NORTHEAST NOW (Assamese)

অখিল গগৈৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ: জ্বলিল এআইইউডিএফৰ বিধায়কৰ প্ৰতিমূৰ্তি

April 2, 2022 6:01 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
Updated: April 2, 2022 6:29 pm

ৰাজ্যসভাৰ নিৰ্বাচনৰ অন্ত পৰিল, ফলাফলো ওলাল।

কিন্তু ইমানৰ পিছতো অব্যাহত আছে নিৰ্বাচনকলৈ ক্ৰিয়া-প্ৰতিক্ৰিয়া।

এনে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলশ্ৰুতিতে শিৱসাগৰত জ্বলিল এআইইউডিএফৰ সোনাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ প্ৰতিকৃতি।

ৰাজ্যসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ধনৰ লেনদেন কৰা বুলি যি অভিযোগ কৰিছিল তাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলে।

শিৱসাগৰৰ দ’লমুখ চাৰিআলিত ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ সভাপতি জিতুজ্যোতি গায়নৰ নেতৃত্বত বহু নেতা- কৰ্মীয়ে এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ প্ৰতিকৃতি দাহ কৰে।

Related News