• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাছনি কমিটীত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিয়ে চৰকাৰক 'কাৰ্যকৰী ভেটো' প্ৰদান কৰা বুলি মন্তব্য কৰি সমগ্ৰ প্ৰক্ৰিয়াটোক ক্ৰিকেটৰ আম্পায়াৰ বাছনিৰ সৈতে তুলনা কৰিলে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপংকৰ দত্তই

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2026 9:20 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তসকলৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ  উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপংকৰ দত্তই তীব্ৰ উদ্বেগ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ দলপতি আৰু এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক লৈ গঠিত তিনিজনীয়া বাছনি কমিটীখনে নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতাত ব্যাঘাত জন্মোৱা বুলি তেওঁ মন্তব্য কৰে। ক্ৰিকেট খেলৰ এক উদাহৰণ দাঙি ধৰি ন্যায়াধীশ দত্তই কয় যে যিদৰে বিজয়ী দলৰ অধিনায়কে বাছনি কৰা আম্পায়াৰৰ সঠিক সিদ্ধান্তকো সদায় সন্দেহৰ দৃষ্টিৰে চোৱা হয়, ঠিক একেদৰে বৰ্তমানৰ বাছনি প্ৰক্ৰিয়াত কাৰ্যপালিকাই লাভ কৰা ‘কাৰ্যকৰী ভেটো’ ক্ষমতাৰ বাবে নিযুক্তি প্ৰক্ৰিয়াটোৱে জনমানসত স্বচ্ছতাৰ মাপকাঠীত উত্তীৰ্ণ হ’ব পৰা নাই।

 

Apply Now

বাছনি কমিটীত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ অন্তৰ্ভুক্তিক লৈ আৱেদনকাৰীয়ে উত্থাপন কৰা প্ৰশ্নৰ সন্দৰ্ভত ন্যায়াধীশ দত্তই কয় যে তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়ো দিশৰ পৰাই এই কমিটীৰ সিদ্ধান্ত সদায় শাসকীয় দলৰ সপক্ষে ২:১ অনুপাতত হ’ব। প্ৰধানমন্ত্ৰী আৰু বিৰোধী দলৰ দলপতিৰ মাজত মতানৈক্যৰ সৃষ্টি হ’লে কমিটীত থকা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰাৰ কোনো সম্ভাৱনা নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে। ২০১৪ চনৰ মনোজ নাৰুলা গোচৰৰ ৰায়দানৰ প্ৰসংগ উল্লেখ কৰি ন্যায়াধীশগৰাকীয়ে লগতে কয় যে মন্ত্ৰীসভাই ‘সমূহীয়া দায়িত্ববোধ’ৰ  নীতি মানি চলিবলগীয়া হোৱাৰ বাবে এগৰাকী মন্ত্ৰীয়ে কেতিয়াও প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাব নোৱাৰে। সেয়েহে নিযুক্তি লাভ কৰা ব্যক্তিসকল যিমানেই যোগ্য নহওক কিয়, এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে জনমানসত নিৰপেক্ষতাৰ ধাৰণাগত পৰীক্ষাত কেতিয়াও উত্তীৰ্ণ হ’ব নোৱাৰে।

 

নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি ন্যায়াধীশগৰাকীয়ে কয় যে এক সুস্থ আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰিবলৈ আয়োগ কেৱল এক স্বতন্ত্ৰ সংস্থা হোৱাই যথেষ্ট নহয়, ইয়াৰ কাম-কাজতো স্বতন্ত্ৰতা প্ৰতিফলিত হোৱাটো অপৰিহাৰ্য। বিগত সাতটা দশকত শাসনলৈ অহা প্ৰতিটো ৰাজনৈতিক দলেই সংবিধানৰ দ্বাৰা স্বীকৃত স্বতন্ত্ৰ সংস্থাসমূহক নিজৰ নিয়ন্ত্ৰণত ৰখাৰ এক ধাৰাবাহিক প্ৰৱণতা দেখা গৈছে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে। ২০২৩ চনৰ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত নিযুক্তি আইনখনে সংবিধানৰ ১৪ আৰু ৩২৪ নং অনুচ্ছেদে দাবী কৰা স্বতন্ত্ৰতা আৰু নিৰপেক্ষতাৰ মাপকাঠী পূৰণ কৰিব পাৰিছে নে নাই, সেয়া এতিয়া এক গুৰুত্বপূৰ্ণ আইনী প্ৰশ্ন হিচাপে থিয় দিছে বুলিও ন্যায়াধীশ দত্তই উল্লেখ কৰে।

 

উল্লেখ্য যে, নিৰ্বাচন আয়ুক্ত বাছনি কমিটীৰ পৰা ভাৰতৰ মুখ্য ন্যায়াধীশক বাদ দি প্ৰণয়ন কৰা ২০২৩ চনৰ বিতৰ্কিত আইনখনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনসমূহৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠখনে এক বিভক্ত ৰায় প্ৰদান কৰে। ন্যায়াধীশ দীপংকৰ দত্ত আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাক লৈ গঠিত বিচাৰপীঠখনে গোচৰটো এখন ডাঙৰ সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ প্ৰসংগত কোনো সহমতত উপনীত হ’ব নোৱাৰিলে। ন্যায়াধীশ দত্তৰ মতৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰি ন্যায়াধীশ শৰ্মাই সমগ্ৰ বিষয়টোক অতিকৈ গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে আৰু গোচৰটো বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ সপক্ষে মত প্ৰকাশ কৰে। সৰ্বোচ্চ ন্যায়ালয়ৰ এই বিভক্ত ৰায়ৰ পৰিপ্ৰেক্ষিতত এতিয়া আইনী প্ৰক্ৰিয়াটোৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব, সেয়া ৰাজনৈতিক তথা ন্যায়িক মহলৰ বাবে বিশেষভাৱে লক্ষণীয় হৈ পৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd