গুৱাহাটীৰ কি হ’ব?

Guwahati Flood

কালি গুৱাহাটীৰ কি হৈছিল? কালি গুৱাহাটীখন প্ৰায় স্তব্ধ হৈ পৰিছিল।বৰষুণৰ পানীত গোটেই চহৰখন জলমগ্ন হৈ আছিল।আজিও অৱস্থাৰ বিশেষ উন্নতি হোৱা নাই।এফালৰপৰা চাবলৈ গ’লে এইটো এটা প্ৰাকৃতিক দুৰ্যোগ। কিন্তু, এইটো এটা হঠাৎ হোৱা প্ৰাকৃতিক দুৰ্যোগ নে সচৰাচৰ ঘটি থকা প্ৰাকৃতিক পৰিঘটনা? এইটো বাৰিষাৰ গুৱাহাটীৰ এটা চিনাকি দৃশ্য নহয়নে? তেন্তে কিয় আমি ইয়াৰ প্ৰতিকাৰ কৰিব পৰা নাই? কিয় বছৰে বছৰে গুৱাহাটী জটিলৰ পৰা জটিলতৰহৈ গৈ আছে? অথচ প্ৰকৃতিয়ে গুৱাহাটীক কি দিয়া নাছিল? গুৱাহাটীত কি নাছিল? নৈ, বিল, পাহাৰ, পৰ্বত, পুখুৰী, জান, জুৰি?এতিয়া কোনে গুৱাহাটীৰ এই আটাইবোৰ সম্পদ গুৱাহাটীৰ বিপদলৈ ৰূপান্তৰিত কৰিলে? ইয়াৰ বাবে প্ৰকৃততে দায়ী কোন?

এই প্ৰশ্ন কেইটাৰ উত্তৰ বিচৰাৰ আগতে আমি এপাক গুৱাহাটীৰ অতীতলৈ ঘূৰি যাম নেকি? অতীতৰ গুৱাহাটীখন ক’ত আছিল? অতীতৰ গুৱাহাটীখন উজানবজাৰ, লতাশিল, হেপীভিলা, চেনীকুঠি, পাণবজাৰ, ফাচীবজাৰ, মাছখোৱা, ভৰলুমুখ আদিত নাছিল জানো? আৰু আছিল অলপ দূৰে দূৰে ওখ ঠাইবোৰত, পাহাৰৰ দাঁতিৰ ঠাইবোৰত। সেই ঠাইবোৰনো কোনবোৰ অলপ চিন্তা কৰিলেই আপোনাৰ মনত পৰিব।পুৰণি গুৱাহাটীৰ ঠাইবোৰত এতিয়াও কেতিয়াবা পানী হোৱা আমি দেখিছোঁনে? নাই দেখা। কিয় নাই দেখা? এতিয়াও সেই ঠাইবোৰৰ ৰাস্তা-ঘাট কিয় ইমান পোন,পৰিকল্পিত,আহল-বহল?

জনা দিনৰ ইতিহাসৰে পৰা- আহোমে, বৃটিছে পৰিকল্পনা কৰা ঠাই আছিল এইবোৰ।দেখিছেনে তেওঁলোকৰ পৰিকল্পনা এতিয়াও অকাজী হোৱা নাই? এইখিনিতে স্বাভাৱিকতে আপুনি প্ৰশ্ন কৰিব-তেতিয়াৰ গুৱাহাটীৰ লগত এতিয়াৰ গুৱাহাটীৰ তুলনা অবাস্তৱ,অবান্তৰ। তেতিয়াৰ গুৱাহাটীৰ জনসংখ্যা কি আছিল আৰু এতিয়াৰ গুৱাহাটীৰ জনসংখ্যা কি? অতি যুক্তিসংগত প্ৰশ্ন।কিন্তু, সময়ৰ লগে লগে মহানগৰ এখনৰ জনসংখ্যা বঢ়াটো, তাৰ সম্প্ৰসাৰণ ঘটাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া হয় নে নহয়? গতিকে সময়ৰ প্ৰয়োজন অনুসৰি মহানগৰখনৰ পৰিকল্পনাৰ দায়িত্ব কাৰ? পৰিকল্পনাৰ দায়িত্বত যিসকল থাকে তেওঁলোকৰ নহয় জানো?

এতিয়া গুৱাহাটী কেৱল অসমৰ ৰাজধানীয়ে নহয়, ই উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ। সমগ্ৰ অঞ্চলটোৰ শিক্ষা, স্বাস্থ্য, বাণিজ্যৰ কেন্দ্ৰ। কৰ্মসংস্থান আৰু অন্যান্য কাৰণত গুৱাহাটীলৈ মানুহৰ সোঁত বোৱাটো তেনেই স্বাভাৱিক।গতিকে ক্ৰমবৰ্দ্ধমানভাৱে গুৱাহাটীৰ জনসংখ্যা বৃদ্ধি আৰু তাৰ সমানুপাতিক হিচাপে চহৰখনৰ সম্প্ৰসাৰণ- এটা অতি স্বাভাৱিক প্ৰক্ৰিয়া। আৰু এটা কথা,মহানগৰখনৰ সম্প্ৰসাৰণৰ লগে লগে তালৈ সকলো ধৰণৰ- ধনী, দুখীয়া সকলো উপাৰ্জনৰ মানুহেই আহিব।মহানগৰখনত সকলোৰে বাবেই ব্যৱস্থা থাকিব লাগিব।সেইবোৰো পৰিকল্পনাৰ ভিতৰত থাকিব লাগিব।

পুৰণি গুৱাহাটীখন মূলতঃ ওখ ঠাইবোৰত আছিল।বাকী ঠাইবোৰ আছিল- পথাৰ,পাহাৰ,নৈ, জান,জুৰি,জলাশয় আৰু বিল।বৰষুণ আহিলে কি হৈছিল? পানী মাটিলৈ সোমাই গৈছিল। অতিৰিক্ত পানীবোৰে বিল, পথাৰ, জলাশয়ত গৈ থিতাপি লৈছিল।এতিয়া এফালৰ পৰা গুৱাহাটীত ঘৰ আৰু ঘৰ। কেৱল বেচৰকাৰী, চৰকাৰী নিৰ্মাণ, নিৰ্মাণ আৰু নিৰ্মাণ।দখল, বেদখল। গৰীৱে যদি মূৰটো সোমাবলৈ দখল, বেদখল কৰছে, ধনীয়ে লাভ,লালসাৰ বাবে সেইটো কৰিছে।কিন্তু কাৰো বাবে কোনো নিয়ম-নীতি নাই।মাজে মাজে গৰীৱৰ ঘৰ ভাঙি উচ্ছেদ কৰা হয়।কিন্তু ধনীৰ কোনেও নোম এডলো লৰাব নোৱাৰে।নিৰ্বনীকৰণৰ বাবে পাহাৰে পানী ধৰি ৰাখিব নোৱাৰে।পানী গৈ বিল,জলাশয়ত পৰিবলৈ বিল,জলাশয় নাই। জুৰি,নিজৰাৰে পানী গৈ নদীত পৰিবলৈ জুৰি, নিজৰাতো বেদখল।নদীও বহনক্ষমতা হেৰুৱাই হৈ পৰিছে আৱৰ্জনাময়।এনেয়েও গুৱাহাটীৰ আকৃতিটো হৈছে এটা চৰিয়াৰ দৰে।গতিকে দবাপিটা বৰষুণৰ পানী যায় ক’লৈ?

আমি আৰম্ভণিতে পশ্ন কৰিছিলোঁ, গুৱাহাটীৰ আজিৰ এই দুৰ্দশাৰ বাবে দায়ী কোন? কোন জগৰীয়া ইয়াৰ বাবে? ইয়াৰ বাবে মূলতঃ জগৰীয়া তিনিটা পক্ষ।আমি গুৱাহাটীলৈ যিসকল মানুহ ঢপলিয়াই আহিছোঁ, আহি ইয়াত ঘৰ কৰিছোঁ- ঘৰটো বন্ধাৰ সময়ত আমি আমাৰ চহৰখনৰ কথা, চহৰখনৰ ভবিষ্যতৰ কথা, আমাৰ চুবুৰীয়াৰ কথা ভাবি চাইছিলোঁনে?নে আমি কেৱল নিজৰ স্বাৰ্থৰ কথাটোকহে অগ্ৰধিকাৰ দিছিলোঁ? আৰু এক নম্বৰ জগৰীয়া কোন?এক নম্বৰ জগৰীয়া গুৱাহাটী পৌৰ নিগম,গুৱাহাটী উন্নয়ন প্ৰাধিকাৰী আৰু অসম চৰকাৰ।এওঁলোকে কিয় গুৱহাটীৰ সমস্যাবোৰ নিয়ন্ত্ৰণলৈ আনিব পৰা নাই? গুৱাহাটীৰ সমস্যা দিনক দিনে সমাধানৰ ফাললৈ গৈ আছে নে অসমাধানৰ ফালে গৈ আছে?

এই যে কাৰোবাৰ মন গ’ল, জজ খেলপথাৰখনত সাধাৰণ মানুহৰ প্ৰৱেশ নিষেধ কৰা হ’ল।কাৰোবাৰ মন গ’ল নেহৰু পাৰ্ক আৰু জজ খেলপথাৰৰ মাজৰ ৰাস্তাটো বন্ধ কৰি দিয়া হ’ল।কাৰোবাৰ মন গ’ল গুৱাহাটীৰ অ’ত ত’ত নিশাটোৰ ভিতৰতে উৰণীয়া পদপথ, উৰণীয়া সেতু নিৰ্মাণৰ সিদ্ধান্ত লোৱা হ’ল।এতিয়া হেনো গুৱাহাটীৰপৰা জাগীৰোডলৈ আঠ চৰণ যুক্ত পথ নিৰ্মাণ হ’ব। কোনে কাৰ স্বাৰ্থত ইয়াত এইটো,তাত সেইটো নিৰ্মাণৰ সিদ্ধান্ত লৈছে? এই অবিৰত নিৰ্মাণ ৰথে গুৱাহাটীক ক’লৈ লৈ যাব? আৰু আমি যিসকলে নিজকে গুৱাহাটীৰ সজাগ,সচেতন নাগৰিক বুলি ভাবোঁ-এই ক্ষেত্ৰত আমাৰ একো কৰিবলগীয়া নাইনে? সৌৰভ চলিহাই বোধহয় কৈছিল “গুৱাহাটী এখন ভাল ঠাই, ইয়াক নষ্ট কৰিব নাপায়।”