যোৰহাটৰ বিজেপি প্ৰাৰ্থীৰ ছবি সম্বলিত বৃহৎপৰিমাণৰ এল ই ডি বাল্ব কঢ়িয়াই অনা ট্ৰাক জব্দ

263da010-8c87-4166-b2f4-a9f70c7b0a28

নিৰ্বাচন বিভাগৰ বিষয়াই জব্দ কৰা বাল্বখিনি। ফটো : নৰ্থইষ্ট নাও

যোৰহাট নগৰৰ মাজ মজিয়াত শুকুৰবাৰে বিজেপি প্ৰাৰ্থীৰ ছবি সম্বলিত বৃহৎ পৰিমাণৰ এল ই ডি বাল্ব জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এম পি-০৭ এইছ বি-৫০৯১ নম্বৰৰ এখন ট্ৰাকত কঢ়িয়াই অনা বাল্বখিনি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৎপৰতাত নিৰ্বাচন বিভাগে জব্দ কৰে।

উল্লেখযোগ্য যে জব্দ কৰা বাল্বখিনিত আসন্ন লোকসভা নিৰ্বাচনৰ যোৰহাটৰ বিজেপি প্ৰাৰ্থী ৰাজ্যৰ শক্তিমন্ত্ৰী তপন কুমাৰ গগৈ আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ছবি লগোৱা আছে। ট্ৰাকখনত মুঠতে ৯৫৫টা কাৰ্টুনত সৰ্বমুঠ ৯১,৬৮০ টা বাল্ব আছে।

জানিব পৰা মতে, শুকুৰবাৰে বিয়লি পাঁচ মান বজাত যোৰহাটৰ ন-আলিত থকা উজনি অসম বিদ্যুৎ বিতৰণ কোম্পানীৰ যোৰহাট সংমণ্ডলৰ কাৰ্যালয়ত বাল্ব ভৰ্তি ট্ৰাকখন প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একাংশ কৰ্মকৰ্তাই প্ৰত্যক্ষ কৰে।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যৰ সহযোগত নিৰ্বাচন বিভাগে জব্দ কৰা ট্ৰাকখন। ফটো : নৰ্থইষ্ট নাও

তেওঁলোকে ট্ৰাকখন ৰখাই ট্ৰাকখনৰ কৰ্মচাৰীক সোধা-পোছা কৰাৰ লগতে নথি-পত্ৰ চাব বিচাৰে। কিন্তু কৰ্মচাৰীকেইজনে বাল্বখিনি সৰবৰাহ কৰাৰ কোনো নথি-পত্ৰ দেখুৱাব নোৱাৰিলে। তাৰ পাছতে যুৱ ছাত্ৰৰ কৰ্মকৰ্তাই জিলা প্ৰশাসন আৰু নিৰ্বাচন বিভাগক বিষয়টো অৱগত কৰে।

কিছুসময় পাছতে যোৰহাট পূব ৰাজহ চক্ৰ বিষয়া আৰু নিৰ্বাচন বিভাগৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ বাল্বখিনি জব্দ কৰে।

ইপিনে, যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰণৱজ্যোতি শইকীয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেৱজিৎ হাজৰিকাই নিৰ্বাচনী আচৰণ-বিধি বলবৎ হৈ থকা অৱস্থাত কোনো ধৰণৰ সামগ্ৰী কঢ়িয়াব আৰু বিতৰণ কৰিব নোৱাৰে বুলি দাবী কৰে।

যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ছবি সম্বলিত কাৰ্টনত এল ই ডি বাল্বসমূহ নিৰ্বাচনী আচৰণ-বিধি বলবৎ হৈ থকা সময়তে যোৰহাট বিদ্যুৎ সংমণ্ডললৈ অনাৰ ঘটনাই বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।