• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিহাৰৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে! বাদ পৰিল প্ৰায় ৪৭ লাখ নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2025 8:41 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিশেষ কঠোৰ পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত মঙলবাৰে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে নিৰ্বাচন আয়োগে। নতুন তালিকাত প্ৰায় ৪৭ লাখৰ নাম বাদ পৰিছে।

বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এই তথ্য প্ৰদান কৰে। ভোটাৰসকলে আয়োগৰ ৱেবছাইট (voters.eci.gov.in)ত গৈ ৩০ ছেপ্টেম্বৰত প্ৰকাশিত তালিকাখন পৰীক্ষা কৰিব পাৰিব।

Apply Now

চৌবিশ জুনলৈকে বিহাৰত ভোটাৰৰ সংখ্যা আছিল ৭.৮৯ কোটি।

খচৰা তালিকা প্ৰকাশৰ সময়ত ৬৫ লাখৰো অধিক নাম বাদ দি ভোটাৰৰ সংখ্যা আছিল ৭.২৪ কোটি।

তাৰ পিছত দাবী আৰু আপত্তিৰ ভিত্তিত ২১.৫৩ লাখ নতুন নাম সংযোজন আৰু আৰু ৩.৬৬ লাখ নাম বাদ দিয়া হয়।

চূড়ান্ত তালিকাত বিহাৰত ৩০ ছেপ্টেম্বৰলৈকে ভোটাৰৰ সংখ্যা আছিল ৭.৪২ কোটি।

কেৱল পাটনা জিলাতহে বৃদ্ধি পালে ভোটাৰৰ সংখ্যা। আগষ্টৰ খচৰা তালিকাত পাটনাত ৪৬,৫১,৬৯৪ জন ভোটাৰ আছিল। পুনৰীক্ষণৰ পিছত সেই সংখ্যা ৪৮,১৫,২৯৪ লৈ বৃদ্ধি পাইছে। অৰ্থাৎ ১,৬৩,৬০০ ভোটাৰ বৃদ্ধি।

ইতিমধ্যে এই ব্যাপক নাম বাদ পৰাৰ সন্দৰ্ভত বিৰোধী সৰৱ হৈ পৰিছে। তেওঁলোকৰ অভিযোগ যে দৰিদ্ৰ আৰু সংখ্যালঘু ভোটাৰক লক্ষ্য কৰি প্ৰণালীবদ্ধভাৱে ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু আৰজেডি নেতা তেজস্বী যাদৱে এই প্ৰক্ৰিয়াক পোনপটীয়াকৈ “ভোট চুৰি” বুলি অভিহিত কৰিছে। লগতে যৌথভাৱে আৰম্ভ কৰিছে “ভোট অধিকাৰ যাত্ৰা” কাৰ্যসূচী।

এই গোচৰটো ইতিমধ্যে উচ্চতম ন্যায়ালযৰ মজিয়াত আছে। ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মল্য বাগচিয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে বিসংগতি প্ৰমাণিত হ’লে আয়োগে ভোটাৰ তালিকা বাতিল কৰিবলৈ কুণ্ঠাবোধ নকৰে। তেওঁলোকে জোৰ দিছিল যে গণ বৰ্জনৰ পৰিৱৰ্তে গণ অন্তৰ্ভুক্তি কৰা উচিত। এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ৭ অক্টোবৰত।

আনহাতে বিজেপি আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এই পুনৰীক্ষণ প্ৰক্ৰিয়াৰ পোষকতা কৰিছে। তেওঁলোকে কয় যে এই প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা “অনুপ্ৰৱেশকাৰী”ৰ নাম আঁতৰাই দিয়া হৈছে, যাক বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে সুৰক্ষা দিবলৈ চেষ্টা কৰিছে।

উল্লেখ্য যে অহা ৪-৫ অক্টোবৰত বিহাৰ ভ্ৰমণলৈ গৈ আছে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু দুজন আয়ুক্ত। ইয়াৰ পূৰ্বে ৩ অক্টোবৰত দিল্লীত নিৰ্বাচনী পৰ্যবেক্ষকৰ বৈঠক অনুষ্ঠিত হ’ব।সূত্ৰ অনুসৰি ৬ বা ৭ অক্টোবৰৰ ভিতৰত নিৰ্বাচনৰ সময়সূচী ঘোষণা হ’ব পাৰে।লক্ষনীয় যে বিহাৰ বিধানসভাৰ বৰ্তমানৰ কাৰ্যকাল ২২ নৱেম্বৰত শেষ হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd