থানাত এজনৰ পিছত এজন শাৰীপাতি অৰ্দ্ধনগ্ন যুৱক; ফটো ভাইৰেল হোৱাৰ পিছতে তদন্তৰ নিৰ্দেশ

দেখিবলৈ বলীউদৰ চিনেমাৰ দৰে এক দৃশ্য। এগৰাকী সাংবাদিক ইউটিউবাৰকে ধৰি আঠগৰাকী যুৱক থানাত আৰক্ষী বিষয়াৰ চকীৰ কাষত থিয় দি আছে। এয়া মধ্য প্ৰদেশৰ সিদ্ধি জিলাৰ কোটোৱালি থানাৰ দৃশ্য। ভাইৰেল হৈ পৰাৰ পিছতে এই ছবি দেখি সকলো স্তম্ভিত। বিপাঙত পৰিছে আৰক্ষীও।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ছবিৰ ভিত্তিত বিভাগীত তদন্তৰ নিৰ্দেশ দিয়া হৈছে। সিদ্ধি জিলাৰ আৰক্ষী অধীক্ষক মুকেশ শ্ৰীবাস্তৱে জানিবলৈ দিয়ে যে মহকুমা আৰক্ষী বিষয়া গায়ত্ৰী তিৱাৰীক এই ঘটনাৰ তদন্ত কৰিবলৈ দিয়া হৈছে। দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। অপৰাধ যিয়েই নহওক কিয় কাৰো পোছাক খুলিব নোৱাৰে।

লগতে পঢ়ক: বিভিন্ন ৰাজ্যৰ লোকে ইংৰাজীৰ সলনি হিন্দী কোৱা উচিত; পুনৰ ‘এক দেশ-এক ভাষা’ৰ পক্ষত অমিত শ্বাহ

প্ৰাথমিক তদন্তত থানাখনৰ পৰিদৰ্শক মনোজ ছোনি আৰু কৰ্তব্যৰত বিষয়া অভিষেক সিঙক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। ঘটনাৰ সময়ত থানাত থকা সিঙক কৰ্তব্যৰ পৰা আঁতৰাই দিয়া হৈছে।

ভাইৰেল হৈ পৰা এই ছবিখন তোলা হৈছিল ২ এপ্ৰিলত। ছবিখনৰ সৈতে ছ’চিয়েল মিডিয়াত খৱৰ এটাও বিয়পি পৰিছে। য’ত কোৱা হৈছে বিজেপি বিধায়ক কেদাৰনাথ শুক্লাৰ বিৰুদ্ধে বাতৰি কৰাৰ বাবে ইউটিউবাৰ সাংবাদিকৰ পোছাক খুলি দিয়া হৈছে।

আৰক্ষী অধীক্ষক শ্ৰীবাস্তৱে এই সন্দৰ্ভত জানিবলৈ দিয়ে যে কোটোৱালি থানাৰ আৰক্ষীয়ে ৰীৰজ কুন্দৰ নামৰ এগৰাকী থিয়েটাৰৰ শিল্পীক ২ এপ্ৰিলত গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে বিজেপিৰ বিধায়ক আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ৰটনা কৰাৰ অভিযোগ আছিল।

বিজেপি বিধায়কগৰাকীয়ে যোৱা ১৬ মাৰ্চত কোটোৱালি থানাত অভিযোগ দাখিল কৰিছিল। তদন্ত চলাই আৰক্ষীয়ে এটা ফেচবুক প’ষ্ট উদ্ধাৰ কৰে। এই প’ষ্টটো নীৰজ কুন্দৰে দিয়া বুলি জানিব পাৰি তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: ”ঘোঁৰা চলাওক পেট্ৰ’ল-ডিজেল বচাওক”-মহানগৰীৰ ৰাজপথত ব্যতিক্ৰমী প্ৰতিবাদ কংগ্ৰেছ নেতাৰ

নীৰজ কুন্দৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে ইয়াৰ প্ৰতিবাদত তেওঁৰ বন্ধু , আত্মীয় আৰু এগৰাকী ইউটিউবাৰে ২ এপ্ৰিলৰ সন্ধিয়া কোটোৱালি থানা চৌহদত উপস্থিত হৈ শ্ল’গান দিয়ে। আৰক্ষীয়ে তেওঁলোকক ভাৰতীয় দণ্ডবিধিৰ ১৫১ ধাৰাত আটক কৰি কেইঘন্টাআমান পিছত এৰি দিয়ে।  

কিন্তু কিয় তেওঁলোকৰ এইদৰে কাপোৰ খুলি দিয়া হৈছিল? থানাৰ ভিতৰত কোনে তেওঁলোকৰ কাপোৰ খুলিছিল? এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ দিয়া হৈছে।