• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী চমক! : অসমীয়া ভাষাত মেডিকেল কলেজৰ পাঠ্যক্রম কেনেকৈ সম্ভৱ?

প্ৰধান মন্ত্ৰীৰ ভাষণৰ পৰা বহুকেইটা বিষয় আঁতৰাই পুনৰবাৰ পিন্ধাই থৈ গ'ল নেকি ৰঙীণ চশমা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 7, 2021 8:48 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত মাতৃভাষাত হ’ব মেডিকেল কলেজ। অৰ্থ্যাৎ মাতৃভাষাতে অধ্যয়ন কৰিব পাৰিব চিকিৎসা বিজ্ঞানৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে। ঢেকিয়াজুলিত অসমমালা আঁচনি শুভাৰম্ভ কৰি ভাষণ প্ৰসংগত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰিছে।

তেওঁ কয় যে ৰাজ্যত অসমীয়া ভাষাতে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পৰাকৈ এখন মেডিকেল কলেজ থাকিব।ইয়াৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে অসমীয়া মাধ্যমত অধ্যয়ন কৰিব পৰাকৈ এখন প্ৰযুক্তিবিদ্যা মহাবিদ্যালয় স্থাপনৰ কথাও ঘোষণা কৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে।

Apply Now

এইখিনিতে প্ৰশ্ন উঠিছে, অসমীয়া ভাষাত কেনেকৈ সম্ভৱ হ’ব মেডিকেল কলেজত অধ্যয়ন? নে নিৰ্বাচনৰ পূৰ্বে এয়া একপ্ৰকাৰৰ চমক সৃষ্টি কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে? ইয়াৰোপৰি, বহিঃৰাজ্যৰ পৰা অহা অধ্যাপকসকলে কিদৰে অসমীয়া বিষয়ত শিক্ষাদান কৰিব ছাত্ৰ-ছাত্ৰীসকলক?

বিভিন্ন গৱেষণামূলক গ্ৰন্থ বা বিষয়সমূহ অসমীয়া ভাষাত উপলব্ধ হোৱাটো সহজলভ্য হ’ব নে? নে পূৰ্বে দেখুৱাই যোৱা বহু স্বপ্নৰ দৰেই এয়াও অসমবাসীৰ বাবে হ’ব নেকি এটা সপোন? বাস্তৱত অসমীয়া ভাষাত মেডিকেল কলেজ কিমান দূৰ সম্ভৱ তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ সাংসদ গৌৰৱ গগৈয়ে।

তেওঁ কয় ‘মোদীৰ এই ঘোষণা ফুলজাৰিৰ দৰে। এক ৰাতিৰ ভিতৰতে পাহৰি যাব। মানুহে ৰাতি শোৱাৰ সময়ত চিন্তা কৰিব, যিমানখিনি আয় মানুহৰ হ’ব লাগিছিল সেইখিনি এতিয়ালৈকে হোৱা নাই বা নিৱনুৱা সমস্যাও সমাধান হোৱা নাই। কোভিডৰ ভেকচিনৰ ক্ষেত্ৰত অসমৰ মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে কি কি গৱেষণা চলি আছে সেই কথা জানিব লাগে। যদি প্ৰধান মন্ত্ৰীৰ ঘোষণা ৰূপায়ণ হয় তেনেহ’লে হায়দৰাবাদৰ অধ্যাপকে ছাত্ৰ-ছাত্ৰীক অসমত আহি অসমীয়াত কেনেকৈ পঢ়াব সেইখিনি আগতীয়াকৈ জনাব লাগিছিল। তেওঁৰ এয়া নিৰ্বাচনী চমক তথা কথাৰ ফুলজাৰি।‘

ইপিনে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বক্তব্যৰ পৰা বহুকেইটা বিষয় এৰাই চলা বুলি গুৰুতৰ অভিযোগ তোলে যুৱ সাংসদগৰাকীয়ে। প্ৰধানতঃ বান গৰাখহনীয়া সমস্যাৰ কথা, নিযুক্তি কেলেংকাৰিৰ তদন্ত, চিণ্ডিকেটৰ প্ৰসংগ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি ইত্যাদি প্ৰসংগ এৰাই চলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

তেওঁ কয় ‘প্ৰধানমন্ত্ৰীগৰাকীয়ে ঢেকিয়াজুলি শোণিতপুৰ জিলাত গৈ বান-গৰাখহনীয়া সমস্যাক লৈ যিখিনি কথা ক’ব লাগিছিল সেইখিনি নক’লে। ঢেকিয়াজুলি, চতিয়া, তেজপুৰ, বৰচলাত বহুত বানপানীৰ সমস্যা আছে। তেওঁ না খাওঙ্গা, না খানে দুঙ্গা কোৱাৰ পাছতো কেনেদৰে কয়লা চিণ্ডিকেট, গৰু চিণ্ডিকেট, SI, APSC কেলেংকাৰিৰ চলি আছে সেই বিষয়েহে উল্লেখ কৰিব লাগিছিল।‘

এইবোৰ কথা উল্লেখ নকৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ মানুহক ৰঙীন চশমা পিন্ধাই থৈ গ’ল বুলিও গগৈয়ে কটাক্ষ কৰে।

মাতৃভাষাক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যেৰে মেডিকেল পাঠ্যক্ৰম অসমীয়াত আৰম্ভ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ’ব বিজেপি চৰকাৰৰ। কিন্তু অসমীয়া মাধ্যমত মেডিকেল পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ চৰকাৰে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব? তথা এয়া কেৱল প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ ৰ’ব নেকি? সেয়া সময়ত লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd