• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কি দেশ কি হৈ গ’ল? ভাৰত এতিয়া আৰু আগৰ ভাৰত হৈ থকা নাই!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 29, 2026 9:17 pm
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত এতিয়া আৰু আগৰ ভাৰত হৈ থকা নাই। ভাৰত এতিয়া এখন অঘোষিত হিন্দু ৰাষ্ট্ৰ। এই কথাটো আমি বৰকৈ উপলব্ধি কৰোঁ মুছলমানসকলৰ উৎসৱ ঈদ, মহৰম পালনৰ সময়ত আৰু খ্ৰীষ্টানসকলৰ বৰদিন পালনৰ সময়ত। বকৰীদৰ কিমান দিন আগৰ পৰা কাৰ কিমান হুমকি, কাৰ কিমান কথা! কালি দুঘৰলৈ ঈদৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈছিলোঁ। তাৰে এঘৰত আমি মাটন-বিৰিয়ানী খালোঁ। অইন এঘৰত কি খালোঁ জানেনে? চিৰা-দৈ আৰু বিভিন্ন ধৰণৰ মিঠাই। আহিবৰ সময়ত ঘৰৰ মুৰব্বীয়ে আমাক তেওঁলোকে নতুনকৈ সজা ঘৰটো দেখুৱালে। ঘৰৰ ভিতৰলৈ গৈ দেখোঁ তেওঁলোকৰ ল’ৰা তিনিটাই খাই আছে, কিন্তু পৰিৱেশটো নিৰুত্তাপ, গোমা।

আচলতে কেৱল তেওঁলোকৰ ঘৰৰে পৰিৱেশনে এইটো? এইটো সমগ্ৰ দেশৰে পৰিৱেশ। এতিয়া উৎসৱ-পাৰ্বন আহিলে এই সকল লোকৰ ফুৰ্তিতকৈ দুৰ্ভাৱনাহে বেছি! ক’ৰবাত কিবা এটা দুৰ্ঘটনা নঘটিলেই ৰক্ষা। ছেহ! আমি কি কৰি পেলালোঁ এই দেশখন? আমাৰ চকুৰ আগতে কি ভাৰত কি হৈ গ’ল! মোৰ মনত পৰিছে আজিৰ পৰা ৪০ বছৰৰ আগৰ কথা। গুৱাহাটী বিশ্ববিদ্যালয়ত দৰ্শনত এম.এ. পঢ়ি থকা সময়ত মই হোষ্টেলত থকা নাছিলোঁ; ভাড়া ঘৰত আছিলোঁ। কিন্তু পৰীক্ষাৰ সময়ত যাতে অলপ মনোযোগ দি পঢ়া-শুনা কৰিব পাৰোঁ, তাৰ কাৰণে মোৰ বন্ধু মহলে চিন্তা কৰিছিল। পৰীক্ষালৈ কেইমাহমান থাকোঁতে, সেই সময়ত এছ.বি.আই.ত কাম কৰা অসিতদাই (অসিত বৰণ চক্ৰৱৰ্তী) মোক তেওঁলোকৰ লগত থাকিবলৈ লৈ গৈছিল। তেতিয়া তেওঁলোক পানবজাৰৰ ডনবস্ক’ স্কুলৰ পিছফালে সৰু ভাড়া ঘৰ এটাত আছিল। তেওঁৰ লগত বেংকত কাম কৰা তেওঁৰ ভাইয়েক সুজিত আৰু কিবা এটা প্ৰাইভেট কাম কৰা তেওঁৰ সম্পৰ্কীয় ভাইয়েক বাৎসু।

Apply Now

এইটো আছিল এটা বঙালী পৰিয়াল। তেওঁলোকৰ লগত তেনেদৰে কেইমাহমান থকাৰ পিছত, অলপ আহল-বহল ঘৰ এটাত মোৰ পঢ়াৰ সুবিধা হ’ব বুলি মোৰ বন্ধু নেচিমূল মজিদে মোক তেওঁলোক থকা নাৰেংগীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ চৰকাৰী বাংলোলৈ লৈ গৈছিল। নেচিমৰ আব্বা, প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক আব্দুল মজিদ তেতিয়া বিদ্যুৎ পৰিষদত কৰ্মৰত আছিল। এঘৰ বঙালী আৰু আনঘৰ মুছলমান। আমি একেই, কিন্তু তাৰ মাজতো আমাৰ সূক্ষ্ম সাংস্কৃতিক পাৰ্থক্য। এই সূক্ষ্ম পাৰ্থক্যটোৱেই হৈছে বৈচিত্ৰ্য। এই বৈচিত্ৰ্য হ’ল গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। অসিতদাহঁতৰ তাত থাকোতে  দেওবাৰে তেওঁলোকে ৰন্ধা কণীৰ আঞ্জাখনৰ সোৱাদ আজিও মোৰ জিভাত লাগি আছে। মই মজিদখুৰাহঁতৰ ঘৰত থাকোঁতে তেওঁলোকৰ ওচৰ-চুবুৰীয়াই খুৰীদেউক সুধিছিল— “ইমানদিনে তোমালোকৰ তিনিটা ল’ৰা নেচিম, কাজু আৰু ভাইটিৰ কথাহে জানিছিলোঁ, তোমালোকৰ আৰু এটা ল’ৰা আছিল নেকি?” আমি ইমানেই মিলি-জুলি আছিলোঁ। ইমানদিন অনাই-বনাই ঘূৰি ফুৰাৰ পিছত তেওঁলোকৰ ঘৰতে প্ৰথম মোৰ সময়মতে  খাদ্য খোৱাৰ সৌভাগ্য হৈছিল। তেতিয়াই  গা ধোৱা ঘৰত সোমাই শৰীৰত প্ৰথমবাৰলৈ সমান‍্য চৰ্বিৰ উমান পাইছিলোঁ।তেওঁলোকৰ ঘৰত ৰন্ধা মুৰ্গী, ছাগলী মাংসৰ কি ৰং, কি সোৱাদ! তাৰ পিছত অসমৰ বাহিৰত চাকৰি কৰিবলৈ গৈ ভাৰতৰ পূব-পশ্চিম, উত্তৰ-দক্ষিণ সকলোতে থাকিলোঁ। সকলো ঠাইৰ জীৱনশৈলী দেখিলোঁ। আচৰিত কথা, কলিকতাত থাকোঁতে এটা সময়ত খাদ্যৰ সোৱাদ আৰু গোন্ধৰ পৰাই মই কৈ দিব পাৰিছিলোঁ মানুহঘৰ ইপাৰ বাংলাৰ নে সিপাৰ বাংলাৰ। আমাৰ কাপোৰ-কানি, ৰন্ধন প্ৰণালী, সংগীত, শিল্প, চিত্ৰকলা— সকলোতে কি বৈচিত্ৰ্য! খাদ্য কেৱল খাদ্য নহয়, যেন ইতিহাস! হাজাৰ বছৰ ধৰি সংস্কৃতিৰ আদান-প্ৰদান। কেতিয়াও কোনো সংঘাত-সংঘৰ্ষ হোৱা নাছিল এনে নহয়, কিন্তু তাৰ মাজেৰেও মিল-অমিল আৰু বিৱৰ্তনৰ মাজেৰে আমাৰ সংস্কৃতিৰ বোৱতী সূঁতি বৈ আছিল। ক’ৰবাত ক’ৰবাত ধৰ্ম আৰু সংস্কৃতিও মিলি গৈছে।

কিন্তু এতিয়া হিন্দুত্বৰ নামত তেওঁলোকে আমাৰ চিৰযুগমীয়া বৈচিত্ৰ্যৰ মাজৰ ঐক্য হানি কৰিব বিচাৰিছে। এতিয়া তেওঁলোকে বিভেদকে সাৰমৰ্ম কৰি তুলিছে। এই বিভেদৰ প্ৰথম বীজ কোনে সিঁচিছিল জানেনো? ব্ৰিটিছে, বংগ বিভাজনৰ দ্বাৰা ১৯০৫ চনত। আৰু তাক এতিয়া কোনে সাৰ-পানী দি জীয়াই ৰাখিছে! বিজেপিয়ে নহয়নে?  কথাটো অলপ জাঁপ মৰা ধৰণৰ হ’লেও, এই ক্ষেত্ৰত আন এটা উদাহৰণ দিব বিচাৰিছোঁ— ইজৰাইল সৃষ্টিত কোনে মূল অৰিহণা যোগাইছিল? গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই। ইজৰাইল সৃষ্টিৰ পিছত মধ্যপ্ৰাচ্যত কি অৱস্থাৰ সৃষ্টি হৈছে দেখিছে? গাজাৰ অৱস্থা দেখিছে ! আৰু দেশ বিভাজনৰ পিছত এছিয়া উপ-মহাদেশলৈ চাওক। এইটো হৈছে আমাৰ বিভাজনৰ ঐতিহ্য। আমাক বিভাজিত কৰি তেওঁলোকে আমাৰ সম্পদ লুটিব। এতিয়া চাওক, যিমানেই আমাৰ দেশৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হৈ আহিছে, সিমানেই হিন্দু-মুছলমান বিভাজনৰ চিঞৰ-বাখৰ কাণতাল মৰা হৈ আহিছে। পেট্ৰ’ল, ডিজেলৰ দাম বাঢ়ি আছে, বজাৰত জুই লাগিছে। তেওঁলোকে এফালে আমাক মিতব্যয়ী হ’বলৈ কৈ আছে আৰু আনফালে হিন্দু-মুছলমানৰ ৰণশিঙা যিমান বেছিকৈ বজাব পাৰে বজাই আছে। হয়তো মই কথাবোৰ অলপ বেছি সৰলীকৰণ কৰি কৈছোঁ। কিন্তু পৰিস্থিতিটো সাধাৰণভাৱে সেইটোৱে নহয় জানো?  আমাৰ কি দেশ কি হৈ গ’ল!

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

July 13, 2026 9:25 pm
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

July 13, 2026 9:18 pm
নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

July 13, 2026 9:03 pm
“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

July 13, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

July 13, 2026 9:25 pm
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

July 13, 2026 9:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd