• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

সাধাৰণ মানুহৰ বাবে সংবিধান দিৱসৰ অৰ্থ কি?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
November 26, 2023 11:39 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সংবিধান দিৱস। কিন্তু, এজন নিৰক্ষৰ মানুহৰ বাবে ভাৰতৰ সংবিধানৰ অৰ্থ কি? তেওঁৰ সংবিধানৰ জ্ঞান কিমান? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত থকা কথা কেইটাৰ লগত তেওঁৰ জীৱনৰ কি সম্পৰ্ক? সংবিধানৰ প্ৰস্তাৱনাত কোৱা হৈছে যে, আমাৰ দেশ এখন সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য; তাত আৰু কোৱা হৈছে “জনসাধাৰণৰ সকলো অংশৰ মাজত চিন্তা, মতামত প্ৰকাশ, উপাসনা আৰু বিশ্বাসৰ স্বাধীনতা সুনিশ্চিত কৰা হওক। সকলো ব্যক্তিৰ মাজত অৰ্থনৈতিক সা-সুবিধা আৰু সমমৰ্যাদা অক্ষুণ্ণ ৰাখি তেওঁলোকৰ মাজত ভাতৃত্ববোধ জগাই তোলাৰ সাংবিধানিক সুৰক্ষাও ৰাষ্ট্ৰই নিশ্চিত কৰক৷”

এইখিনিতে, আমি মনত ৰখা উচিত যে, সংবিধানৰ ৪২তম সংশোধনী এটা অতি ক’লা অধ্যায়।ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকা সময়ত বলবৎ কৰা জৰুৰীকালীন অৱস্থাত, এই সংশোধনীৰ দ্বাৰা ভাৰতৰ সংবিধানৰ মৌলিক কাঠামোটোৱেই সলনি কৰি দিব বিচৰা হৈছিল। ইয়াৰ দ্বাৰা, এফালে, কাৰ্যপালিকাৰ হাতত অধিক ক্ষমতা ন্যস্ত কৰি, আইন প্ৰণয়নৰ ক্ষেত্ৰত, সংসদক চূড়ান্ত ক্ষমতা দিয়া হৈছিল, আনফালে ন্যায়পালিকাৰ ক্ষমতা সংকুচিত কৰি, সংবিধানৰ প্ৰাধান্য সীমিত কৰা হৈছিল।

আধুনিক ভাৰতৰ ৰাজনৈতিক ইতিহাসত জৰুৰীকালীন অৱস্থাৰ গুৰুত্ব কেইবাটাও। সংবিধানৰ ৪২তম সংশোধনীৰ দ্বাৰা অনা মূল সংশোধনীবোৰৰ প্ৰায় ভালেখিনি, জনতা চৰকাৰে ৪৩ তম আৰু ৪৪ তম সংশোধনীৰ দ্বাৰা খাৰিজ কৰিছিল আৰু ১৯৮০ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত, Minerva Mills Ltd. and Ors. v. Union Of India and Ors.ৰ সন্দৰ্ভত ৰায় দি উচ্চতম ন্যায়ালয়ে সংবিধানৰ মৌলিক কাঠামো নীতিৰ (Basic structure doctrine of the Constitution)ৰ অধীনত, সংসদৰ সৰ্বোচ্চ প্ৰভুত্ব(supremacy ) নাকচ কৰিছিল। সাময়িকভাৱে আমাৰ সংবিধান তেতিয়া সুৰক্ষিত হৈছিল যদিও আজি সংবিধান অমান্য কৰাৰ যি ৰাজনীতি লহপহীয়াকৈ বাঢ়ি আহিছে তাৰ সূত্ৰপাত কিন্তু তেতিয়াই হৈছিল।

Apply Now

আমি আকৌ সাধাৰণ মানুহ আৰু সংবিধানৰ প্ৰস্তাৱনালৈ উভতি গৈছোঁ। তাৰ আগতে এটা কথা ক’ব লাগিব। ভাৰতৰ সংবিধানৰ চালিকা শক্তি আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ইয়াৰ উপৰিও, ‘মেগনা কাৰটা’ৰ ‘মানৱ অধিকাৰ চনদ’ আৰু আমেৰিকাৰ সংবিধানৰ প্ৰভাৱো আমাৰ সংবিধানৰ ওপৰত সুস্পষ্ট। ভাৰতৰ সকলো অংশৰ জনসাধাৰণৰ প্ৰতিনিধিৰে গঠিত সংবিধান সভাই বিতৰ্ক আৰু আলোচনাৰ এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদি, সংবিধানখন প্ৰস্তুত কৰিছিল। সংবিধানৰ মূল উদ্দেশ্য আৰু লক্ষ্য নিহিত তাৰ প্ৰস্তাৱনাত। প্ৰস্তাৱনাত, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ কথা কোৱা হৈছে।

এজন সাধাৰণ মানুহৰ কাৰণে এইবোৰৰ অৰ্থ কি? সংবিধানত থাকক কি নাথাকক এজন সাধাৰণ মানুহে, তেওঁ যি ধৰ্ম, ভাষা বা জনগোষ্ঠীৰ লোকেই নহওক লাগে, সমাজত সসম্মানে জীয়াই থাকিব বিচাৰে।তেওঁ কাৰো ওচৰত হাত নপতাকৈ নিজৰ উপাৰ্জন নিজে কৰিব বিচাৰে।আকৌ, যিটো শাসন ব্যৱস্থাৰ দ্বাৰা তেওঁ পৰিচালিত হ’ব, তাতো তেওঁৰ এটা হক বা অধিকাৰ থকাটো তেওঁ বিচাৰে।প্ৰস্তাৱনাই ভাৰতৰ সকলো মানুহকে মুকলিকৈ  চিন্তা, মতামত প্ৰকাশ, উপাসনা আৰু বিশ্বাসৰ স্বাধীনতা দিছে। তাৰমানে, যি কোনো মানুহ এজনৰ যিকোনো বিষয়ে মতামত দিয়াৰ বা কিবা এটা মুকলিকৈ কোৱাৰ অধিকাৰ আছে, সেইটোৱে এটা সহজাত মানবীয় প্ৰবৃত্তি, অৱশ্যে কাৰোৰে বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ অধিকাৰ আমাৰ নাই।

ভাৰত বিভিন্ন ধৰ্মাৱলম্বী আৰু জনগোষ্ঠীৰ দেশ। সকলো মানুহেই নিজৰ ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতি পালন কৰিব বিচাৰে।এইটো এটা অতি স্বাভাবিক কথা।আৰু কোনো মানুহেই কাৰো অধীন হৈ থাকিব নিবিচাৰে।নিজৰ যোগ্যতা অনুযায়ী চাকৰি বাকৰি বা অন্য উপায়েৰে উপাৰ্জন কৰাৰ সুবিধা সকলোৱে পাব লাগে।সংবিধানৰ প্ৰস্তাৱনাত ভাতৃত্ববোধৰ কথাও কোৱা হৈছে। তাকো আমি সাধাৰণ মানুহৰ ভাষাত বুজিব পাৰোঁ। সমাজত মিলামিছা কৰি থাকিলেহে শান্তিত থাকিব পাৰি আৰু ই আমাৰ বুজাবুজি, মিলাপ্ৰীতি আৰু ঐক্য-সংহতি মজবুত কৰে। সংবিধানত আৰু বহু কথা আছে। কিন্তু মূল কথা এইকেইটাই। সংবিধানে দেশৰ এজন সাধাৰণ নাগৰিকক এইখিনি সুবিধা আৰু  নিৰাপত্তা দিব পাৰিলেই যথেষ্ট।

জৰুৰীকালীন অৱস্থাৰ সময়ত বাক স্বাধীনতা আৰু ন্যায়পালিকাৰ স্বাধীনতা খৰ্ব কৰা হৈছিল।এতিয়া কি হৈছে? এতিয়া কেৱল বাক স্বাধীনতা, ন্যায়পালিকাৰ স্বাধীনতাই খৰ্ব হৈছে এনে নহয়, এতিয়া মানুহৰ উপাসনা আৰু বিশ্বাসৰ স্বাধীনতাও খৰ্ব কৰা হৈছে। দেশৰ কোনো কোনো ঠাইত,মছজিদ আৰু গীৰ্জা আক্ৰমণৰ সন্মুখীন হৈছে।ধৰ্মীয় সংখ্যলঘু আৰু সামাজিকভাৱে পিছপৰা অংশৰ জনসাধাৰণ, নানা ধৰণে নিগৃহীত হৈছে।দেশৰ অৰ্থনীতিৰ নিৰ্বিচাৰ ব্যক্তিগতকৰণে মানুহৰ মাজত অৰ্থনৈতিক অসমতা বৃদ্ধি কৰিছে। যোৱা ৪০/৪৫ বছৰৰ ভিতৰত, নিবনুৱা সমস্যাই আমাৰ দেশত আটাইতকৈ ভয়াবহ ৰূপ ধাৰণ কৰিছে।মাত্ৰ ১% মানুহ, এতিয়া  দেশৰ ৪০% তকৈ বেছি সম্পদৰ অধিকাৰী আৰু এতিয়া ৩% সম্পদহে তলৰ পৰা ৫০% মানুহৰ হাতত আছে। ইয়াতকৈ আৰু কি বেছি অৰ্থনৈতিক অসমতা লাগে?

চৰকাৰে  ৰাজহুৱা সম্পদ কাৰ হাতত পানীৰ ভাওত গতাই দিছে আপোনালোকে জানেই। আকৌ, চৰকাৰ নিজেই যদি বিভাজনৰ ৰাজনীতিৰ পৃষ্ঠপোষক হৈ পৰে, সাধাৰণ মানুহৰ মাজত মিলাপ্ৰীতি আৰু ভাতৃত্ববোধ আহিব ক’ৰপৰা? এইবোৰেই হৈছে এতিয়া আমাৰ সংবিধানলৈ অহা প্ৰধান ভাবুকি।এই ভাবুকি আহিছে ২০১৪ চনৰ পৰা এতিয়ালৈকে কেন্দ্ৰত থকা চৰকাৰখনৰ কাৰণে।সংবিধানলৈ অহা ভাবুকি মানে, সাধাৰণ মানুহৰ জীৱনলৈ অহা ভাবুকি।ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থাকোতে, ১৯৭৫/৭৬ত, আমাৰ সংবিধান প্ৰথম বাৰৰ বাবে, মাত্ৰ এটা কি দুটা দিশত ভাবুকি আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেইবাবেই ভাৰতৰ জনসাধাৰণে, ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত ইন্দিৰা গান্ধীক পৰাজিত কৰিছিল।ইন্দিৰা গান্ধী ১৯৮০ চনত আকৌ ক্ষমতালৈ ঘূৰি আহিছিল। তেতিয়া কিন্তু, তেওঁ সংবিধানত হাত দিয়া নাছিল। কিন্তু,এতিয়া, দ্বিতীয় বাৰৰ বাবে আমাৰ সংবিধানৰ প্ৰস্তৱনাৰ মূল লক্ষ্য আৰু উদ্দেশ্য সকলো ফালৰ পৰা এক ঘোৰতৰ ভাবুকি আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই আক্ৰমণ জৰুৰীকালীন অৱস্থাতকৈ অধিক ব্যাপক,গভীৰ আৰু ভয়াবহ।

এতিয়া সকলো নিৰ্ভৰ কৰিছে ভাৰতৰ সাধাৰণ মানুহ, বিৰোধী ৰাজনৈতিক দল আৰু নাগৰিক সমাজে কেনেকৈ এই প্ৰত্যাহ্বানৰ সন্মুখীন হয় তাৰ ওপৰত। এই ক্ষেত্ৰত, জৰুৰীকালীন অৱস্থাৰ সময়ত ভাৰতীয় জনগণ, বিৰোধী ৰাজনৈতিক দল আৰু নাগৰিক সমাজে দেখুৱা সাহসেই বোধহয় আমাৰ পাঠেয় হ’ব।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd