NORTHEAST NOW (Assamese)

ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা; ২১ মে’ত অধিসূচনা

May 15, 2019 2:12 pm · এন ই নাও নিউজ

 

অসমত খালী হ’ব লগীয়া ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কুচকাৱাজ চলাইছে নিৰ্বাচন আয়োগে।

নিৰ্বাচন আয়োগৰ সূত্ৰই জনাইছে যে অহা ১৪ জুনত অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ কাৰ্য্যকাল অন্ত পৰিব। খালী আসন দুখনৰ বাবে ৭ জুনত (শুকুৰবাৰ) নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি নিৰ্বাচন আয়োগৰ এটা প্ৰে’ছ টোকাত কোৱা হৈছে।

নিৰ্বাচনৰ সংক্ষিপ্ত কাৰ্য্যসূচী তলত দিয়া ধৰণৰ:-

  • ২১ মে’ত অধিসূচনা জাৰি কৰা হ’ব।
  • ২৮ মে’ত মনোনয়ন পত্ৰ দিয়াৰ অন্তিম তাৰিখ।
  • ২৯ মে’, অৰ্থাৎ পিছদিনাই মনোনয়ন পত্ৰ পৰীক্ষা।
  • ৩১ মে’ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন।
  • ৭ জুন (শুকুৰবাৰ)ত নিৰ্বাচন (পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ)।
  • ৭ জুন, অৰ্থাৎ একেদিনাই সন্ধিয়া ৫ বজাত ভোটগণনা।

নিৰ্বাচন আয়োগৰ প্ৰে’ছ টোকাটোত জানিবলৈ দিয়া মতে, ভোটদানৰ সময়ত কেৱল নিৰ্বাচনী বিষয়াই যোগান ধৰা ভায়লেট ৰঙৰ স্কেচ্ছ কলমেৰেহে ভোটদান কৰিব পাৰিব। অন্য কলম ব্যৱহাৰ কৰিব নোৱাৰিব।

Related News