ঋণ লৈ আদায় নিদি পলাই থকা সুৰা সম্ৰাট বিজয় মালিয়া,মেহুল ছকচি আৰু নীৰৱ মোদীৰ ৯ হাজাৰ কোটি টকা আদায় কৰিলে বেংকে।ইডিৰ এক বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে।
এই তিনি জন প্ৰতাৰকৰ বাবেই দেশৰ বেংক সমূহে ভৰিবলগীয়া হৈছে প্ৰায় ২২ হাজাৰ ৫০০ কোটি টকাৰ লোকচান। ঋণ ওভতাই দিবলৈ তিনিওকে বাৰে বাৰে কোৱাৰ পিছতো তেওঁলোকে ঋণ ঘূৰাই দিয়া নাই।
এনে পৰিস্থিতিত আজি তিনিও জনৰ বিভিন্ন সম্পত্তি বেংক নিলাম কৰি লাভ কৰিবলৈ সক্ষম হয় ৯ হাজাৰ ৩৭১ কোটি টকা।
এই ধনৰাশি পোনে পোনে বেংকে লাভ কৰাৰ ফলত বেংকৰ ক্ষতিৰ পৰিমাণ ভালে খনি হ্ৰাস পাব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বেও উক্ত তিনি ব্যক্তিৰ সম্পত্তি বাজেয়াপ্ত কৰি বেংকে লাভ কৰিছিল ১৮ হাজাৰ ১৭০ কোটি টকা।
ED not only attached/ seized assets worth of Rs. 18,170.02 crore (80.45% of total loss to banks) in case of Vijay Mallya, Nirav Modi and Mehul Choksi under the PMLA but also transferred a part of attached/ seized assets of Rs. 9371.17 Crore to the PSBs and
Central Government.— ED (@dir_ed) June 23, 2021
উল্লেখ্য বিজয় মালিয়াই বৰ্তমান ব্ৰিটেইনত আত্মগোপন কৰি আছে, মেহুল ছকচি ধৰা পৰিছে ডমিনিকাত। তেওঁক এতিয়াও ভাৰত চৰকাৰে দেশলৈ ওভতাই আনিব পৰা নাই। নীৰৱ মোদীয়ে ইংলেণ্ডত আত্মগোপন কৰিলেও আৰক্ষীৰ হাতত ধৰা পৰি কাৰাগাৰত থাকিবলগীয়া হৈছে।
উল্লেখ্য কিছুদিন পূৰ্বে ইডিৰ অনুৰোধৰ পাছত ফ্ৰান্স প্ৰশাসনে ফ্ৰান্সৰ ৩২এভিনিউ, FOCH-ত থকা বিজয় মালিয়াৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল।
বাজেয়াপ্ত কৰা সম্পত্তিৰ পৰিমান ভাৰতীয় মুদ্ৰাত প্ৰায় চাৰে চৈধ্য কোটি টকা। তদন্তত ধৰা পৰিছিল যে এক বৃহৎ পৰিমাণৰ ধন কিংফিচাৰ বিমান সংস্থাৰ একাউন্টৰ পৰা বিদেশলৈ প্ৰেৰণ কৰা হৈছিল।
বৃহৎ পৰিমাণৰ ঋণ লৈ পৰিশোধ নকৰি পলাই থকা বিজয় মালিয়াক বিচাৰৰ বাবে ভাৰতলৈ ঘূৰাই অনাৰ বাবে দীৰ্ঘদিন ধৰি প্ৰচেষ্টা অব্যাহত ৰখা হৈছে।