মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ দীঘবীৰ সমুদ্ৰতীৰত গা ধুবলৈ যাওঁতে পানীত ডুবি মৃত্যু হয় ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থীৰ। বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, মৃতদেহকেইটা উদ্ধাৰ কৰা হৈছে।
পুনেৰ আলন্দিৰ এটা ব্যক্তিগত কোচিং ক্লাছৰ ৪৮ জনীয়া এটা দলে পিকনিকৰ বাবে দীঘবীৰলৈ গৈছিল। ইয়াৰ ভিতৰত আছিল ২৫ গৰাকী ছাত্ৰ, ১৭ গৰাকী ছাত্ৰী আৰু ৬ গৰাকী শিক্ষক।
ঘটনাৰ বলি শিক্ষাৰ্থীকেইগৰাকী তন্ময় দত্তত্ৰয় ৱাহিলে, সুমিত ভাৰত আহিৰে, প্ৰণৱ ৰামদাস বনছোড়ে, কৈৱল্য সতীশ ৱাশংকৰ, ৰাজবীৰ যুৱৰাজ ৱাহিলে, যশ কিৰণ ৱানখেড়ে, সোহম টুকাৰম ভাণ্ডৱালকাৰ, কৌস্তুভ সন্দীপ দৌন্দ বুলি চিনাক্ত কৰা হৈছে।
মুম্বাইৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ নিলগৰ এই সমুদ্ৰতীৰত দলটোৰ কেইগৰাকীমান শিক্ষাৰ্থী গা ধুবলৈ নামিছিল। কিছুসময়ৰ পাছত আঠজনক পুনৰ দেখা পোৱা নগ’ল। বাকীসকলে আশংকা কৰে যে তেওঁলোক সাগৰত ডুব গৈছে। লগে লগে স্থানীয় বাসিন্দা আৰু প্ৰশাসনে অনুসন্ধান আৰম্ভ কৰে। পিছত এজন এজনকৈ আঠজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
প্ৰাথমিক তদন্তত আৰক্ষীয়ে অনুমান কৰিছে যে সাগৰৰ গভীৰতা আৰু সোঁতৰ গতি ঠিকমতে বুজিব নোৱাৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। হঠাতে ৮ গৰাকী শিক্ষাৰ্থীৰ পানীত উটি যোৱাৰ ঘটনাই উপকূলটোত থকা আন আন পৰ্যটকৰ মাজতো আতংক বিয়পি পৰে।
উদ্ধাৰ হোৱা মৃতদেহকেইটা প্ৰয়োজনীয় প্ৰক্ৰিয়াৰ বাবে বৰলীপঞ্চতনৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাকে ধৰি প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত মৃতদেহ পৰিয়ালক গতাই দিয়া হ’ব।
ঘটনাৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। আঠগৰাকী শিক্ষাৰ্থী কেনেকৈ সাগৰত উটি গ’ল, সেই সময়ত শিক্ষক বা তেওঁলোকৰ লগত থকা দলটোৰ আন সদস্যসকল ক’ত আছিল, দুৰ্ঘটনাৰ পূৰ্বে কি হৈছিল সেই বিষয়ে তদন্ত কৰি আছে।
পিকনিকত ৮ গৰাকী শিক্ষাৰ্থীৰ মৃত্যুত তেওঁলোকৰ পৰিয়ালত শোকৰ ছাঁ পৰিছে। সমগ্ৰ ঘটনাৰ তদন্তৰ পিছতহে দুৰ্ঘটনাটোৰ কাৰণ সম্পৰ্কে অধিক স্পষ্ট তথ্য লাভ কৰিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।





