DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছোনিয়া গান্ধী, ৰাহুলক সোধা-পোছাৰ অন্তত নেচনেল হেৰাল্ডৰ কাৰ্যালয়ত তলা ওলোমালে ইডিয়ে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 3, 2022 8:06 pm
121
VIEWS
Share on FacebookShare on Twitter

নেচনেল হেৰান্ড গোচৰৰ তদন্তই নতুন গতি লৈছে। কংগ্ৰেছৰ অন্তৰ্ৱৰ্তী সভানেত্ৰী ছোনিয়া গান্ধীক এনফোৰ্চমেণ্ট সঞ্চালকালয়ে (ইডি) একেৰাহে কেইবাদিনো জেৰা কৰাৰ পিছত আজি নতুন দিল্লীত থকা কাকত খনৰ কাৰ্যালয়টো চীল কৰি দিয়ে।

ইডিয়ে  বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰৰ ভিত্তিতে দিল্লীৰ নেচনেল হেৰাল্ডৰ কাৰ্যালয় চীল কৰি দিয়া বুলি ইডিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইডিয়ে মঙলবাৰে কাৰ্যালয়টোত তালাচী চলাইছিল। ইয়াৰ পিছতে বুধবাৰে কাৰ্যালয়টো চীল কৰা হয়। ইডিয়ে লগতে এইবুলিও কৈছে যে কৰ্তৃপক্ষৰ তেওঁলোকৰ অনুমতি অবিহনে কাৰ্যালয়টো খুলিব নোৱাৰিব। ইডিৰ অনুসন্ধানকাৰীসকলে মঙলবাৰে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক সোধা-পোছা কৰাৰ পিছত হেৰাল্ড হাউচ আৰু কাকত খনৰ প্ৰকাশন সংস্থা এছ’চিয়েটেড জাৰ্নেলছৰ ১২ টা চৌহদত তালাচী চলাইছিল।

নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত ইডিয়ে ৰাহুল গান্ধীক পাঁচ দিনত প্ৰায় ৫৫ ঘণ্টা সোধা-পোছা কৰিছিল। ছোনিয়া গান্ধীকো তিনি দিনত ১২ ঘণ্টা সোধা-পোছা কৰা হৈছিল। ইডিৰ মতে, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক কৰা জেৰাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বিভিন্ন ঠাইত তালাচী চলোৱা হৈছিল। গান্ধী পৰিয়ালৰ সদস্যৰ লগতে আন বহুতৰে নাম জৰিত হৈ থকা ‘নেচনেল হেৰাল্ড’ গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ চমন জাৰি কৰাৰ বিষয়টোৱে পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই কথাই এতিয়া কংগ্ৰেছৰ অন্দৰ মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।

২০১১-১২ চনৰ ‘নেচনেল হেৰাল্ড’ গোচৰৰ সতে সম্পৰ্কীত ধনৰ অবৈধ লেনদেনৰ এটা গোচৰত এই চমন জাৰি কৰা হৈছিল। এই গোচৰৰ তদন্তকাৰী বিষয়াৰ সন্মুখত ৮ জুনত ছোনিয়া গান্ধীক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল । আনহাতে ৰাহুলক ২ জুনৰ দিনা ইডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল।

উল্লেখ্য নেচনেল হেৰাল্ড গোচৰত অভিযুক্ত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু তেওঁৰ পিত্ৰ ৰাহুল গান্ধীসহ অন্য অভিযুক্তৰ পৰা সহযোগিতা কামনা কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে।দিল্লী উচ্চ ন্যায়ালয়ে বিজেপিৰ সাংসদ সুব্ৰমণিয়াম স্বামীয়ে দাখিল কৰা এক আবেদনৰ বিচাৰ প্ৰক্ৰিয়াত ছোনীয়া গান্ধী আৰু পুত্ৰ ৰাহুল গান্ধীসহ অন্য অভিযুক্তসকলৰ সহযোগিতাৰ কামনা কৰিছিল।

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কাইটে এখন জাননী যোগে বিজেপি সাংসদ সুব্ৰমণিয়াম স্বামীৰ আবেদনৰ সন্দৰ্ভত গান্ধী পৰিবাৰ লগতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক অস্কাৰ ফাৰ্ণাণ্ডেজ, চুমন ডুবে, শাম পিট্ৰ’ডা আৰু ইয়ঙ ইণ্ডিয়াৰ স্থিতি কি জানিব বিচাৰিছিল।

উল্লেখ্য যে গান্ধী পৰিয়ালৰ লগতে অন্যান্য অভিযুক্তসকলে ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেড(ৱাইআই) আৰু নেশ্যনেল হেৰাল্ডৰ মালিক পক্ষ এচ’ছিয়েট জাৰ্ণেলছ প্ৰাইভেট লিমিটেডৰ পুঁজি অপব্যৱহাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আহিছে সুব্ৰমণিয়াম স্বামীয়ে।

Recent News

Assamese language

অসমীয়া ভাষা কওঁতে বা লিখোঁতে সচৰাচৰ হোৱা ভুল

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd