উৎকণ্ঠাৰ অন্ত: অসমত ২৭ মাৰ্চ, ১ আৰু ৬ এপ্ৰিলত তিনিটা পৰ্যায়ত বিধানসভাৰ নিৰ্বাচন

নতুন দিল্লীত অসমকে ধৰি ৫ ৰাজ্যৰ বিধানসভাৰ দিন ঘোষণা কৰিলে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে

a sunil

অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজি কেন্দ্ৰীয় নিৰ্বাচন আয়োগে অসমকে ধৰি পাঁচৰাজ্য ক্ৰমে তামিলনাডু, পুডুচেৰী,কেৰালা, পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।

নতুন দিল্লীত আজি বিয়লি ৪.৩০ বজাত আয়োজন কৰা সংবাদমেলত কেন্দ্ৰীয় নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই ঘোষণা কৰে যে ১২৬ জনীয়া অসম বিধানসভাৰ নিৰ্বাচন  তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব।

২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।৪৭ টা সমষ্টিত হ’ব প্ৰথম পৰ্যায়ৰ নিবাচন।

১ এপ্ৰিলত  ৩৯ সমষ্টিত দ্বিতীয় আৰু ৬ এপ্ৰিলত ৪০ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন:

অধিসূচনা জাৰিৰ তাৰিখ:২ মাৰ্চ

মনোননয় পত্ৰ দাখিলৰ অন্তিম তাৰিখ:৯ মাৰ্চ

মনোননয় পত্ৰ পৰীক্ষাৰ তাৰিখ:১০ মাৰ্চ

মনোননয় পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ:১২ মাৰ্চ

 

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন:

অধিসূচনা জাৰিৰ তাৰিখ:৫ মাৰ্চ

মনোননয় পত্ৰ দাখিলৰ অন্তিম তাৰিখ:১২মাৰ্চ

মনোননয় পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ:১৭ মাৰ্চ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচন:

অধিসূচনা জাৰিৰ তাৰিখ:১২ মাৰ্চ

মনোননয় পত্ৰ দাখিলৰ অন্তিম তাৰিখ:১৯ মাৰ্চ

মনোননয় পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ:২২ মাৰ্চ

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ২ মে’।

উল্লেখ্য অসমত চলিত বৰ্ষৰ ৩১ মে’ত অন্ত পৰিব বৰ্তমানৰ চৰকাৰ খনৰ কাৰ্যকাল।

সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত অৰোৰাই কয় যে ২০১৬ৰ বিধানসভা নিৰ্বাচনত অসমত ৮৩.৯ শতাংশ ভোটদান হৈছিল।

এইবাৰ ৰাজ্য খনত পূৰ্বতকৈ বেছি ভোটদান হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে।

অসমৰ ৩৩ হাজাৰতকৈ অধিক ভোট কেন্দ্ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ইতিমধ্যে অসম তথা আন চাৰি খন ৰাজ্যক নিৰ্বাচনৰ বাবে সাজু হ’বলৈ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে নিৰ্দেশ দিয়াৰ লগতে নিৰ্বাচন আয়োগৰ সদস্যই ৰাজ্য কেইখন ভ্ৰমণ কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লৈ গৈছিল।

সংবাদমেলতে কেন্দ্ৰীয় নিৰ্বাচন আয়ুক্ত গৰাকীয়ে ২৯৪ জনীয়া পশ্চিমবংগ বিধানসভা, ২৩৪ জনীয়া তামিলনাডু বিধানসভা, ১৪০ জনীয়া কেৰালা বিধানসভা আৰু ৩০ জনীয়া কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বাবেও নিৰ্বাচনৰ দিন ঘোষণা কৰে।

ইতিমধ্যে কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ সৈতে বংগৰ শাসকীয় দল তৃণমূলৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিততে বংগলৈ নিৰ্বাচন আয়োগে নিৰাপত্তা বাহিনীৰ ১৬০ টা কোম্পানী প্ৰেৰণ কৰিছে।

অসমৰ সাম্প্ৰতিক পৰিস্থিতি বহু পৰিমাণে শান্ত যদিও নিৰ্বাচনৰ পূৰ্বে অসমলৈও নিৰাপত্তা বাহিনীৰ বহু কেইটা কোম্পানী প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

ইপিনে ভি নাৰায়ণস্বামী নেতৃত্বাধীন কংগ্ৰেছ শাসিত পুডুচেৰীৰ চৰকাৰ খন হঠাতে ভাঙি পৰাৰ ফলত তাত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছে।

ক’ৰ’ণাতংকৰ মাজতে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে বিহাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছত আজি একেলগে পাঁচ খন ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।

নিৰ্বাচন আয়োগে আজি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে অসমকে ধৰি সংশ্লিষ্ট আন চাৰি খন ৰাজ্যত বিধি অনুসৰি আজিৰে পৰাই নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ পৰিল।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল নিৰ্বাচন আয়োগে পূৰ্বেই অসমত বিষয়াৰ বদলি আদিৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধি-নিষেধ বান্ধি দিছিল।

কেউখন ৰাজ্যতে কোভিড প্ৰ’টোকল মানি ভোটগ্ৰহণ হ’ব বুলি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে।

তেওঁ কয় যে ভোটাৰৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি অধিক নজৰ ৰখা হ’ব।

নিৰ্বাচনত কৰ্তব্যৰত সকলো কৰ্মচাৰীক কোভিড ভেকচিন প্ৰদান কৰা হ’ব আৰু ৰোড শ্ব’ৰ ক্ষেত্ৰত কোভিড প্ৰ’টোকল মানি চলিব লাগিব বুলি তেওঁ মন্তব্য কৰে।

ভোটকেন্দ্ৰলৈ ভোটাৰসকলে মাস্ক পৰিধান কৰি আহিব লাগিব আৰু ভোটকেন্দ্ৰত হাত ছেনিটাইজ কৰিব লাগিব।

অপৰাধী গোচৰ থকা প্ৰাৰ্থীসকলে বাতৰি কাকত, টেলিভিছনত  বিজ্ঞাপন প্ৰকাশ কৰি তেওঁলোকৰ অপৰাধৰ কথা মানুহক জনাব লাগিব।