এন পি পিক ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি প্ৰদান কৰিব নিৰ্বাচন আয়োগে

NPP-1-768x480

প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতীয় নিৰ্বাচন আয়োগে অতি শীঘ্ৰে মেঘালয়ৰ শাসনাধিষ্ঠ দল নেশ্যনেল পিপলছ পাৰ্টি চমুকৈ এন পি পিক ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি প্ৰদান কৰিব।

এটা ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাবৰ বাবে যি সমূহ কাৰকৰ প্ৰয়োজন সেই কাৰক সমূহ সদ্য সমাপ্ত অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৫ খন আসন দখল কৰাৰ পিছতে এন পি পি দলে আহৰণ কৰা বুলি নিৰ্বাচন আয়োগৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়ে।

এইটো সপ্তাহতে নিৰ্বাচন আয়োগে এন পি পি দলক ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি প্ৰদান কৰাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা পাবলৈ এন পি পিয়ে পূৰ্বতে আবেদন কৰি থোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। যদিহে এই কথা কাৰ্যত পৰিণত হয় তেন্তে এন পি পি হ’ব উত্তৰ-পূবৰ প্ৰথমটো সৰ্বভাৰতীয় পৰ্যায়ৰ দল।

বৰ্তমান এন ডি এ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অংশদাৰী এন পি পি দলটো ২০১৩ চনৰ জানুৱাৰি মাহত লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ আগিতোক চাংমাৰ নেতৃত্বত গঠন হৈছিল।

গাৰো সম্প্ৰদায়ৰ বৰ্ষীয়ান নেতা তথা উত্তৰ-পূবৰ অন্যতম প্ৰভাৱশালী সাংসদ গৰাকীয়ে নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ পৰা ওলাই আহিয়েই এন পি পি দলৰ জন্ম দিছিল।

এন পি পি দলৰ জন্মৰ পিছতে দলটোৱে প্ৰথম সফলতা লাভ কৰে ৰাজস্থানত। ২০১৩ চনৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা ৰাজস্থান বিধানসভা নিৰ্বাচনত দলটোৱে কিৰোদি লাল মীনাৰ নেতৃত্বত অৱতীৰ্ণ হৈ মুঠ চাৰিখন আসন লাভ কৰিছিল।

উল্লেখ্য যে শেহতীয়া অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৫টা সমষ্টি দখল কৰা উপৰি মেঘালয়ত এন পি পি সৰ্ববৃহৎ দল হিচাপে পৰিচিত। ৬০জনীয়া সদস্যৰে গঠিত মেঘালয় বিধানসভাৰ ২১ জন সদস্য এন পি পিৰ। বৰ্তমান দলটোৰ মুৰব্বী হৈছে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড কে চাংমা।

ইয়াৰ উপৰি চাৰিজন বিধায়কেৰে মণিপুৰতো দলটো বেচ শক্তিশালী। মণিপুৰৰ উপ মুখ্য মন্ত্ৰীৰ দায়িত্বতো আছে এন পি পিৰে ৱাই জয়কুমাৰ সিং। আনহাতে নাগালেণ্ডতো দলটো ৰাজ্যিক স্বীকৃতপ্ৰাপ্ত দল।

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিয়মানুৱলী অনুসৰি এটা দলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিৰ বাবে অতি কমেও চাৰিখন ৰাজ্যত ৰাজ্যিক দল হিচাপে স্বীকৃতি পাব লাগিব।

এই পৰ্যন্ত ভাৰতত ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত দল আছে ৭টা। ইয়াৰে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভ কৰিছিল।

ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভ কৰাৰ লগে লগে দলটোৰ নিৰ্বাচনী প্ৰতীক চিহ্ন ভাৰতৰ কোনো ঠাইতে কোনো দলে গ্ৰহণ কৰিব নোৱাৰে। এন পি পি দলৰ প্ৰতীক চিহ্ন হৈছে কিতাপ।

উল্লেখণীয় যে যদিহে কোনোবা দলে নতুনকৈ ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি পাই তেন্তে সেই দলৰ কাৰ্যালয় নতুন দিল্লীত স্থাপন বা নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ভূমি বা বিল্ডিং আৱণ্টন দিয়া হয়।