ৰক্তাক্ত কলকাতাৰ ৰাজপথ: দেৱাল নিৰ্মাণক কেন্দ্ৰ কৰি কাজিয়া, চোকা অস্ত্ৰৰ ঘাপত গুৰুতৰভাৱে আহত ছয়গৰাকী

man strikes down 6 persons

শনিবাৰে দিন-দূপৰতে এক ৰক্তাক্ত পৰিস্থিতিৰ সাক্ষী হ’ল কলকাতাৰ ৰাজপথ। এখন দেৱাল নিৰ্মাণক কেন্দ্ৰ কৰি হোৱা বিবাদৰ ভয়াৱহ পৰিণতি স্বৰূপে চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে ছয়গৰাকীকৈ ব্যক্তি।

কালি আবেলি বেহালাৰ চাৰচুনা অঞ্চলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ছয়গৰাকী লোক। আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰী ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে।

চাৰচুনাৰ ৰাখল মুখাৰ্জী ৰোডত এখন দেৱাল নিৰ্মাণক লৈ তিনিগৰাকী চুবুৰীয়াৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। দীৰ্ঘদিন ধৰি চলি আহিছিল এই বিবাদ।

পূৰ্বেও এই বিবাদৰ সময়ত এবাৰ অভিযুক্ত আক্ৰমণকাৰী গৰাকীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছিল। প্ৰদীপ অধিকাৰী নামৰ এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে সেয়ে স্থানীয় বাসিন্দাসকলে আৰক্ষীৰ ওচৰত ৰাজহুৱা স্বাক্ষৰ থকা এখন পত্ৰ দাখিল কৰিছিল।

শনিবাৰেও সেই একেটা বিষয়কে লৈ পূনৰ বিবাদ আৰম্ভ হয়। বিবাদৰ সময়তে অভিযুক্ত প্ৰদীপ অধিকাৰীয়ে দোকানৰ পৰা এখন চোকা অস্ত্ৰ উলিয়াই স্থানীয় বাসিন্দাসকলক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

এই নিৰ্বিচাৰ আক্ৰমণত ছয়গৰাকী লোক গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত আটাইকেইগৰাকী লোককে স্থানীয় বিদ্যাসাগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইফালে ঘটনাৰ পাছতে অভিযুক্ত প্ৰদীপ অধিকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চাৰচুনা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পৰিয়ালকেইটাৰ সদস্যসকলক জেৰা কৰাৰ লগতে তদন্তও আৰম্ভ কৰিছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।