NORTHEAST NOW (Assamese)

লামডিঙত কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্রীৰ পুত্তলিকা দাহ : আদ্যশ্ৰাদ্ধ পালন প্ৰতিবাদকাৰীৰ

September 24, 2018 2:53 pm · মিণ্টু দাস
লামডিঙত কেন্দ্রীয় ৰাজ্যিক ৰে'ল মন্ত্ৰীৰ পুত্তলিকা দাহ। ফটো : নৰ্থইষ্ট নাও

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেত থলুৱা যুৱক-যুৱতীসকলক আজি দীৰ্ঘদিন ধৰি বঞ্চনা কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। সময়ে সময়ে এই ক্ষেত্রত অসমৰ বিভিন্ন প্ৰান্তত আছু, অসম জাতিয়তাবাদী যুৱ ছাত্র পৰিষদকে ধৰি বহু দল সংগঠনে বহু ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। তাৰ বাহিৰেও পুত্তলিকা দাহকে আদি কৰি বিভিন্ন প্ৰতিবাদকাৰীয়ে এনেধৰণৰ কাৰ্য্যসূচী ৰূপায়ন কৰি আহিছে।

চাকৰি বঞ্চিত যুৱ প্ৰতিবাদকাৰীসকলে ৰে’লমন্ত্ৰী দুগৰাকীৰ প্ৰতীকী আদ্যশ্ৰাদ্ধ পালন কৰে। ফটো : নৰ্থইষ্ট নাও

ইয়াৰ সমান্তৰালকৈ আজি লামডিং ৰে’লৱে মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। ৰে’ল বিভাগৰ পৰীক্ষাৰ বিসংগতি, থলুৱা যুৱক-যুৱতীক ৰে’ল বিভাগত নিযুক্তি আদিৰ পৰিপ্ৰেক্ষিতত আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে চাকৰি বঞ্চিত যুৱক-যুৱতীসকলে।

আজিকে লৈ ২২ দিন ধৰি লামডিঙত প্ৰতিবাদ অব্যাহত আছে। চাকৰি বঞ্চিত থলুৱা যুৱক-যুৱতীসকলে বিভিন্ন ধৰণৰ শ্ল’গান দি ৰে’ল বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে।

প্ৰতিবাদকাৰীসকলে দুই ৰে’ল মন্ত্ৰীৰ আদ্যশ্ৰাদ্ধও অনুষ্ঠিত কৰে। আনহাতে, লাখ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়া হ’ব বুলি নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দি নিৰ্বাচনী বৈতৰণী পাৰ কৰা চৰকাৰখনে ৰে’ল বিভাগত কি পদ্ধতিৰে নিৱনুৱা সকলক চাকৰি প্ৰদান কৰে সেয়া বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ হৈ পৰিছে।

Related News