‘’আপোনালোকে আন্দোলন কৰি থাকক, মই একো নকৰো, আপোনালোকে কি কৰিব পাৰিব?’’ এই হুংকাৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ। যোৱা ২৩ অক্টোবৰত শিক্ষা মন্ত্ৰীক সাক্ষাৎ কৰি অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰীসকলৰ দাবীসমূহ পূৰণ কৰিবলৈ অনুৰোধ জনোৱাত তেওঁলোকক শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এইদৰে হুংকাৰ দিয়ে বুলি শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।
তেওঁ আমাক জানিবলৈ দিয়া মতে শিক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁলোকক কৈছিল ‘’আপোনালোকক বাৰেপতি কোৱা হৈছিল পেপাৰত বেয়া কথাবিলাক নিলিখিব, তাৰ পাছতো আপোনালোকে মনা নাই।‘’
শিক্ষা বিভাগৰ দৰে এনে এক গুৰুত্বপূৰ্ণ বিভাগত থকাৰ পাছতো শিক্ষক কৰ্মচাৰীসকলক এইদৰে ব্যৱহাৰ কৰাত ক্ষুব্ধ হৈ পৰে শিক্ষক-কৰ্মচাৰীসকল।
আনোৱাৰ হুছেইনে নৰ্থ ইষ্ট নাওৰ আগত কয় যে শিক্ষা মন্ত্ৰীয়ে কাম কৰিব পৰা নাই কাৰণে শিক্ষক-কৰ্মচাৰীসকলৰ ওপৰত খং কৰি আছে। তেওঁ লগতে কয় ‘’বিধানসভাৰ গুৰুত্বপূৰ্ণ অধিবেশনৰ মজিয়াতো অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলক লৈ কোনো আলোচনা নহ’ল। বৰঞ্চ তেওঁ অধিবেশনৰ সময়ত পলাই ফুৰিলে।‘‘
আনহাতে, বিধান সভাত অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলক লৈ কোনোধৰণৰ আলোচনা নোহোৱাক লৈ ক্ষোভ প্ৰকাশ কৰি হুছেইনে আমাৰ আগত কয় যে বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই বিধানসভাত বিষয়টোৰ ওপৰত আলোচনা কৰি সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস দিছিল।
তদুপৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কথা দি কথা ৰাখিব পৰা নাই বুলি তেওঁ উল্লেখ কৰি লগতে কয়, ‘‘শিক্ষা মন্ত্ৰীয়ে আমাৰ লগত টাইম পাছ কৰি আছে। তেওঁ ভাবিছে আন্দোলনো নহওঁক কামো নকৰো।‘’
লক্ষণীয় যে, বৰ্তমানো এক সমাধান সূত্ৰৰ বাবে চৰম আশাৰে বাট চাই আছে উক্ত শিক্ষক-কৰ্মচাৰীসকলে। লগতে তেওঁলোক পুনৰবাৰ আন্দোলনত নামিব বুলিও জানিব পৰা গৈছে।
আনহাতে, অহা ৪ নৱেম্বৰৰ ভিতৰত অপ্ৰাদেশীকৃত শিক্ষকৰ সমস্যাৰ সমাধানৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিছে শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই। অন্যথা অহা ৫ নৱেম্বৰত বৈঠক অনুষ্ঠিত কৰি পূৰ্বতকৈও ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত ল’ব বুলি আনোৱাৰ হুছেইন চৌধুৰীয়ে জানিবলৈ দিয়ে।