আকৌ ওলাল টকাৰ পাহাৰ! মন্ত্ৰীৰ সচিবৰ পৰিচাৰকৰ ঘৰৰ পৰা উদ্ধাৰ বাণ্ডিলে বাণ্ডিলে টকা

ফটোঃ সংগ্ৰহীত।

লোকসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া চলি থকাৰ মাজতে ঝাৰখণ্ডত উদ্ধাৰ টকাৰ পাহাৰ! ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ পৰিচাৰকৰ ঘৰত উদ্ধাৰ বাণ্ডিলে বাণ্ডিলে টকা। দেওবাৰে ইডিয়ে ৰাঁচী চহৰৰ কেইবাটাও স্থানত তালাচী চলায়। তেতিয়াই সেই ঘৰৰ পৰা অগণন নোটৰ বাণ্ডিল উদ্ধাৰ হ’ল, যিটোৱে সকলোৰে চকু কপালত তুলিছে।

মন্ত্ৰী আলমগীৰ আলমৰ সচিব সঞ্জীৱ লালক গ্ৰেপ্তাৰ কৰা হৈছে। আৰ্থিক জালিয়াতিৰ সৈতে জড়িত গোচৰৰ তদন্তত ইডিয়ে এই তালাচী চলাইছিল। সেই সময়তে এই বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়কঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি; মঙলবাৰে দেশৰ ৯৩ খন আসনৰ বাবে হ’ব ভোটদান

শেহতীয়া খবৰ অনুসৰি এই পৰ্যন্ত উদ্ধাৰ কৰা হৈছে ২৫ কোটি টকা। ইডিৰ সূত্ৰৰ মতে, ধনৰ পৰিমাণ বৃদ্ধি পাব পাৰে! কালি ইডিয়ে ৰাঁচী চহৰৰ বিভিন্ন স্থানত তালাচী চলায়। তালাচীৰ সময়ত মন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ডৰ একাংশ ৰাজনীতিবিদৰ সৈতে হোৱা বিত্তীয় লেনদেনৰ সবিশেষ তথ্য থকা এটা পেন ড্ৰাইভ উদ্ধাৰ কৰে।

কেন্দ্ৰীয় সংস্থাই অনুমান কৰিছে যে এই ধনৰ সৈতে ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন বিভাগৰ বিত্তীয় দুৰ্নীতিৰ সম্পৰ্ক আছে। গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰ কে ৰামক বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযুক্তৰ বিৰুদ্ধে বিপুল পৰিমাণৰ টকা হেৰফেৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰাৰ পিছত বিজেপিয়ে অভিযোগ কৰে যে এই বৃহৎ পৰিমাণৰ ধন নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰা হৈছে।

এই ধন উদ্ধাৰৰ ঘটনাটোৱে ২০২২ চনত পশ্চিমবংগৰ প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ বান্ধৱী অৰ্পিতা মুখাৰ্জীৰ ঘৰৰ পৰা পাহাৰসম ধন উদ্ধাৰৰ ঘটনাৰ কথা মনত পেলাই দিয়ে। কেন্দ্ৰীয় সংস্থাটোৱে অৰ্পিতাৰ দুটা ঘৰৰ পৰা প্ৰায় ৫০ কোটি টকা উদ্ধাৰ কৰিছিল। ঝাৰখণ্ডত ইডিৰ অভিযানে পাৰ্থ-অৰ্পিতাৰ অভিলেখ অতিক্ৰম কৰিব নেকি তালৈ সকলোৱে দৃষ্টি ৰাখিছে?