শিক্ষকৰ অনুপস্থিতিৰ তালিকাত মৃত-অৱসৰপ্ৰাপ্তৰ নাম; বিবুধিত ৰাজ্য চৰকাৰ, তদন্ত ঘোষণা শিক্ষামন্ত্ৰীৰ

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ অনুপস্থিতিৰ বিৰুদ্ধে চলোৱা অভিযানত শিক্ষা বিভাগে ডাঙৰ অস্বস্তিৰ সন্মুখীন হৈছে। শিক্ষকৰ দৰমহা বন্ধ কৰিবলৈ প্ৰকাশ কৰা তালিকাত সন্নিৱিষ্ট হৈছে মৃত, অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগতে প্ৰসূতিকালীন ছুটীত থকা শিক্ষয়িত্ৰীৰ নামো।

শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে দেওবাৰে এই ভুলৰ তদন্তৰ কথা ঘোষণা কৰে। তেওঁ কয়, ‘যিসকলৰ স্কুলত উপস্থিতি শূন্য, তেওঁলোকৰ দৰমহা বন্ধ কৰিবলৈ শিক্ষা বিভাগে নিৰ্দেশ দিছে। কিন্তু প্ৰশিক্ষণ, ছুটী, পদবীত নিযুক্ত বা অন্যান্য চৰকাৰী কামৰ বাবে অনুমোদিত শিক্ষকৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয়। এই শূন্য উপস্থিতিৰ কাৰণ নিৰ্ণয় কৰিবলৈও তদন্তৰ নিৰ্দেশ দিয়া হৈছে।”

প্ৰথম অৱস্থাত ৪৯০৭ গৰাকীৰ নাম এই তালিকাত আছিল, যাৰ ভিতৰত ১১৯০ গৰাকী কলেজ শিক্ষক আছিল। কিন্তু পিছত কলেজ শিক্ষকসকল স্কুল শিক্ষা বিভাগৰ পৰিসৰৰ বাহিৰত থকাৰ বাবে তেওঁলোকৰ নাম তালিকাৰ পৰা আঁতৰাই দিয়া হয়। এতিয়া ৩৭১৭ গৰাকী বিদ্যালয় শিক্ষকৰ অনুপস্থিতিৰ তদন্ত কৰা হ’ব।

লগতে পঢ়কঃ অসম : বানপানীত মৃত্যুৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত প্ৰায় ২৩ লাখ লোক

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে এই তালিকাৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয়, ছুটীত থকা শিক্ষকৰ নাম প্ৰকাশ কৰাটো অগ্ৰহণযোগ্য আৰু অসন্মানজনক। মৃত, অৱসৰপ্ৰাপ্ত, অন্য নিয়ুক্তি দি প্ৰেৰণ কৰা আৰু প্ৰসূতিকালীন ছুটীত থকা শিক্ষকৰ দৰমহা বন্ধ কৰাৰ নিৰ্দেশে বিভাগটোত সমন্বয়ৰ অভাৱকে প্ৰমাণ কৰে।”

শিক্ষকৰ অনুপস্থিতিৰ তালিকা শিক্ষা সেতু পৰ্টেলত প্ৰকাশ কৰা হয়। এই পৰ্টেলটো বিদ্যালয়, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ তথ্যৰ বাবে এক ডিজিটেল প্লেটফৰ্ম, যিটো এই বছৰ ই-গভৰ্নেন্স শাখাত ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

চলিত বৰ্ষৰ ২০ মাৰ্চত মৃত্যু হোৱা গোলাঘাট জিলাৰ নৱ কাকতিৰ নামো এই তালিকাত আছে। তেওঁৰ সহযোগী হৰেণ বৰকটকীয়ে কয় যে কাকতিৰ মৃত্যুৰ খবৰ শিক্ষা বিভাগক জনোৱা হৈছিল। ইপিনে, ১ জানুৱাৰীত অৱসৰ লোৱা চিৰাং জিলাৰ শিক্ষক মহিম বসুমতাৰীয়ে কয়, “মই এতিয়া পেঞ্চনৰ কামত ব্যস্ত আৰু মাহিলী দৰমহাৰ আশা কৰা নাই!”

লগতে পঢ়কঃ বছৰত ২ বাৰ বেজী ল’লেই পৰিত্ৰাণ! এইচ আই ভি চিকিৎসাৰ দিশত নতুন পোহৰ

যোৰহাটৰ উপ-বিদ্যালয় পৰিদৰ্শকক ৬ মাহৰ প্ৰসূতি ছুটীৰ বাবে আবেদন জনাইছিল সহকাৰী শিক্ষয়িত্ৰী নয়নমণি ফুকনে । তেওঁৰ আবেদন মঞ্জুৰো কৰা হৈছিল। তেওঁৱো এই তালিকাত আছে।

শিক্ষা বিভাগৰ সমন্বয়ৰ অভাৱ আৰু তথ্য সংগ্ৰহৰ অভাৱৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। চৰকাৰী শিক্ষকৰ অনুপস্থিতিৰ বিষয়টো আভ্যন্তৰীণভাৱে সংগ্ৰহ কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বুলি মত প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষক সংস্থাসমূহে।