• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডেমকেয়াৰ শিক্ষা মন্ত্ৰী! শিক্ষকৰ সমস্যাক লৈ উদ্বিগ্ন নহয় সিদ্ধাৰ্থ ভট্টাচাৰ্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 26, 2018 6:36 am
2893_b

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। ফাইল ফটো

3.6k
VIEWS
Share on FacebookShare on Twitter

‘’আপোনালোকে আন্দোলন কৰি থাকক, মই একো নকৰো, আপোনালোকে কি কৰিব পাৰিব?’’ এই হুংকাৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ। যোৱা ২৩ অক্টোবৰত শিক্ষা মন্ত্ৰীক সাক্ষাৎ কৰি অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰীসকলৰ দাবীসমূহ পূৰণ কৰিবলৈ অনুৰোধ জনোৱাত তেওঁলোকক  শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এইদৰে হুংকাৰ দিয়ে বুলি শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।

তেওঁ আমাক জানিবলৈ দিয়া মতে শিক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁলোকক কৈছিল ‘’আপোনালোকক বাৰেপতি কোৱা হৈছিল পেপাৰত বেয়া কথাবিলাক নিলিখিব, তাৰ পাছতো আপোনালোকে মনা নাই।‘’

শিক্ষা বিভাগৰ দৰে এনে এক গুৰুত্বপূৰ্ণ বিভাগত থকাৰ পাছতো শিক্ষক কৰ্মচাৰীসকলক এইদৰে ব্যৱহাৰ কৰাত ক্ষুব্ধ হৈ পৰে শিক্ষক-কৰ্মচাৰীসকল।

আনোৱাৰ হুছেইনে নৰ্থ ইষ্ট নাওৰ আগত কয় যে শিক্ষা মন্ত্ৰীয়ে কাম কৰিব পৰা নাই কাৰণে শিক্ষক-কৰ্মচাৰীসকলৰ ওপৰত খং কৰি আছে। তেওঁ লগতে কয় ‘’বিধানসভাৰ গুৰুত্বপূৰ্ণ অধিবেশনৰ মজিয়াতো অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলক লৈ কোনো আলোচনা নহ’ল। বৰঞ্চ তেওঁ অধিবেশনৰ সময়ত পলাই ফুৰিলে।‘‘

আনহাতে, বিধান সভাত অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলক লৈ কোনোধৰণৰ আলোচনা নোহোৱাক লৈ ক্ষোভ প্ৰকাশ কৰি হুছেইনে আমাৰ আগত কয় যে বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই বিধানসভাত বিষয়টোৰ ওপৰত আলোচনা কৰি সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস দিছিল।

তদুপৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কথা দি কথা ৰাখিব পৰা নাই বুলি তেওঁ উল্লেখ কৰি লগতে কয়, ‘‘শিক্ষা মন্ত্ৰীয়ে আমাৰ লগত টাইম পাছ কৰি আছে। তেওঁ ভাবিছে আন্দোলনো নহওঁক কামো নকৰো।‘’

লক্ষণীয় যে, বৰ্তমানো এক সমাধান সূত্ৰৰ বাবে চৰম আশাৰে বাট চাই আছে উক্ত শিক্ষক-কৰ্মচাৰীসকলে। লগতে তেওঁলোক পুনৰবাৰ আন্দোলনত নামিব বুলিও জানিব পৰা গৈছে।

আনহাতে, অহা ৪ নৱেম্বৰৰ ভিতৰত অপ্ৰাদেশীকৃত শিক্ষকৰ সমস্যাৰ সমাধানৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিছে শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই। অন্যথা অহা ৫ নৱেম্বৰত বৈঠক অনুষ্ঠিত কৰি পূৰ্বতকৈও ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত ল’ব বুলি আনোৱাৰ হুছেইন চৌধুৰীয়ে  জানিবলৈ দিয়ে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd