অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৫৮৬লৈ বৃদ্ধি

Covid death toll in Assam reaches 930

প্ৰতিনিধিত্বমূলক ফটো।

আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, মঙলবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৮৬লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ প্ৰাণ হেৰুওৱা লোককেইগৰাকী হৈছে— ডিব্ৰুগড়ৰ ভগীৰথ শৰ্মা (৮৫), দৰঙৰ জোনাক চন্দ্ৰ ভূঞা (৭৬), বৰপেটাৰ পৰেশ চন্দ্ৰ আৰিয়া (৬৫), কামৰূপ মহানগৰৰ প্ৰভেশ্বৰ ৰাভা (৫৫) আৰু সুৰেন্দ্ৰ নাথ দাস (৭৪), বঙাইগাঁৱৰ মহোদৰ চন্দ্ৰ পাঠক (৮৪), যোৰহাটৰ প্ৰদীপ গগৈ (৭০) আৰু কাছাৰৰ মল্লিকা দেব চৌধুৰী (৬৬)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

৫৭৮গৰাকী ক’ভিড ৰোগীয়ে সোমবাৰলৈকে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে অসমত সোমবাৰলৈকে মুঠ ১,২৯,১৩০গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত সোমবাৰলৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৫৯,৩২০লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।