• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত আটক ৮ জন ড্ৰাগছ সেৱনকাৰীক জেইল হাজোতলৈ প্ৰেৰণ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
February 5, 2019 8:32 am
IMG-20190204-WA0013

মাৰ্ঘেৰিটাত আটক কৰা দ্ৰাগছসেৱনকাৰী কেইজন। ফটো :নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰি উঠি অহা প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক নিচাযুক্ত দ্ৰব্য ড্ৰাগছৰ বিৰুদ্ধে দেওবাৰে নিশা মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ডিবং আৰু কেটেতং গাঁৱৰ ৰাইজ একত্ৰিত হৈ ড্ৰাগছ বিক্ৰী কৰা আৰু সেৱনৰ বাবে ব্যৱহাৰ কৰা সন্দেহ জনক ঘৰ সমূহ ঘেৰাও কৰি অভিযান চলায়।

স্থানীয় ৰাইজৰ দ্বাৰা চলোৱা এই অভিযানত ৮ জনকৈ ড্ৰাগছ সেৱনকাৰী তথা বিক্ৰী কৰা যুৱকক আটক কৰি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে। ৰাইজে আটক কৰা যুৱক কেইজন হ’ল ক্ৰমে ডিগবৈৰ বিমান তালুকদাৰ, দুলীয়াজানৰ টিপলিঙৰ চানি গগৈ, মাৰ্ঘেৰিটা চিভিলৰ পৰাগ জ্যোতি বৰা, মাৰ্ঘেৰিটাৰ দেৱজিৎ বৰা, জয়ন্ত বৰা, সঞ্জীৱ চেতিয়া, কেটেতঙৰ হান্নান আলি আৰু ডিবং ফাকিয়ালৰ কৃষ্ণ চেত্ৰী।

Apply Now

ধৃত যুৱক কেইজনৰ পৰা অভিযানকাৰী ৰাইজ কিছু পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে। ইপিনে সোমবাৰে একাংশ ড্ৰাগছ সেৱনকাৰীৰ পৰিয়ালৰ লোক আহি মাৰ্ঘেৰিটা থানাত বিনা কাৰণত হে গাঁৱৰ ৰাইজে ধৰি অনা বুলি দোষাৰোপ কৰি এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰি আটকাধীন যুৱক কেইজনক মোকলাই দিবৰ বাবে আৰক্ষীক দাবী জনাই যদিও বিফল হয়।

আনহাতে ড্ৰাগছ সেৱনকাৰী কেইজনৰ বিৰুদ্ধে এন ডি পি এছৰ অধীনত মাৰ্ঘেৰিটা থানাত এক গোচৰ ৰুজু কৰি কেউজনকে সোমবাৰে জেইল হাজোতলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী থানাৰ অন্তৰ্গত উলুপ,ইনথেম,নগাপথাৰ, লালমাটি, ব্ৰহ্মাজান, কেটেতং আদি অঞ্চলত একাংশ যুৱক মাৰাত্মক ড্ৰাগছৰ কৱলত পৰিছে।

উক্ত অঞ্চল সমূহৰ একাংশ লোকেই স্থানীয় আবকাৰী বিভাগক আৰু আৰক্ষীক “মেনেজ” কৰি অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। তদুপৰি,মাৰ্ঘেৰিটা, লিডু, জাগুন, লেখাপানী আদি অঞ্চল সমূহতো মাৰাত্মক ড্ৰাগছৰ সমান্তৰালকৈ এচাম অসাধু ব্যৱসায়ীয়ে কানি-গাঞ্জাৰ ৰমৰমীয়া বেহা অব্যাহত ৰখা বুলি অভিযোগ উঠিছে ।

মাৰ্ঘেৰিটা মহকুমাকে ধৰি তিনিচুকীয়া জিলাৰ বিভাগীয় কৰ্তৃপক্ষৰ সোপাঢিলা নীতিৰ সুযোগ গ্ৰহণ কৰি এই সকল সমাজ বিৰোধী ধুৰন্ধৰ প্ৰকৃতিৰ লোকে মাৰাত্মক ড্ৰাগছ, কানি-গাঞ্জাকে ধৰি নিচা জাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা উলুপ, কেটেটং, বৰফাকিয়াল, বাঁহবাৰী, বিচা, মৌংলাং খামটি, কথা, জাগুন, বৰগোলাই, মাৰ্ঘেৰিটা এ পি অ কলনিকে আদি অঞ্চল সমূহত এতিয়া মুক্ত ৰূপত নিচা জাতীয় দ্ৰব্যৰ এখন মুকলি বজাৰ গঢ়ি তোলাৰ অভিযোগ উঠি আহিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd