• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত ৰাজনৈতিক দলৰে বৈঠকত বহিল নিৰ্বাচনী পৰ্যবেক্ষক লালচান্দ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 6, 2019 7:38 am
IMG-20190404-WA0017
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত উত্তৰপৰীয়া ছটা বিধানসভা সমষ্টিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে দায়িত্ব দিয়া সাধাৰণ পৰ্যবেক্ষক সূৰ্যমণি লালচান্দে শুকুৰবাৰে মাজুলীত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়।

বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগতে মাজুলীত আহি উপস্থিত হোৱা নিৰ্বাচন পৰ্যবেক্ষকগৰাকীয়ে গড়মূৰত থকা আৱৰ্ত ভৱত নিশাটো বাহৰ পাতি শুকুৰবাৰে পুৱা আৱৰ্ত ভৱনতে কংগ্ৰেছ, বিজেপি আৰু অগপ দলৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হৈ অহা ১১ এপ্ৰিলত হ’ব লগা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্দৰ্ভত দলসমূহৰ কোনো আশংকা আছে নেকি, সেই বিষয়ে অকলে বুজ লয়।

Apply Now

মাজুলী জিলাতো সম্পূৰ্ণ মুক্ত আৰু নিকা বাতাবৰণৰ মাজত এইবাৰৰ নিৰ্বাচন সম্পন্ন কৰিবলৈ ইতিমধ্যে নিৰ্বাচন আয়োগৰ হৈ তেওঁ নিজে সকলো দিশতে চোকা নজৰ ৰখা বুলি আশ্বস্ত কৰি পৰ্যবেক্ষক লালচান্দে এইক্ষেত্ৰত কোনোধৰণৰ বিসংগতি পৰিলক্ষিত হ’লে পোনপটীয়াকৈ তেওঁক অৱগত কৰিবলৈ ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলক আহ্বান জনায়।

সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে পুৱাৰ ভাগতে কমলাবাৰী ঘাটলৈ গৈ অহা ৯ এপ্ৰিলত আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিৰ দুৰ্গম ভোটকেন্দ্ৰসমূহলৈ ভোটগ্ৰহণৰ বাবে যাব লগা প্ৰিজাইডিং-পোলিং বিষয়াসহ ভোটগ্ৰহণকাৰী দলৰ বাবে সাজু কৰা যাতায়তী ব্যৱস্থাৰো আভাস লয়।

ইয়াৰ পাছতে তেওঁ ১নং কমলাবাৰী প্ৰাথমিক বিদ্যালয়ত সোমাই তাত থকা মাজুলীৰ ৪৯নং ভোটকেন্দ্ৰটো পৰিদৰ্শন কৰে। ভোটকেন্দ্ৰটোত ভোটাৰৰ বাবে থাকিব লগা ন্যূনতম সা-সুবিধাৰাজি নিৰীক্ষণ কৰাৰ লগতে কেন্দ্ৰটোৰ দায়িত্বত থকা ছেক্টৰ বিষয়া আৰু বিদ্যালয় প্ৰধানৰ সৈতে পৰ্যবেক্ষক লালচান্দে মত বিনিময় কৰে।

ইয়াৰ পাছতে তেওঁ গড়মূৰলৈ ঘূৰি আহি উপায়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা বিভিন্ন নিৰ্বাচনী কোষৰ কোঠা পৰিদৰ্শন কৰাৰ লগতে উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া দেৱপ্ৰসাদ মিশ্ৰ, অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) চিন্ময় নাথ, নিৰ্বাচন বিষয়া মগেন নৰহ আৰু একাধিক নিৰ্বাচন কোষৰ তত্বাৱধায়কৰ পৰা নিৰ্বাচনী প্ৰস্তুতিৰ বিষয়ে বুজ লয়।

পৰ্যবেক্ষক লালচান্দে আদৰ্শ আচৰণবিধি সম্পৰ্কীয় অভিযোগ অনলাইনযোগে তাৎক্ষণিকভাৱে নিষ্পত্তিৰ বাবে নিৰ্বাচন আয়োগে এইবাৰৰ পৰা প্ৰৱৰ্তন কৰা ‘চি-ভিজিল’ৰ দায়িত্বত থকা নিৰ্বাচন কোষৰো কামকাজ পৰিদৰ্শন কৰে। ইফালে, পৰ্যবেক্ষক গৰাকীয়ে যোৱা নিশা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত চলি থকা ইভিএম-ভিভিপেটৰ কমিছনিং প্ৰক্ৰিয়া নিৰীক্ষণ কৰে।

পৰিদৰ্শনকালত মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া মিশ্ৰই পৰ্যবেক্ষকগৰাকীক সংগ দিয়ে। বৃহস্পতিবাৰে সন্ধিয়া ৫.৩০ বজাত মাজুলীত আহি উপস্থিত হোৱা সাধাৰণ পৰ্যবেক্ষক লালচান্দে  উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত চলি থকা দ্বিতীয় দিনাৰ ইভিএম-ভিভিপেট কমিছনিঙৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে।

ইপিনে, লখিমপুৰ সংসদীয় সমষ্টিত শান্তিপূৰ্ণ আৰু ভয়-ভীতি মুক্ত বাতাবৰণৰ মাজত ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হোৱাটো নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগে আৰক্ষী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া উত্তৰাখণ্ডৰ জ্যেষ্ঠ আই পি এছ বিষয়া কেৱল খুৰানাও যোৱা নিশা মাজুলীত আহি উপস্থিত হয়।

তিনিচুকীয়াৰ পৰা আহি বৃহস্পতি বাৰে নিশাই জিলা সদৰ গড়মূৰত পদাৰ্পন কৰিয়েই তেওঁ মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া দেৱপ্ৰসাদ মিশ্ৰ আৰু আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ সৈতে অহা ১১ এপ্ৰিলৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ শান্তিপূৰ্ণ ভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে যুগুতোৱা পৰিকল্পনা আৰু আগতীয়া কাৰ্যব্যৱস্থাৰ বিষয়ে আলোচনা কৰে।

আৰক্ষী পৰ্যবেক্ষক খুৰানাই মাজুলীৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জিলাখনৰ আৰক্ষী বিষয়াসকলৰ সৈতেও বৈঠক অনুষ্ঠিত কৰি মাজুলীৰ প্ৰতিটো চুক-কোণ সামৰি ভোটাৰ ৰাইজ নিৰাপত্তাক লৈ সম্পূৰ্ণ আশ্বস্ত  হ’ব পৰা বাতাবৰণ সুনিশ্চিত কৰিবলৈ আৰক্ষী অধীক্ষকসহ সকলো বিষয়াকে নিৰ্দেশ দিয়ে।

Tags: নিৰ্বাচন ২০১৯
মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd