• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

”এহ, বাদ দিয়াহে’’ : পুত্ৰ গৌৰৱৰ মুখত শুনা গ’ল পিতৃ তৰুণ গগৈৰ বাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2025 9:45 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলক নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলক সন্মান দিবলৈ নিবিচাৰে। চৰকাৰী কৰ্মচাৰীসকলৰ সৈতে আলোচনা কৰিবলৈ নিবিচাৰে। চৰকাৰী কৰ্মচাৰীসকলৰ দাবী পূৰণ কৰাতকৈ ভাবুকি দিয়াটোহে নিজৰ কৰ্তব্য বুলি ভাবে।’’— সংসদৰ চলিত শীতকালীন অধিৱেশনৰ ব্যস্ততাৰ মাজতে নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি এইদৰে কয় লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি, যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে।

”হিমন্ত বিশ্ব শৰ্মাৰ দৰে অহংকাৰী মুখ্যমন্ত্ৰী মই ভাৰতবৰ্ষত কাকো দেখা নাই। ইচ্ছা কৰিয়েই ১০৮ এম্বুলেন্স সেৱাৰ ৫০০ কৰ্মচাৰীক একেদিনাই চাকৰিৰ পৰা খেদি দিছে। একে অৱস্থা এনএইছএমৰ কৰ্মচাৰীসকলৰো হৈছে।’’-গগৈয়ে কয়। ক’ভিডৰ সময়ত এনএইছএমৰ কৰ্মচাৰীসকলক কামত খটুৱাই এতিয়া অসহায় অৱস্থাত এৰিবলৈকো কোনো কুণ্ঠাবোধ কৰা নাই বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

Apply Now

তেওঁ কয়, ”চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মনত পেলাই দি এনএইছএমৰ কৰ্মচাৰীসকলে পাবলগীয়া সুবিধাবোৰ দিবলৈ দাবী জনালে। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিলে। কিন্তু তেওঁলোকৰ অসুবিধা আৰু দাবীসমূহৰ বুজ লোৱাৰ পৰিৱৰ্তে দৰমহা কৰ্তন কৰাৰহে নিৰ্দেশ দিলে।’’

চৰকাৰৰ এনে নীতিৰ বাবে ৰাজ্যখনৰ স্বাস্থ্যখণ্ডৰ অৱস্থা আজি তথৈবছ হৈ পৰিছে বুলিও কয় গগৈয়ে। শিক্ষা বিভাগে নিযুক্তি দিয়া টিউটৰৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলকো চৰকাৰে প্ৰাপ্যৰ পৰা দীৰ্ঘদিনে বঞ্চিত কৰি ৰখাৰ কথাও গগৈয়ে সংবাদমেলত উল্লেখ কৰে। ইটোৰ পিছত সিটো সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ বাবে ধন খৰছ কৰিবলৈ কুণ্ঠবোধ নকৰা চৰকাৰখনে কৰ্মচাৰীসকলক সময়মতে দৰমহা প্ৰদান কৰা, দৰমহা বৃদ্ধি কৰা তথা অন্যান্য সা-সুবিধাসমূহ প্ৰদান কৰিবলৈ কিয় টান পাইছে বুলিও প্ৰশ্ন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে।

”জনসাধাৰণক সঠিকভাৱে সেৱা কৰিবলৈ হ’লে চৰকাৰী কৰ্মচাৰীসকলক প্ৰাপ্য সা-সুবিধা আদায় দিব লাগিব। অহংকাৰী ৰজাৰ দৰে আচৰণ কৰিলে নহ’ব।’’- গগৈয়ে কয়।

জলজীৱন মিছনৰ ব্যৰ্থতাৰ কথাও আজিৰ সংবাদমেলত উদঙাই দিয়ে সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয়, ”অসমত জলজীৱন মিছন প্ৰহসনত পৰিণত হৈছে। ইয়াৰ সৈতে জড়িত দুজন ঠিকাদাৰে ইতিমধ্যে আত্মহত্যা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। এইখন প্ৰধানমন্ত্ৰীৰ আঁচনি। প্ৰধানমন্ত্ৰীয়ে কৈছে যে ঘৰে ঘৰে পানী পাব। এই বিভাগটোৰ মন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ। তথাপিও আজি ৪৫০০ কোটি টকা ঠিকাদাৰ বিল অনাদায় হৈ আছে।’’ বিলৰ ধন অনাদায় হৈ থকা বিষয়টো কেন্দ্ৰ চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ প্ৰায় ৯০০০ ঠিকাদাৰে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি হিচাপে তেওঁলৈ অনুৰোধ পত্ৰ লিখাৰ কথাও সংবাদমেলত জানিবলৈ দিয়ে গৌৰৱ গগৈয়ে।

গগৈয়ে আৰু কয় যে একাংশ ঠিকাদাৰে বিলৰ কিছু অংশ পাইছে যদিও তাতেও অনিয়ম সংঘটিত হৈছে। ”বিজেপিৰ নেতা তথা মন্ত্ৰী-বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰসকলৰ বিলহে আদায় দিয়া হৈছে। বিপৰীতে যিসকলে বেংকৰ ঋণ লৈ, কাৰোবাৰ টকা ধাৰলৈ লৈ কাম কৰিছিল সেইসকলৰ অৱস্থাই নাই। চৰকাৰৰ বাকীসকলৰ কথা ভাবিবলৈ আহৰিয়েই নাই।’’-এইবোৰ কথাক লৈ মুখ্যমন্ত্ৰী কিয় নিমাত বুলি প্ৰশ্ন কৰি গগৈয়ে কয়।

প্ৰতিটো ক্ষেত্ৰতে মুখ্যমন্ত্ৰীৰ কামৰ পেটাৰ্ণলৈ চালে নিজৰ প্ৰশাসনিক তন্ত্ৰটোৱেই ভালকৈ চলাবলৈ সমৰ্থ নোহোৱাতো স্পষ্ট হৈ পৰে বুলিও কয় গৌৰৱ গগৈয়ে।

”পলিটেকনিকৰ যিসকল শিক্ষকক লৈ আমি কাম আৰম্ভ কৰিছিলো আৰু ইমানদিনে ধুনীয়াকৈ পলিটেকনিকবোৰ চলাই আহিছিল সেইসকলকে চৰকাৰে অৱহেলা কৰিছে। প্ৰতিবাদ কৰা কাৰণে ৬৪ গৰাকী প্ৰতিষ্ঠাপক শিক্ষকক চাকৰিৰ পৰা উলিয়াই দিলে।’’-অহংকাৰৰ বশৱৰ্তী হৈয়েই মুখ্যমন্ত্ৰীয়ে এনে কাম কৰি আহিছে বুলি উল্লেখ কৰি গগৈয়ে কয়। তেওঁ মুখ্যমন্ত্ৰীক ঔদ্ধ্যতালি নকৰিবলৈকো সকীয়াই দিয়ে। চৰকাৰী কৰ্মচাৰীসকলক চিৰদিনৰ বাবে ঠিকাভিত্তিত কামত ৰাখি যেনেদৰে মন যায় তেনেদৰে ব্যৱহাৰ কৰাতো উচিত নহয় বুলিও কয় গগৈয়ে।

এই সন্দৰ্ভত তেওঁ আৰু কয়, ”জনসাধাৰণক আধুনিক সা-সুবিধা প্ৰদান কৰিবলৈ হ’লে চৰকাৰী কৰ্মচাৰীসকলৰ সুখ-দুখৰ খবৰ চৰকাৰে ৰাখিবই লাগিব। কৰ্মচাৰীসকলক অৱহেলা কৰি অন্যায়-অত্যাচাৰ কৰি কোনো চৰকাৰে ভালদৰে প্ৰশাসন চলাব নোৱাৰে।’’

ইফালে, এআইইউডিএফ বিজেপিৰ লগত আছে বুলি দলটোৰ এজন বিধায়কে কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে পূৰ্বৰে পৰা আজমল বাহিনী আৰু বিজেপিৰ মাজত গোপন বুজাবুজি আছিল।

”দল দুটাৰ গোপন বুজাবুজি এতিয়া ৰাজহুৱা হৈ পৰিছে। এয়া একো নতুন কথা নহয়।’’-গগৈয়ে কয়। শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ ভূূমিকাক লৈ সাংবাদিকে প্ৰশ্ন কৰাতো গৌৰৱ গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

গগৈয়ে কয়, ”আজিৰ তাৰিখতনো মন্ত্ৰী কেইজন আছে? এতিয়া সকলো বিভাগৰে এজনেই মন্ত্ৰী। সেইজনেই হৈছে মুখ্যমন্ত্ৰী। কামবোৰ সেইজনেই কৰে। সংবাদমেলো এজনেই দিয়ে। মিটিং ৰিভিউ তেঁৱেই লয়। মন্ত্ৰীসকলৰো কিবা দায়িত্ব আছে নে নাই মই নাজানো। মন্ত্ৰীসকলে কিবা কৰিব বিচাৰিলেও, কৰ্মচাৰীসকলৰ লগত বহিব বিচাৰিলেও অহংকাৰী আৰু নিষ্ঠুৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক হয়তো বাধা দিয়ে। গতিকে মন্ত্ৰীৰ আজিৰ তাৰিখত কিবা ভূমিকা আছে বুলি মই নাভাবো।’’

মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিষয়াসকলক ভাবুকি দিয়ে বুলিও সংবাদমেলত মন্তব্য কৰে সাংসদ গগৈয়ে। কেৱল চৰকাৰী বিষয়াসকলকে নহয়, আৰক্ষী, শিক্ষকসকলকো ভাবুকি দি অহাৰ কথাও উল্লেখ কৰে গগৈয়ে। আনহাতে, লাচিত দিৱসৰ দিনটোত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈয়ো সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ ঘৰত কাৰ কি হৈ আছে সেয়া অসমৰ সাংবাদিকসকলে ভালকৈয়ে জানে।

”মুখ্যমন্ত্ৰীৰ ঘৰত ক’ত কেনেকৈ কোনে কি আইন উলংঘা কৰিছে, কিমান ধন-সম্পত্তি আছে, হেলিকপ্টাৰ কিমান ঘূৰিছে মোতকৈ আপোনালোকে আৰু ভালকৈ জানে।’’-গগৈয়ে কয়। যিদিনা সাংবাদিকসকলৰ মনৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰতি থকা ভয় ভাব নাইকিয়া কৰিবলৈ সমৰ্থ হ’ব আৰু অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ প্ৰতি মনত পুহি ৰখা আচল কথাবোৰ মুখখুলি কৈ দিব সেইদিনা অসমৰ মুখ্যমন্ত্ৰীয়ে দেশ এৰি ডুবাই-ছিংগাপুৰ পাব বুলিও কয় গৌৰৱ গগৈয়ে। আজিকালি লণ্ডনলৈ গৈয়ো অলপ-অচৰপ ভালপোৱা হৈছে যদিও ডুবাই-ছিংগাপুৰৰ প্ৰতিহে মুখ্যমন্ত্ৰীৰ যে মোহ বেছি সেই কথা তেওঁ ভালকৈয়ে জানে বুলিও গগৈয়ে কয়।

গগৈয়ে আৰু কয়, ”আমাক লৈ তেওঁ কি কয় কৈ থাকক। তেওঁৰ ঘৰত ক’ত কি চলিছে সেই লৈ পিছে অসমৰ ঘৰে ঘৰে চৰ্চা চলিয়েই থাকে। মোৰৰ ঘৰৰ কথাতকৈ তেওঁৰ ঘৰৰ কথাবোৰ অধিক মনোৰঞ্জনৰে ভৰপূৰ। তাত আৰু মচলা আছে।’’ দলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা অকলশৰীয়া হৈ পৰা বাবে অস্থিৰ হৈ পৰিছে বুলিও গগৈয়ে কয়। পৰিয়ালৰ লগত সময় অতিবাহিত কৰাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত কি ক’ব বুলি সাংবাদিকে প্ৰশ্ন কৰাত হাঁহি মাৰি কয়, ”মুখ্যমন্ত্ৰীৰ এইবোৰ কথা শুনিলে মোৰ পিতৃলৈ মনত পৰে। তেখেতে কৈ যোৱা কথাবোৰ মানুহৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল। কথাটো আছিল— এহ, বাদ দিয়াহে!’’

এনেধৰণৰ কথা ক’লে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কোৱা ”এহ, বাদ দিয়াহে’’ কথাষাৰ কাণত প্ৰতিধ্বনিত হয় বুলি কয় গৌৰৱ গগৈয়ে। গগৈয়ে আৰু কয় যে অসমৰ ৰাইজেও মুখ্যমন্ত্ৰীৰ সেইধৰণৰ টুলুঙা কথাবোৰ শুনি ‘এহ, বাদ দিয়াহে’’ বুলিয়েই কয়। মুখ্যমন্ত্ৰী এজনৰ পৰা এইবোৰ কথা মানুহে শুনিব বিচাৰিছে নেকি বুলিও প্ৰশ্ন কৰে গগৈয়ে। তেওঁ কয় যে এইধৰণৰ কথাৰ জৰিয়তে তেওঁ নিজৰ মানসিক অস্থিৰতা উদঙাই দিছে। ”মুখ্যমন্ত্ৰীয়ে এইবোৰ কথা কৈ তেওঁ নিজে কিমান শংকিত সেয়া দেখুৱাই দিছে। এইধৰণৰ কথা কৈ তেওঁ যে মুখ্যমন্ত্ৰী হোৱাৰ বাবে যোগ্য নহয় সেইটোৱে বাৰম্বাৰ প্ৰমাণ দি আছে।’’— এনেকুৱা সময়ত তৰুণ গগৈৰ দৰে ‘বাদ দিয়াহে’ ক’ব লাগে বুলি কটাক্ষ কৰি এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd