• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিমান প্ৰতিশ্ৰুতি পূৰণ কৰিলে অসম চৰকাৰে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 14, 2022 3:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন চৰকাৰে এবছৰত কিমান কাম কৰিব পাৰে? বহুত কিবা কৰিব নোৱাৰে৷ কিন্তু, এবছৰত চৰকাৰে নিশ্চয় নিজৰ দৃষ্টিভংগী সলনি কৰিব পাৰে৷

কেৱল নিৰ্বাচনৰ কথা নাভাবি জনমুখী নীতি লোৱাৰ কথা ভাবিব পাৰে৷ তেনে কৰিলেই চৰকাৰৰ নিত্যনৈমিত্তিক কামখিনিতে(routine activities )এক আমূল পৰিবৰ্তন আহিব পাৰে৷ চিন্তনীয় কথা যে এতিয়া চৰকাৰ গঠন হোৱাৰ দিনাৰে পৰা চৰকাৰখনে যেন পৰৱৰ্তী নিৰ্বাচনৰ কথা ভাবিয়েই সকলো কাম কৰিবলৈ আৰম্ভ কৰে৷ তেওঁলোকৰ সকলো কামেই ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত হৈ পৰে৷

তেওঁলোকে যেন সকলো মানুহৰ কথা নাভাবে৷অনবৰতে ভোটৰ কথাহে ভাবি থাকে৷ সেয়ে,জনমুখী দৃষ্টিভংগী নহয়, চমক সৃষ্টিকাৰী কামৰ লেখেৰেহে চৰকাৰে নিজৰ সফলতাৰ কথা ক’ব বিচাৰে৷ এতিয়া দৃষ্টিভংগীৰ কথা নাহে, প্ৰতিশ্ৰুতিৰ কথাহে আহে৷ গতিকে আহকচোন আমি চাওঁ, চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে কিমান পালন কৰিলে? অইন নালাগে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে অসমৰ বাহিৰৰ ভিতৰৰ বিভিন্ন বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা বিজ্ঞাপনবোৰতনো কি কোৱা হৈছে, সেইটোৱে আমি চাওঁচোন!

চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে এবছৰত একলাখ যুৱক-যুৱতীক চাকৰি দিয়া হ’ব৷ এতিয়া তেওঁলোকে কি কৈছে- নিযুক্তি দিয়া হোৱা নাই৷ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত নিযুক্তিৰ বাবে দুখন নিযুক্তি আয়োগহে গঠন কৰা হৈছে৷ আমাৰ প্ৰশ্ন? নিযুক্তি দিয়া আৰু নিযুক্তি আয়োগ গঠন কৰা একে কথানে? আকৌ নিযুক্তি দিয়াৰ কথা আছিল এক লাখক আৰু নিযুক্তিপত্ৰ সাজু কৰা হৈছে ২৩ হাজাৰৰ বাবে? আন এক প্ৰতিশ্ৰুতি আছিল ২৪ ঘন্টাই বিদ্যুত যোগান ধৰাৰ৷কিন্তু, ২৪ ঘন্টা অব্যাহত বিদ্যুৎ যোগান ধৰাৰ কথা বাদেই, এতিয়া অসমৰ ঠায়ে ঠায়ে ২৪ ঘন্টালৈ বিদ্যুতৰ সৰবৰাহ বন্ধ হৈ থকাৰ খবৰহে আহিবলৈ ধৰিছে চাৰিওফালৰ পৰা৷ আগৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে আকৌ অস্পষ্ট ভাষাত বিদ্যুৎ সেৱা সংস্থা উন্নীতকৰণৰ নতুন প্ৰতিশ্ৰুতি দিয়া হৈছে৷ অইন এঠাইত কোৱা হৈছে যে ২০২১-২২ চনত জি এছ ডি পি ১৩.৮৯ শতাংশ বৃদ্ধি হৈছে৷ ভাল কথা৷ কিন্তু, তাৰ পিছত লক্ষ্য পূৰণ কৰাৰ কথা কোৱা হোৱা নাই, অনুমানহে কৰা হৈছে৷

বিত্তীয় স্থিৰতাৰ ক্ষেত্ৰত কোৱা হৈছে যে “সতৰ্ক বিত্তীয় ব্যৱস্থাপনা,ব্যাপক হাৰত ক্ৰয় সংস্কাৰৰ লগতে পুংখানুপুংখ ব্যয় পৰিকল্পনাৰ জৰিয়তে সামগ্ৰিক বাজেট ব্যয়ৰ ক্ষেত্ৰত লক্ষণীয় উন্নতি”৷ এইটো এটা ইতিবাচক বাক্য৷ কিন্তু কোনো লক্ষ্যত উপনীত হোৱাৰ কথা ইয়াত নাই৷ “নিৰাময়ৰ স্পৰ্শ”ত চৰকাৰে লক্ষ্যত উপনীত হোৱাৰ তথ্য আৰু সংখ্যা উল্লেখ কৰিছে৷ আমি ভাল পাইছোঁ৷ সাধুবাদ দিছোঁ৷ কিন্তু কভিডৰ চিটা দিয়াটো এটা উল্লেযোগ্য সফলতা বুলি কোৱা উচিতনে? “বিদ্ৰোহৰ যৱনিকা” শিতানত অসংখ্য বিদ্ৰোহী সংগঠনৰ লগত চৰকাৰে শান্তি চুক্তি কৰাৰ কথা কৈছে৷ বৰ ভাল কথা৷ আৰু ২০০০জন বিদ্ৰোহী যুৱক মূলসুঁতিলৈ ঘূৰি অহাৰ কথা কৈছে৷ কথা হ’ল, এইবোৰ ঘোষণা চলি থাকোতেইচোন আলফালৈ ডেকা ল’ৰাবোৰ গৈয়ে আছে৷ বৰ্ষপূৰ্তিৰ যা-যোগাৰ চলি থকাৰ মাজতে আলফাই তিনিজনকৈ ডেকা ল’ৰাক মৃত্যুদণ্ডও বিহিলে৷ এইবোৰে বিদ্ৰোহ শাম কটাৰ কিবা ইংগিত দিয়েনে? ইয়াৰ পিছতো বহু সফলতাৰ কথা কোৱা হৈছে৷ কিন্তু সেইবোৰৰ বেছিভাগেই সুন্দৰ বাক্য, বৰ্ণনা, সাহিত্যহে, সফলতাৰ তথ্য বা পৰিসংখ্যা নহয়৷

প্ৰতিশ্ৰুতিৰ কথা ইমানতে এৰিলোঁ৷ কিন্তু, ধাৰাবাহিকভাবে হোৱা মূল্যবৃদ্ধিয়ে যে সাধাৰণ ৰাইজৰ অৱস্থা কাহিল কৰিছে, সেই সম্পৰ্কে চৰকাৰে কি কৈছে? যোৱা আঠ বছৰৰ ভিতৰত আটাইতকৈ বেছি হোৱা ৭.৮% মুদ্ৰস্ফীতিয়ে আমাৰ কি অৱস্থা কৰিছে?

আকৌ,আপোনালোকে এটা কথা মন কৰিছেনে? এই যে অমিত শ্বাহ আহিল, ৰাস্তাই ঘাটে চাৰিওফালে নেতা,মন্ত্ৰীৰ ছবি ওলোমাই দিয়া হ’ল! চাৰিওফালে তোৰণ সজা হ’ল৷ এইবোৰ কোনে কৰিছে? কাৰ নাম আছে এইবোৰৰ তলৰ ফালে? আপোনালোকে ভালদৰে চাইছেনে? এইবোৰ চৰকাৰে কৰা নাই৷ ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশেহে কৰিছে৷ কিয়? চৰকাৰৰ বৰ্ষপূৰ্তি৷অসম চৰকাৰৰহে নাম থাকিব লাগিছিল এইবোৰত৷ নহয়৷ সকলো সুকীৰ্তিৰ অধিকাৰী অসম চৰকাৰৰ মাৰফৎ বিজেপিৰহে হোৱা উচিত৷ তাকেই যেন ক’ব বিচৰা হৈছে এই সকলোবোৰ প্ৰচাৰ অভিযানৰ দ্বাৰা৷ এতিয়া চৰকাৰ গৌণ৷ দলহে মুখ্য৷ নাইবা চৰকাৰ আৰু দল যেন একেই৷ কথাটো কিন্তু চিন্তনীয়৷

আন এষাৰ কথা এই প্ৰসংগত উল্লেখ কৰা উচিত হ’ব৷ এখন বিশাল জনসভাত আমাৰ মুখ্যমন্ত্ৰীজনে সম্বোধন সম্পৰ্কীয় এটা ভুল কৰিব পাৰেনে? ভুল হ’বও পাৰে৷কিন্তু, আমাৰ বাতৰিকাকত আৰু টিভি চেনেলসমূহে সভাখনৰ পাৰ্শ্বজ্যোতি হিচাপেও এই কথাটো উল্লেখ নকৰিলে কিয়? বাতৰি কাক কয়? কুকুৰ এটাই মানুহক কামুৰিলে সেইটো বাতৰি নহয়৷ কিয়নো, সেইটো এটা সচৰাচৰ ঘটা ঘটনা৷ কিন্তু, মানুহ এজনে যদি কুকুৰ এটাক কামোৰে, সেইটো নিৰ্ঘাত এটা বাতৰি৷ স্বাভাবিকতে ঘটি থকা ঘটনা এটাৰ বাতৰি হ’বলৈ কি গুৰুত্ব আছে? কিন্তু, কিবা এটা অস্বাভাৱিক, নাটকীয় ঘটনা ঘটিলে সেইটো নিশ্চিতৰূপে এটা বাতৰি হোৱাৰ যোগ্য৷কিন্তু, আমাৰ বাতৰিৰ মাপকাঠীয়ে যেন এতিয়া সলনি হৈ গৈছে৷ বোধহয়, সময় আৰু পৰিবেশৰ দাবীত আমাৰ সাংবাদিক সকলে সাংবাদিকতাৰ নতুন পাঠ আৰম্ভ কৰিছে!বোধহয় পুৰণি নিয়ম নতুন সময়ৰ লগত নিমিলা হৈছে৷

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

September 7, 2025 5:05 pm
জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

September 7, 2025 4:11 pm
অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

September 7, 2025 3:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

September 7, 2025 5:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd