আৰু মাত্ৰ কেইটামান মাহ পিছতেই ৰাজ্যত অনুষ্ঠিত হ’ব বিধান সভাৰ নিৰ্বাচন।
নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসক-বিৰোধী সকলো দলেই কঁকালত টঙালি বান্ধিছে।
কেৱল ৰাজনৈতিক দল সমূহেই নহয়,কেন্দ্ৰীয় নিৰ্বাচন আয়োগেও অসমৰ লগতে আন পাঁচ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিছে।
অহা বছৰৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে বিশেষ নিৰ্দেশনা।
অসমৰ মুখ্য সচিবলৈ কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ প্ৰধান সচিব নৰেন্দ্ৰ এন বুটলিয়াই প্ৰেৰণ কৰা বিশেষ নিৰ্দেশনাত অসমক নিৰ্বাচনৰ বাবে সাজু কৰি তোলাৰ নিৰ্দেশ দিয়াৰ লগতে আমোলা-কৰ্মচাৰীৰ বদলি আদিৰ ক্ষেত্ৰত কেতবোৰ বিশেষ নিৰ্দেশনা দিছে।
সেই মৰ্মে কোনো আমোলা-বিষয়াক তেওঁৰ গৃহ জিলালৈ বদলি কৰিব নোৱাৰিব অথবা গৃহ জিলাত নিয়োজিত কৰি ৰাখিব নোৱাৰিব।
কোনো আমোলা-বিষয়াক তেওঁৰ গৃহ জিলাত তিনি বছৰতকৈ বেছি দিন নিয়োজিত কৰি ৰাখিব নোৱাৰিব।
যিসকল আমোলা-বিষয়াৰ বিৰুদ্ধে ইতিপূৰ্বে নিৰআচন আয়োগে কৰ্তব্যত গাফিলতিৰ বাবে প্রশাসনিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দি থৈছে অথবা যিসকল আমোলা-বিষয়াই পূৰ্বে নিৰ্বাচনী কৰ্তব্য পালনত গাফিলতি কৰি শাস্তিৰ সন্মুখীন হৈছে তেনে বিষয়াক পুনৰ নিৰ্বাচনী কামত নিয়োজিত কৰিব নোৱাৰিব।
যিসকল আমোলা-বিষয়াই অহা ৬ মাহৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব তেনে বিষয়াকো নিৰ্বাচনী কামত নিয়োজিত কৰিব নোৱাৰিব।
২০১৯ চনৰ লোক সভাৰ নিৰ্বাচনত যিসকল আমোলা-বিষয়াক নিৰ্বাচনৰ কামত লগোৱা হৈছিল তেওঁলোককো নিৰ্বাচনী কামৰ পৰা ৰেহাই দিব পৰা যাব।