ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং প্ৰতিযোগিতাত ৮ টাকৈ সোণৰ পদক অৰ্জন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলালে গোলাঘাটৰ ৮ গৰাকী উদীয়মান খেলুৱৈয়ে।
ৰুৰেল এমেচাৰ নেশ্যনেল গেমৰ উদ্যোগত গোৱাৰ পেডিয়াম ষ্টেডিয়ামত ৪, ৫, ৬ চেপ্টেম্বৰত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিংৰ প্ৰতিযোগিতাখন।
দেশৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈ লগতে গোলাঘাট তথা অসমৰ হৈ আঠ গৰাকী খেলুৱৈ বিভিন্ন শাখাত অংশগ্ৰহণ কৰিছিল।
প্ৰশিক্ষক ৰাজেশ গুপ্তাৰ নেতৃত্বত অংশগ্ৰহণ কৰা ৮ গৰাকী খেলুৱৈ নিজৰ শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
সোণৰ পদক অৰ্জন কৰা খেলুৱৈ সকল হৈছে ক্ৰমে চয়নিকা দত্ত , উত্তম বল্লভ গোস্বামী , মানসী পাল, দেৱাঙ্গ পল্লব শইকীয়া ,ৰঞ্জন নাথ, বিশাল গুপ্তা ,মিলন বৰতামুলী , ৰিতুমণি নাথ।
উল্লেখযোগ্য যে কিক বক্সিং ক্ষেত্ৰত আন্ত:গাঁথনি নোহোৱা স্বত্বেও ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা এই খেলুৱৈসকলে খেলৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ তথা খেলৰ সা-সুবিধা সমূহ প্ৰদান কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় খেলুৱৈ সকলে।