দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰত জেৰাৰ বাবে ইডিৰ চমন মুখ্যমন্ত্ৰী কেজৰিৱালক

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল। ফাইল ফটোঃ সংগ্ৰহীত।

এনফৰ্চমেন্ট ডিৰেক্টৰেট (ইডি)য়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক আবকাৰী দুৰ্নীতিৰ গোচৰত জেৰাৰ বাবে চমন দিছে। সেই গোচৰত তেওঁক সোধা-পোছাৰ বাবে ২ নৱেম্বৰ বৃহস্পতিবাৰে ইডিৰ মুখ্য কাৰ্যালয়লৈ মতা হৈছে।

দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া আৰু আপৰ সাংসদ সঞ্জয় সিঙক ইডিয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। এতিয়া কেন্দ্ৰীয় সংস্থাটোৱে চমন প্ৰেৰণ কৰাৰ পিছত কেজৰিৱালৰ ‘ভৱিষ্যৎ’ক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে সেই গোচৰত আদালতত দাখিল কৰা দ্বিতীয়খন অভিযোগনামাত ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম উল্লেখ কৰিছিল।

লগতে পঢ়কঃ ICC World Cup 2023: বিশ্ব মঞ্চত আফগানিস্তানৰ দপদপনি! ইংলেণ্ড, পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকাক দেখুৱালে খেল

যোৱা ১৬ এপ্ৰিলত কেজৰিৱালক আবকাৰী দুৰ্নীতিৰ গোচৰত আন এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে প্ৰায় চাৰে ৯ ঘণ্টা ধৰি জেৰা চলাইছিল। পিছত ইডিয়ে এই গোচৰৰ অবৈধ বিত্তীয় লেনদেনৰ সন্ধানত সমান্তৰাল তদন্ত আৰম্ভ কৰে। আপ চৰকাৰৰ কাৰ্যকালত আবকাৰী নীতি সলনি কৰি একাংশ কোম্পানীক অবৈধ সুযোগ দিয়াৰ অভিযোগ উত্থাপন হৈছে।

যোৱা বছৰেই দিল্লীৰ আপ চৰকাৰে এই বিতৰ্কিত আবকাৰী নীতি বাতিল কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বেই দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই চি বি আইৰ তদন্তৰ নিৰ্দেশ দিছিল। এই গোচৰৰ অন্যতম অভিযুক্ত হিচাপে সেই সময়ৰ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী ছিছ’দিয়া আৰু সাংসদ সঞ্জয় সিঙৰ নাম উল্লেখ কৰা হৈছে।

লগতে পঢ়কঃজেলতে থাকিব ছিছ’দিয়া; ৩৩৮ কোটি টকাৰ লেনদেনৰ কথা উল্লেখ কৰিলে উচ্চতম ন্যায়ালয়ে

ইপিনে, আপে অৱশ্যে আৰম্ভণিৰে পৰাই এয়া বিজেপিৰ ষড়যন্ত্ৰ বুলি দাবী কৰি আহিছে৷ আপৰ দাবী যে কেন্দ্ৰৰ বিজেপি চৰকাৰে বিৰোধীক দমন কৰিবলৈ এনে সকলো মনে সজা অভিযোগেৰে নেতৃত্বক হাৰাশাস্তি কৰাৰ পৰিকল্পনা কৰিছে।

উল্লেখ্য যে এই গোচৰত যোৱা ফেব্ৰুৱাৰী মাহত ছিছ’দিয়া আৰু এই মাহতে সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল।