• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দল বাগৰাৰ ৰাজনীতি

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 20, 2022 4:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জনতা পাৰ্টি শাসনলৈ অহাৰ পিছত আন দলৰ পৰা বহু গুৰুত্বপূৰ্ণ নেতা আহি বিজেপিত যোগদান কৰিছে৷ অসমৰ বিজেপিৰ সৰহ সংখ্যক নেতাই অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ পৰা অহা৷ আগৰজন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিছিল অসম গণ পৰিষদৰ পৰা আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মা আহিছিল কংগ্ৰেছৰ পৰা৷বাকী সৰুসুৰা নেতাবোৰৰ কথা বাদেই দিলোঁ৷আজি কেইদিনমান আগতে ৰিপুন বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে৷ৰিপুন বৰাই পদত্যাগ কৰাৰ সময়ত কৈছে যে কংগ্ৰেছত তেওঁৰ আদৰ নোহোৱা কাৰণেহে তেওঁ এতিয়া তৃণমূল কংগ্ৰেছত যোগদান কৰিছে৷

কংগ্ৰেছৰ ভিতৰ মহলৰ ৰাজনীতিৰ উমান আমি নাপাওঁ বা সেই বিষয়ে আমাৰ কোনো আগ্ৰহ থকাৰ কথাও নহয়৷কিন্তু, বাহিৰৰ পৰা আমি কি দেখিছোঁ?যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত অসম কংগ্ৰেছৰ সভাপতি আছিল ৰিপুন বৰা৷অলপতে অসমৰ বাবে খালী হোৱা ৰাজ্যসভাৰ আসনখনৰ বাবেও কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৰিপুন বৰাকে মনোনীত কৰিছিল৷ গতিকে কি যুক্তিত তেওঁ কয় যে তেওঁ নিজৰ দলত আদৰ/গুৰুত্ব পোৱা নাছিল? এটা কথা আমি মন কৰা উচিত যে আজিকালি প্ৰায় বেছিভাগ ৰাজনৈতিক দলতেই এক কৰ্পোৰেট সংস্কৃতি সোমাইছে৷তেওঁলোকে কোনো কোনো সময়ত একো একোজন ব্যক্তিক সৰ্বময় কৰ্তৃত্ব দিয়ে আৰু তাৰ বিনিময়ত তেওঁলোকৰ পৰা ভাল ফলাফল আশা কৰে৷ৰিপুন বৰাক অসম কংগ্ৰেছৰ সভাপতি কৰাৰ সময়ত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বিচাৰিছিল তেওঁৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হওক৷ তাত ৰিপুন বৰা বিফল হৈছিল৷আনকি তেওঁ নিজৰ সমষ্টিটোতে জয়ী হোৱা নাছিল৷এতিয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়তো তেওঁক মনোনয়ন দিয়া হ’ল৷কিন্তু, তাতো তেওঁ বিফল হ’ল৷গতিকে দলৰ ভিতৰত তেওঁক লঘু কৰা হৈছে বুলি ৰিপুন বৰাই কৰা অভিযোগ যে ভিত্তিহীন সেইটো আমি বাহিৰৰ পৰাই দেখিছোঁ৷

কিন্তু, এই দল সলোৱা বা দল বাগৰা ৰাজনীতিৰ মূল কাৰণটো কি? যিটোৰ এতিয়া এটা ধুম উঠিছে৷ শুনিবলৈ পাইছোঁ কংগ্ৰেছৰ আৰু বহু গুৰুত্বপূৰ্ণ, অগুৰুত্বপূৰ্ণ নেতা, চিনাকি /অচিনাকি মুখ হেনো দল সলাবলৈ উদগ্ৰীব/উত্ৰাবল হৈ পৰিছে৷ এফালৰ পৰা চাবলৈ গ’লে ইয়াৰ কাৰণটো অতি সহজ৷পৰিবেশ, পৰিস্থিতিয়ে যে আজিৰ ৰাজনীতিৰ স্থিতি নিৰ্ণয় নকৰে তেনে নহয়৷ কৰে৷ কিন্তু, আজিৰ ৰাজনীতিত দল বাগৰাৰ মূল কাৰণটো হ’ল ক্ষমতা আৰু পদবী৷ আজিৰ ৰাজনীতিকে ক্ষমতা আৰু পদবী অবিহনে নিজকে শূন্য জ্ঞান কৰে৷তেওঁলোকৰ সৌন্দৰ্যৰ আকৰ হ’ল ক্ষমতা আৰু পদবী৷গতিকে তেওঁলোকৰ মুখত ওলোৱা নীতি আদৰ্শৰ কথা কোনেও বিশ্বাসত নলয়৷আৰু এটা কথা, আমি ইতিমধ্যে ৰাজনৈতিক দলত কৰ্পোৰেট সংস্কৃতি সোমোৱাৰ কথা কৈছোঁ৷ কৰ্পোৰেট, মানে ব্যৱসায়িক সংস্থা সমূহৰ দৰ্শন কি ? কাৰ্যসাধন(performance) আৰু লাভ৷ কি কৰি লাভ উপাৰ্জন কৰা হয়,সেইটো গৌণ, যদিও কৰ্পোৰেট ইথিক্স (corporate ethics) বোলা বস্তু এটা আছে, লাভটোহে মুখ্য৷লাভ আনিব পাৰিলে পদোন্নতি হ’ব, দা দৰমহা, সা-সুবিধা বাঢ়িব ৷ আৰু লাভ আনিব নোৱাৰিলে চাকৰিৰে টনাটনি হ’ব৷

কিয় আপোনালোকে ড° হিমন্তবিশ্ব শৰ্মাৰ ৰাজনৈতিক উত্থানৰ ইতিহাস চাওকচোন৷ তেওঁৰ ৰাজনীতিত নীতি আদৰ্শৰ কথা কিবা আছেনে? নে নিৰ্বাচনত তেওঁ কিমানটা এম এল এ জিকাই আনিব পাৰে সেইটোহে মূল কথা? ব্যতিক্ৰম বাদ দি ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়ৰ পৰা পৰা ডিগ্ৰী লৈ ওলোৱা বহুজাতিক সংস্থাত নিয়োজিত উচ্চপদস্থ বিষয়া সকলে কেৱল নিজৰ দা- দৰমহা আৰু সা-সুবিধাৰ বাবেই ইটো সংস্থাৰ পৰা সিটো সংস্থালৈ নাযায় জানো? আকৌ, কৰ্পোৰেটে যি কোনো কাম কৰি যেনেকৈ সমগ্ৰ বিশ্বতে জলবায়ু সমস্যাৰ সৃষ্টি কৰিছে, ৰাজনৈতিক দলবোৰৰ সৰহ সংখ্যকে ঠিক তেনেদৰে আমাৰ ৰাজনৈতিক পৰিবেশ প্ৰদূষিত কৰি জনজীৱন নিশ্চল কৰি দিয়া নাই জানো? সেইবাবেই কৰ্পোৰেটৰ লগত ৰাজনৈতিক দলৰ এই মধুৰ সম্পৰ্ক৷ গতিকে ৰিপুন বৰাই নহয়,কংগ্ৰেছৰ পৰা থলথলকৈ যে মানুহবোৰ সৰিব ধৰিছে তাৰ মূল কাৰণ হ’ল ক্ষমতা আৰু পদবী৷চাবলৈ গ’লে বৰ্তমানৰ কংগ্ৰেছী ৰাজনীতিক এজনৰ লগত বিজেপি ৰাজনীতিক এজনৰ বিশেষ একো পাৰ্থক্য নাই৷দুয়োবিধ ৰাজনীতিকৰ মূল চালিকা শক্তি ক্ষমতা আৰু পদবী৷ধৰ্মীয় মেৰুকৰণ,হিতাধিকাৰী ৰাজনীতি আৰু বিকাশৰ চাক্ষুক প্ৰতীকেৰে বিজেপিয়ে যি ধৰণে ভাৰতৰ ৰাজনীতিত খোপনি পুতিবলৈ আৰম্ভ কৰিছে, সেইটো দেখি প্ৰচলিত ধৰণে ইমান দিনে ৰাজনীতি কৰি অহা ৰাজনীতিক সকলে চকুৰে সৰিয়হ ফুল দেখিছে৷

যেন বিজেপিয়ে চক্ৰবেহুৰ দৰে এফালৰ পৰা সকলো ঢাহিমুহি শেষ কৰি আনিছে!ইমান দিনে অনায়াসে কংগ্ৰেছী ৰাজনীতি কৰি অহা লোক সকলে সেই কাৰণেই এক নিঃসহায় অৱস্থাত পৰিছে৷বিজেপিৰ আগ্ৰাসী ৰাজনীতিত তেওঁলোকৰ আগৰ সকলো কৌশল অকামিলা হৈ গৈছে৷ অথচ, তেওঁলোকে নতুন এক ৰাজনৈতিক সংস্কৃতিৰ অনুসন্ধান কৰিবও পৰা নাই৷এনে পৰিস্থিতিত ৰাজনৈতিক আদৰ্শ, মতাদৰ্শ ব্যতিৰেকে যাৰ লগত থাকিলে ক্ষমতা আৰু পদবী উপভোগ কৰিব পাৰি সেই লালসাই তেওঁলোকক লালায়িত কৰিছে৷স্বাভাবিকতে তেওঁলোকে তেনে দলত নিজৰ কাৰণে অকমান ঠাই উলিয়াই ল’বলৈ যি কোনো প্ৰকাৰে চেষ্টা কৰিছে৷

কংগ্ৰেছৰ ইতিহাসৰ ফালে চালে আমি কি দেখোঁ? কংগ্ৰেছৰ ইতিহাস আছিল ত্যাগ আৰু মেধাৰ ইতিহাস৷তাৰ পটভূমি আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰাম৷ দামী খদ্দৰৰ বাহিৰে আজিৰ কংগ্ৰেছীৰ মাজত আমি সেইবোৰ মূল্যবোধৰ সামান্যও বিচাৰি পাওঁনে? গতিকে কংগ্ৰেছে যদি নিজকে নতুনকৈ আৱিষ্কাৰ নকৰে আৰু কংগ্ৰেছৰ নেতৃত্বদায়ী ভূমিকাত থকা লোক সকলৰ মাজত যদি এক দৃষ্টিভংগী আৰু আদৰ্শগত আমূল পৰিবৰ্তন দেখা নাযায় তেনেহ’লে অদূৰ ভৱিষ্যতে তেওঁলোকে বিজেপিক প্ৰতিহত কৰিব নোৱাৰিব৷চিধা কথাটো হ’ল কংগ্ৰেছে যদি ভিতৰৰ পৰা নিজকে পৰিৱৰ্তন নকৰে তেওঁলোকৰ ভৱিষ্যত অনিশ্চিত৷

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

September 5, 2025 8:33 am
ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

September 5, 2025 8:30 am
আফগানিস্তানত পুনৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি; পাকিস্তান আৰু ভাৰততো অনুভূত কম্পন

আফগানিস্তানত পুনৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি; পাকিস্তান আৰু ভাৰততো অনুভূত কম্পন

September 5, 2025 7:37 am
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অনুদান বাতিল কৰাৰ সিদ্ধান্ত অবৈধ; জনালে আমেৰিকাৰ আদালতে

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অনুদান বাতিল কৰাৰ সিদ্ধান্ত অবৈধ; জনালে আমেৰিকাৰ আদালতে

September 5, 2025 7:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

September 5, 2025 8:33 am
ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

September 5, 2025 8:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd