NORTHEAST NOW (Assamese)

জ্যেষ্ঠ নাগৰিক-বিশেষভাৱে সক্ষম লোকৰ ভোটদানক লৈ মাজুলীত নিৰ্বাচন বিভাগৰ বৈঠক

March 15, 2019 7:45 pm · মিটু খাটনিয়াৰ
Updated: March 15, 2019 7:47 pm

লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলী বিধানসভা সমষ্টিতো অহা ১১ এপ্ৰিলত হ’ব লগা নিৰ্বাচনত জিলাখনৰ সকলো স্তৰৰ ভোটাৰ ৰাইজে যাতে  নিজৰ মতাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ আধাৰত মাজুলী জিলা নিৰ্বাচন বিভাগে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

আয়োগৰ ‘সকলোৰে বাবে সুষম নিৰ্বাচন’ শীৰ্ষক বিশেষ পদক্ষেপৰ অংশ হিচাপে মাজুলীৰ ১৬৪টা ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰতিটোতে বিশেষ ভাৱে সক্ষম ভোটাৰ আৰু অতি বয়সীয়াল ভোটাৰসকলক ভোটদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদানৰ লগতে সহযোগিতা আগবঢ়োৱাৰ বাবে জিলা নিৰ্বাচন বিভাগে জিলা সমাজকল্যাণ বিভাগৰ সহযোগত প্ৰয়াস আৰম্ভ কৰিছে।

এই দিশটো তদাৰক কৰিবলৈ জিলা নিৰ্বাচন বিষয়াৰ অধীনত গঠিত ‘সকলোৰে বাবে সুষম নিৰ্বাচন বিষয়ক জিলাস্তৰীয় পৰামৰ্শদাতা সমিতি’ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।

সভাত অতিৰিক্ত উপায়ুক্ত নৰেণ দাস আৰু নিৰ্বাচন বিষয়া মগেন নৰহে প্ৰতিটো ভোটকেন্দ্ৰতে বিশেষভাৱে সক্ষম লোকৰ বাবে সমাজ কল্যাণ বিভাগৰ জৰিয়তে হুইল-চেয়াৰৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে। লগতে কয় যে বিশেষভাৱে সক্ষম আৰু বয়োজ্যেষ্ঠ ভোটাৰসকলক ভোটদান কেন্দ্ৰৰ ভিতৰলৈ গৈ মতাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত অলপো ৰ’ব লগা নোহোৱাকৈ অগ্ৰাধিকাৰপ্ৰাপ্ত ভোটাৰ ৰূপে ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ দলে গণ্য কৰি প্ৰয়োজনীয় ব্যৱস্থা ল’ব বুলি সকলোকে অৱগত কৰে।

তাৰোপৰি প্ৰয়োজন অনুসাৰে এনে অগ্ৰাধিকাৰপ্ৰাপ্ত ভোটাৰসকলক সহায়ৰ বাবেও জিলা নিৰ্বাচন বিভাগে ভোটকেন্দ্ৰ সমূহত ব্যৱস্থা ল’ব।

Related News