ছিকিম চৰকাৰে জুনৰ ১৫ তাৰিখৰ পৰা ৰাজ্যখনত শিক্ষানুষ্ঠান সমূহ পুনৰ খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
ল’কডাউনৰ পূৰ্বৰে পৰা প্ৰায় ৯০ দিন ধৰি বন্ধ হৈ থকাৰ পাছত ছিকিম চৰকাৰে ৰাজ্যখনৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহ সম্পূৰ্ণ সামাজিক দূৰত্ব মানি চলি পুনৰ খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।
মুখ্য মন্ত্ৰীৰ উপস্থিতিত ৰাজ্যখনৰ শিক্ষা বিভাগৰ সৈতে হোৱা উচ্চ পৰ্যায়ৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ৰাজ্যখনত মাৰ্চৰ ১৭ তাৰিখৰ পৰাই সকলো শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ আছে।
বৈঠকৰ অন্তত গেংটকত শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি ছিকিমৰ শিক্ষা মন্ত্ৰী কুংগা নিমা লেপচাই ৰাজ্যখনৰ শিক্ষা খণ্ডত ল’কডাউনৰ ফলত হোৱা ক্ষতি পুৰণৰ বাবে শিক্ষা বিভাগে চেষ্টা চলায় আছে বুলি মন্তব্য কৰে।
ল’কডাউনৰ সময়ত ছিকিমৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহে সকলো ধৰণৰ মাধ্যম ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ চেষ্টা কৰিছে বুলিও লগতে কয়।