• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূৰ্বতে গ্ৰেছ মাৰ্ক দিয়াৰ বাবে অধিক সংখ্যকে লাভ কৰিছিল ‘লেটাৰ’ আৰু ‘ষ্টাৰ’ মাৰ্ক : শিক্ষা মন্ত্ৰী

এইবাৰ ছাত্ৰ-ছাত্ৰীৰ সঠিক মূল্যায়ন কৰিবলৈ দিয়া হোৱা নাই গ্ৰেছ মাৰ্ক, সেয়েহে কমিছে লেটাৰ-ষ্টাৰ মাৰ্ক লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা : শিক্ষা মন্ত্ৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 15, 2019 3:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘পূৰ্বতে ‘গ্ৰেছ’ অথবা ‘মদাৰেশ্যন’ মাৰ্ক দিয়াৰ বাবে অধিক সংখ্যক শিক্ষাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল ‘লেটাৰ’ আৰু ‘ষ্টাৰ’ মাৰ্ক। কিন্তু এইববাৰ সেই ‘মাৰ্ক’ দিয়া হোৱা নাই বাবে কমিছে ‘লেটাৰ-ষ্টাৰ’ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা’’। ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পাছতে মহানগৰীৰ বামুনী মৈদামস্থিত ‘ছেবা’ৰ মুখ্য কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি এই অদ্ভুত মন্তব্য আগবঢ়াই অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

সংবাদমেলখনত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় ‘‘আগৰ বছৰ বিলাকত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত যিখিনি নম্বৰ পালে তাৰ ওপৰত তেওঁলোকক গ্ৰেছ মাৰ্ক অথবা মদাৰেশ্যন মাৰ্ক দিয়া হৈছিল। ছাত্ৰ-ছাত্ৰীৰ সঠিক মূল্যায়ন কৰিবলৈ হ’লে গ্ৰেছ মাৰ্ক দিব নালাগে। এইবাৰ আমি কাকো এক নম্বৰো গ্ৰেছ মাৰ্ক বা মডাৰেচন মাৰ্ক দিয়া নাই। পৰীক্ষাত লিখি যিখিনি নম্বৰ পাইছে সেইখিনিহে মাৰ্কশ্বিটত লিপিবদ্ধ হৈছে’’।‘

Apply Now

ভট্টাচাৰ্য্যৰ মতে চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমত লেটাৰ মাৰ্ক আৰু ষ্টাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমা সন্দৰ্ভত এনেদৰে নিজৰ অপাদ মস্তকৰে বিশ্লেষণ কৰি ওপৰত উল্লেখিত সিদ্ধান্তত উপনীত হৈছে অসমৰ শিক্ষা মন্ত্ৰীগৰাকী।

উল্লেখ্য যে, ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ  ১,৩২,৬৬৮ গৰাকীয়ে পৰীক্ষাৰ্থীয়ে লেটাৰ মাৰ্ক লাভ কৰাৰ বিপৰীতে এইবাৰ ১,১৫,৬৪২ গৰাকীয়ে লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হয়। একেদৰে বিগত বৰ্ষত ১৪ হাজাৰ পৰীক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছিল যদিও এইবাৰ ১১৩২৬ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে।

বিগত বৰ্ষৰ তুলনাত এইবাৰ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় ১৭ হাজাৰ কমিছে তথা ষ্টাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় ৩ হাজাৰ কমিছে।

এনেদৰে বিগত বৰ্ষৰ ফলাফলৰ লগত এই বৰ্ষৰ ফলাফল তুলনা কৰিবলৈ গৈ এনেদৰে শিক্ষা মন্ত্ৰীগৰাকীৰ অদ্ভুত যুক্তি দাঙি ধৰা কথাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

প্ৰকৃত অৰ্থত, কোনো ছাত্ৰ-ছাত্ৰীৰ এটা বা দুটা বিষয়ত দুই-এক নম্বৰ বা সৰ্বোচ্ছ পাঁচ নম্বৰ কমিলে অন্য বিষয়ৰ পৰা কিছু নম্বৰ আনি সংযোজন কৰাৰ এক নিয়ম আছে। এনে পৰিপ্ৰেক্ষিতত ‘লেটাৰ’ নাইবা ‘ষ্টাৰ মাৰ্ক’ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত তেনে নিয়ম প্ৰযোজ্য হোৱাৰ কোনো কথা আহি নপৰে।

তাৰোপৰি, বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছৰ পৰা উত্তীৰ্ণৰ হাৰ কমি যোৱাটো ছাত্ৰ-ছাত্ৰীসকলক গ্ৰেছ মাৰ্ক নিদিয়াটোৱেই অন্যতম কাৰণ বুলি প্ৰাক্তন শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে উল্লেখ কৰিছিল।

এনে পৰিপ্ৰেক্ষিপ্তত ‘এই লেটাৰ আৰু ষ্টাৰ মাৰ্ক লাভ কৰাটো ছাত্ৰ-ছাত্ৰীৰ সঠিক মুল্যায়ন হৈছে বুলি ভাবো। কাৰোবাক ৫ নম্বৰ এটা বেছি দিয়াৰ লগে লগে সেইটো ষ্টাৰ মাৰ্ক বা লেটাৰ মাৰ্কলৈ আওতালৈ যাব পাৰে।‘ বুলি আগবঢ়োৱা অদ্ভুত যুক্তিয়ে উদঙাইছে ‘শিক্ষাৰ প্ৰকৃত নমুনা।‘

আনহাতে,  একেখন সংবাদমেলতে ৭০০০ চৰকাৰী-ব্যক্তিগত মাধ্যমিক বিদ্যালয়ৰ ভিতৰত ৪৯১ খনেহে ১০০ শতাংশ উত্তীৰ্ণৰ মৰ্য্যদা পাবলৈ সক্ষম হোৱা বুলি ভট্টাচাৰ্য্যই উল্লেখ কৰে।

‘ৰাজ্যত ৭ হাজাৰ চৰকাৰী-ব্যক্তিগত উচ্চ মাধ্যমিক বিদ্যালয় আছে। তাৰ ভিতৰত ৪২৩৪ খন চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু ২৭৬০ খন ব্যক্তিগত শিক্ষানুষ্ঠান। ৭০০০ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত ৪৯১ খন বিদ্যালয়তহে ১০০ শতাংশ উত্তীৰ্ণ হৈছে। তাৰ ভিতৰত ৬৫ খন চৰকাৰী বিদ্যালয়ৰ ১০০ শতাংশ উত্তীৰ্ণ হৈছে বুলি সংবাদমেলত তথ্য দাঙি ধৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

অৱশ্যে ১০০ শতাংশ উত্তীৰ্ণ হোৱা ৪৯১ খন বিদ্যালয়ৰ ভিতৰত ৬৫ খন চৰকাৰী বিদ্যালয় অন্তৰ্ভূক্ত হোৱা বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে অত্যন্ত সুখী বুলি কয় আৰু চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী বিদ্যালয় সমূহে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বুলি তেওঁ দাবী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd