• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমবাৰীত চলি আছে সাধাৰণ পৰিষদৰ সভা : সিদ্ধান্ত হ’ব প্ৰফুল্ল কুমাৰ মহন্তৰ বিষয়ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 15, 2019 1:59 pm
prafulla-kumar

প্রাক্তন মুখ্য মন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৩ মে’ত বিধায়িনী দলৰ বৈঠক আৰু ১৪ মে’ত বৰ্ধিত কাৰ্য্য নিৰ্বাহক বৈঠকৰ পাছতে আজি আমবাৰীস্থ অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ আছে অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা। এই সভাতে চূড়ান্ত হ’ব অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নিৰ্বাচনৰ পূৰ্বে কৰা ‘দল বিৰোধী’ কাৰ্য্যৰ ‘চূড়ান্ত সিদ্ধান্ত’।

মঙলবাৰৰ বৰ্ধিত কাৰ্য নিৰ্বাহক বৈঠকৰ পাছতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কয় অগপৰ সাধাৰণ সম্পাদক কমলা কলিতাই।

Apply Now

‘এই বিষয়টো কাৰ্য্য নিৰ্বাহকত আলোচনা হৈছিল। সাধাৰণ পৰিষদত বিষয়টো উত্থাপন হ’ব। তেওঁৰ পৰা উত্তৰ জানিব বিচৰাত বিষয়টো তেওঁ নিজে স্পষ্ট কৰিছে। তেওঁ যিখিনি কথা কৈছে সেইখিনিৰ ওপৰতো আলোচনা হ’ব। আলোচনাৰ পাছত সাধাৰণ পৰিষদৰ সিদ্ধান্তই মূল সিদ্ধান্ত হ’ব’। প্ৰফুল্ল কুমাৰ মহন্তৰ উপস্থিতিতে বৈঠকত এই প্ৰসংগই স্থান পোৱা বুলি জানিবলৈ দি সাংবাদিকৰ আগত এইদৰে কয় কলিতাই।

উল্লেখ্য যে, প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে নিজে ভোটদানৰ পৰা বিৰত থকাৰ লগতে অগপ-বিজেপিৰ মিত্ৰজোঁটৰ কোনো প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা নাছিল। ইয়াৰ উপৰি কেব বিৰোধী শক্তিক ভোট দিবলৈ আহ্বান জনাইছিল। এই প্ৰসংগত আজি বিস্তৃত ৰূপত আলোচনা হ’ব বুলি জানিব পৰা গৈছে।

ইপিনে, মঙলবাৰৰ বৈঠকত উপস্থিত থকা মহন্তক কংগ্রেছক ভোট দিবলৈ আহ্বান জনোৱা বুলি তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধাত তেওঁ কয়, ‘অনুশাসন ভংগ কৰিছোঁ নে নাই সেয়া দলে বিবেচনা কৰিব। অনুশাসন ভংগ কৰা হেঁতেন মিডিয়াত ওলাল হেঁতেন’।

আনহাতে, পূৰ্বতে অগপ-বিজেপিৰ মিত্ৰতাক ক্ষুৰধাৰ সমালোচনা কৰা মহন্তই এই সন্দৰ্ভত ‘সংবাদ মাধ্যমৰ আগত নকওঁ’ বুলিহে মন্তব্য কৰিছিল।

আনহাতে, কিছুমান জিলা পৰ্য্যায়ৰ অগপ সদস্যই দল বিৰোধী কাৰ্য্যত নিৰ্বাচনৰ সময়ত লিপ্ত হৈছিল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কমলা কলিতাই কয় ‘এই সম্পৰ্কে যিসমূহ প্ৰতিবেদন লাভ কৰা হৈছে সেই সমূহৰ ওপৰত পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।‘

উল্লেখ্য যে, বিজেপিৰে মিত্ৰতাৰ বিৰোধিতা কৰি অগপৰ কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্য হৰেশ ভূঞা, প্ৰণৱ গোস্বামী, বীৰেন শৰ্মাৰ উপৰি বহুতো নেতা ইতিমধ্যে দলৰ পৰা বহিষ্কৃত হ’ব লগীয়া হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd