ৰাজ্যখনৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই দেওবাৰে দিব্যাংগ লোকসকলৰ বাবে সমাজে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশ ঘটে আৰু এখন উন্নত ৰাষ্ট্ৰ গঠনত বৰঙণি যোগাব পাৰে।
গুৱাহাটীৰ বিৰুবাৰীত অৱস্থিত নৰ্থইষ্ট কলেজ ফৰ হিয়েৰিং ইম্পেইৰ্ডত ২১ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত ৬১ সংখ্যক আন্তৰ্জাতিক বধিৰ দিৱস তথা বধিৰসকলৰ বাবে আন্তৰ্জাতিক সাংকেতিক ভাষা সপ্তাহৰ দেওবাৰে সামৰণি অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়।
কলেজখনৰ আন্তঃগাঁথনি উন্নয়নৰ দিশত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ কথা সদৰী কৰি মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত চৰকাৰে আগবঢ়োৱা ৩.৫০ কোটি টকাৰ অনুদানৰ কথা উল্লেখ কৰে।
তেওঁ লগতে প্ৰকাশ কৰে যে চৰকাৰে দৃষ্টিহীনসকলৰ বাবে এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তাৰ কথা অনুভৱ কৰিছে আৰু তেওঁ এই সন্দৰ্ভত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে।
ইয়াৰ লগতে তেওঁ খালী হৈ থকা চৰকাৰী পদসমূহত বিশেষভাৱে সক্ষমসকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত বিভাগৰ প্ৰচেষ্টাৰ বিষয়েও উল্লেখ কৰে।
ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ আয়ুক্ত সচিব কে এল হিলালিয়ে আৰু সঞ্চালক দেৱেশ্বৰ মালাকাৰেও অনুষ্ঠানত ভাষণ দি বধিৰ দিৱসৰ লগত সংগতিসূচক বিষয়সমূহৰ বাখ্যা দাঙি ধৰে।
অসম বধিৰ সন্থাৰ সহযোগত আয়োজিত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উক্ত তিনিদিনীয় কাৰ্যসূচীৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটাও প্ৰদান কৰা হয়।