯ কোটি টকা সংগ্ৰহ কৰিছিল। ইয়াৰ ভিতৰত, সুদীপ্ত সেনৰ কোম্পানীয়ে বিনিয়োগকাৰীসকলক ১,৯৮৩ কোটি টকা ঘূৰাই দিব নোৱাৰিলে। ইডিয়ে এতিয়ালৈকে এই গোচৰটোত ৬০০ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে।

উল্লেখ্য যে সাৰদা চিট ফাণ্ড কেলেংকাৰীয়ে অসমকো বৰকৈ জোকাৰি গৈছিল। সেই সময়ৰ তথ্য সূত্ৰ মতে অসমৰ দৰিদ্ৰ বিনিয়োগকাৰীৰ পৰা সাৰদাই ৫০০ কোটি টকা সংগ্ৰহ কৰিছিল আৰু জমাকাল সম্পূৰ্ণ হ’লে বিপুল পৰিমাণৰ টকা ঘূৰাই পোৱাৰ আশা দিছিল। অসমৰ হাজাৰ হাজাৰ বিনিয়োগকাৰীয়ে তেওঁলোক প্ৰতাৰিত হোৱা বুলি অভিযোগ কৰিছিল।

চাৰিটা কোম্পানিৰ যোগেদি ২০০৮ৰ জুলাইৰ পৰা ২০১৩ চনৰ এপ্ৰিললৈকে ৰাইজৰ পৰা এই চিট ফান্দ কোম্পানীটোৱে ধন সংগ্ৰহ কৰিছিল বুলি এনফৰ্চমেণ্ট ডিৰেক্টৰেটে ইয়াৰ অভিযোগনামাত উল্লেখ কৰিছিল। কোম্পানী চাৰিটা আছিল Saradha Realty India Ltd, Saradha Tours & Travels Pvt Ltd, Saradha Housing Pvt Ltd আৰু Saradha Garden Resorts and Hotels Pvt Ltd।

জানিব পৰা গৈছিল যে সুদীপ্ত সেন অসমৰ একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতা আৰু আনকি জ্যেষ্ঠ আৰক্ষী বিষয়াৰো ঘনিষ্ঠ আছিল আৰু তেওঁৰ চিট ফান্দ ব্যৱসায়ক বৈধতা প্ৰদানৰ বাবে তেওঁলোকক নিয়মীয়াকৈ ধন দিছিল।

আনহাতে, বৰ্তমান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা পূৰ্বৰ ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ড০ হিমন্ত বিশ্বৰ বিৰুদ্ধে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে সাৰদা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগ উঠিছিল।

সাৰদা কেলেংকাৰিত জড়িত থকাৰ বাবে অসমৰ তিনিগৰাকী জনাজাত লোক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত মাতংগ সিং, গায়ক সদানন্দ গগৈ আৰু মিডিয়া বেৰন মনোৰঞ্জনা সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ক’লকাতাত জে’লত ৰখা হৈছিল।

এই চিট ফান্দ গোচৰ সন্দৰ্ভত ২০১৭ চনৰ ফেব্ৰুৱাৰিত মধ্য দিল্লীৰ গ’লে বজাৰত প্ৰাক্তন কংগ্ৰেছী নেতা মাতংগ সিঙৰ ১০০ কোটিটকীয়া সম্পত্তি এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে বাজেয়াপ্ত কৰিছিল।

সোণাপুৰৰ দুখন ৰিচ’ৰ্ট, দুখন অসমীয়া বাতৰি কাকত আৰু মালিগাঁৱৰ এখন হস্পিটেলকে ধৰি অসমত বহু প্ৰকল্পত সেনে বিনিয়োগ কৰিছিল বুলি তদন্তত ফাদিল হৈছিল।

গুৱাহাটীত সেনে Seven Sisters Post আৰু সকালবেলা (বাংলা) নামৰ দুখন বাতৰি কাকত আৰম্ভ কৰিছিল। ২০১৩ চনৰ এপ্ৰিলত তেওঁৰ গ্ৰেপ্তাৰৰ লগে লগে কাকত দুখনো বন্ধ হৈ যায়। জমাকাৰী, এজেণ্ট আৰু কৰ্মচাৰীৰ প্ৰতিবাদত ২০১৩ চনৰ ২২ এপ্ৰিলত অসম আৰক্ষীয়ে সাৰদাৰ ৫টা কাৰ্য্যালয় চীল কৰি দিছিল।

পশ্চিম বংগত ঠগ খোৱা জমাকাৰীৰ এজাহাৰৰ ভিত্তিত তদন্ত হোৱাৰ বিপৰীতে ব্যাপক প্ৰতিবাদৰ মাজত তদানীত্বন অসম চৰকাৰে নিজাববীয়াকৈ সাৰদা আৰু আন ১২৭টা কোম্পানীৰ বিৰুদ্ধে ২২২ গোচৰ ৰুজু কৰিছিল। ২০১৩ চনৰ ৬ মে’ত অসম চৰকাৰে ইয়াৰ তদন্তৰ ভাৰ চি বি আইক গতাই দিছিল।

অসমৰ ৰাইজে ‘সাৰদা’ কেলেংকাৰীত জড়িত প্ৰকৃত দোষীসকলে শাস্তি পোৱাটো বিচাৰে। কিন্তু ৰাজনৈতিক মেৰপেচত পৰিয়েই গোটেই কেলেংকাৰীৰ বিষয়টো এক ‘নুফুলা ফুলৰ কলি’ হৈ পৰিছিল।

কিন্তু এইবাৰ পুনৰ ইডিয়ে সম্পত্তি জব্দ কৰাৰ পিছত স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে যিসকলৰ সম্পত্তি বাজেয়াপ্ত হৈছে তাৰপিছত কেলেংকাৰীত জড়িত আন সকলো জালত পৰিবনে?

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd