উত্তৰ প্রদেশত আজি ৮জন বিজেপি বিধায়কে যোগদান কৰিব সমাজবাদী পাৰ্টিত

WhatsApp Image 2022-01-14 at 9.56.43 AM

অলপতে ভাৰতীয় জনতা পাৰ্টিৰ পৰা পদত্যাগ কৰা ৮জন বিধায়কে শুকুৰবাৰে সমাজবাদী পাৰ্টিত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

তেওঁলোকে দলটোৰ নেতা অখিলেশ যাদবৰ উপস্থিতিত দলত যোগদান কৰাৰ সম্ভাৱনা আছে।

বিগত কেইদিনত কমেও ৯জন বিজেপি বিধায়কে ৰাজ্যখনৰ লগতে দেশত পিছপৰা তথা অৱহেলিত সম্প্ৰদায়সমূহৰ বাবে দলে একো নকৰাৰ অভিযোগ তুলি বিজেপিৰ পৰা পদত্যাগ কৰিছে।

বৃহস্পতিবাৰে মন্ত্ৰী আয়ুস ধৰম সিং ছাইনী, বিধায়ক মুকেশ বাৰ্মা আৰু অৱস্থি বালা প্ৰসাদে দলৰ পৰা পদত্যাগ কৰে।

লগতে পঢ়ক: বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ দুৰ্ঘটনাত নিহতৰ সংখ্যা ৮জনলৈ বৃদ্ধি; এতিয়াও সংকটজনক বহু যাত্ৰী

উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাজত কেইদিনমান থকাৰ পূৰ্বে এই পদত্যাগ তথা সিদ্ধান্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

ইপিনে, কংগ্ৰেছ আৰু সমাজবাদী-ৰাষ্ট্ৰীয় লোকদল মৰ্চাৰ নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হৈছে।

বাতৰি অনুসৰি, কংগ্ৰেছে ১২৫জনীয়া আৰু সমাজবাদী-ৰাষ্ট্ৰীয় লোকদল মৰ্চাই ২৯জন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।

লগতে পঢ়ক:এখন ৰহস্যঘন নাটক! নেতাৰ শঠা মিতিৰালিৰ ছবিয়ে ধূসৰ কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি

আনহাতে, বিজেপিয়ে ১৭২জন প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিছে।

জানিব পৰা মতে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।