• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু সাংসদ তপন কুমাৰ গগৈৰ উপস্থিতিত শিৱসাগৰত পোষণ ৰথৰ শুভাৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2019 10:29 am
77dfc4ff-5ec7-47ab-8592-9ce0c1d39117

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা পোষণ মাহৰ কাৰ্যসূচীৰ অংশৰূপে আজি পুৱা উপায়ুক্ত কাৰ্য্যালয় প্ৰাংগণৰ পৰা পোষণ ৰথৰ যাত্ৰাৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।

এই অনুষ্ঠান সন্দৰ্ভত আয়োজিত এক বৈঠকত উপস্থিত থাকি শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই জিলাখনত শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে পুষ্টিৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা উদ্যোগ সমূহক প্ৰশংসনীয় বুলি উল্লেখ কৰে।

Apply Now

এখন সবল ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে পুষ্টিকৰ খাদ্য যোগানৰ দ্বাৰা শিশু আৰু মাতৃৰ সুস্বাস্থ্য সুনিশ্চিত কৰাটো অতি প্ৰয়োজনীয় বুলিও তেওঁ মতপোষন কৰে।

শিক্ষা মন্ত্ৰী গৰাকীয়ে নিজ বক্তব্যত শিশু আৰু মহিলা সকলৰ স্বাস্থ্যৰ বাবে দৰকাৰী পুষ্টিৰ বাবে দৰৱ, ভিটামিন, খাদ্য পৰিপূৰক (Food Supplement)ৰ পৰিবৰ্তে সহজতে উপলব্ধ থলুৱা ফলমূল, খাদ্য আদি প্ৰদান কৰাৰ পোষকতা কৰে। পিতৃ-মাতৃয়ে নিজৰ সন্তানক এনে খাদ্যৰ প্ৰতি আগ্ৰহী কৰি সুষম খাদ্যভ্যাস গঢ়ি তুলিব লাগে বুলিও মন্ত্ৰী গৰাকীয়ে কয়।

তেওঁ কয় যে, সুষম খাদ্যই আমাক বহু ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰে। তদুপৰি অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষই কিশোৰী সকল পুষ্পিতা হোৱাৰ পিছত প্ৰয়োজনীয় স্বাস্থ্যৰ যত্ন, পৰিষ্কাৰ-পৰিচ্ছন্নতা (Menstrual Hygiene) আৰু চেনিটাৰী নেপকিন ব্যৱহাৰৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শক্তিশালী, সবল আৰু সুস্বাস্থ্যৰ অধিকাৰী কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপৰ বিষয়ে উল্লেখ কৰি এই সমূহৰ সফল ৰূপায়ণৰ বাবে শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰীকে আদি কৰি সংশ্লিষ্ট বিভাগ সমূহৰ মাজত সুসমন্বয়ৰ প্রয়োজন বুলি উল্লেখ কৰে।

বৈঠকত প্ৰদান কৰা আদৰণি ভাষণত জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণণে পোষণ মাহৰ সকলো কাৰ্যসূচীৰ সফলতাৰে সম্পন্ন কৰি সমাজৰ পৰা পুষ্টিহীনতা সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰিবলৈ সংশ্লিষ্ট বিভাগ সমূহক পোষণ অভিযানক এক জন-আন্দোলন ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায়।

জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱীয়ে পোষণ মাহ উদযাপন উপলক্ষে জিলাখনত গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী সম্পৰ্কে চমু আভাষ দাঙি ধৰে।

উল্লেখ্য যে, এই পোষণ ৰথখনৰ মাধ্যমেৰে আজি আৰু কাইলৈ জিলাখনৰ বিভিন্ন অঞ্চলত শিশু আৰু মহিলাৰ সৰ্বাংগীন বিকাশৰ বাবে পুষ্টিৰ প্রয়োজনীয়তাৰ বিষয়ে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা হ’ব।

বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিনহা, সহকাৰী আয়ুক্ত মনালি প্ৰসাদ ৰজাক, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী, অংগনৱাড়ী কৰ্মী-সহায়িকা, স্বাস্থ্যকৰ্মী, স্বেচ্ছাসেৱী তথা ভালেসংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।

উল্লেখযোগ্য যে, সাংসদ গগৈয়ে জিলাখনত যোৱা ৩০ আগষ্টত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত দুৰ্ভাগ্যজনক ভাৱে প্ৰাণ হেৰুওৱা চাৰিগৰাকী বন কৰ্মীৰ পৰিয়ালক আৰ্থিক সাহায্যও আগবঢ়ায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd